দুৰ্নীতি বনাম দালালৰাজ
ৰাজ্যত যে দালালৰাজৰ দপ্দপনি চলি আছে সেই কথা স্পষ্ট হ’ল মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপায়ুক্তসকলৰ সৈতে হোৱা আলোচনা কালত৷ ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়সমূহ যে দালালৰ ঘাটি হৈ পৰিছে সেই কথা মুখ্যমন্ত্ৰীৰ বক্তব্যতে স্পষ্ট হৈ পৰে৷ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ত সাধাৰণ লোকে কিবা কামৰ বাবে গ’লে সেইটো সমাধান কৰা সম্ভৱ নহয়; কিন্তু একেটা কামকে দালালৰ হতুৱাই কৰালে সোনকালে সমাধা হয়৷ আনকি মন্ত্ৰী হৈ থকা কালত ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজেই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ জৰিয়তেই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কাম সম্পাদন কৰিবলগীয়া হৈছিল বুলিও মঙলবাৰে প্ৰকাশ কৰে৷ চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলে দালালৰ সৈতে ধনৰ বিনিময় কৰি চৰকাৰী কাৰ্যালয়সমূহ কাৰ্যতঃ একোখন বজাৰত পৰিণত কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীক এক ঘণ্টা বেছিকৈ কাম কৰাৰ কথা কৈছে যদিও আজিও চৰকাৰী কাৰ্যালয়সমূহত সময় মতে কৰ্মচাৰী উপস্থিত নহয়৷ তদুপৰি ধন নাপালে কোনো কৰ্মচাৰীয়ে কামেই নকৰে৷ ৰাইজৰ সেৱাৰ বাবে নিযুক্তি লাভ কৰা সাধাৰণ একোজন কৰ্মচাৰীয়ে চাকৰি কালত কিদৰে সম্পত্তিৰ পাহাৰ গঢ়িছে, সেয়া ৰাইজে দেখিছে৷ ৰাইজৰ কৰ-কাটলৰ ধনেৰে চৰকাৰী নিয়ম মতে বেতন লাভ কৰি প্ৰতিটো কামৰ বাবে উপঢৌকন বিচৰা কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিয়ন্ত্ৰণ কৰিব পাৰিবনে? খোদ সচিবালয়তে তথ্য এটা পঞ্জীয়ন বহী বা কম্পিউটাৰত চাই দিয়াৰ বিনিময়ত ধন বিচৰা কৰ্মচাৰী থকাৰো বহু অভিযোগ আছে৷ এনে কৰ্মচাৰীয়ে ফাইলৰ কাম আগুৱাই নিবলৈ বজাৰ এখন সৃষ্টি কৰাৰ অভিযোগ পুৰণি৷ যদি মন্ত্ৰী-বিধায়ক আৰু ৰাজ্যৰ উচ্ছ পৰ্যায়ৰ বিষয়াৰে গিজ্গিজাই থকা সচিবালয়কে আজিপৰ্যন্ত দুৰ্নীতিমুক্ত কৰিব পৰা নাই, তেনেস্থলত ৰাজ্যৰ আন কাৰ্যালয়ত হোৱা দুৰ্নীতি ৰোধ কৰিব পাৰিবনে?
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা চৰকাৰে দালালক বিদায় দিব পাৰে, তেন্তে এয়া সঁচাকৈয়ে ড॰ শৰ্মাৰ কাৰ্যকালৰ এটা উল্লেখনীয় কামৰূপে পৰিগণিত হ’ব৷ কিন্তু এয়া সম্ভৱ হ’বনে? যি সময়ত মণ্ডল-কানন্গোই ধন নাপালে বিভিন্ন অজুহাত দেখুৱাই কাম পিছুৱাই থাকে, কাৰ্যালয় সহায়কে ধন নাপালে ফাইলৰ কামত হাতেই নিদিয়ে, তেনে অৱস্থাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ত সাধাৰণ হোজা মানুহৰ কাম সহজতে সম্পাদন হ’ব বুলি আশা কৰিব নোৱাৰি৷ কিয়নো দালালৰ লগত বিষয়া-কৰ্মচাৰীয়ে বুজাবুজিৰে নিৰীহ জনতাক হাৰাশাস্তি খুওৱাৰ অভিযোগো প্ৰায়েই শুনা যায়৷
ভূমি সংক্ৰান্তীয় দালালি বন্ধ কৰিব খোজাটো ভাল কথা৷ কিন্তু তাৰ বাবে প্ৰতিজন বিষয়া-কৰ্মচাৰী দুৰ্নীতিমুক্ত হ’ব লাগিব৷ কিয়নো সাধাৰণ হোজা লোক এজনৰ মাটি এডোখৰ কিনা-বেচাৰ নামত বা মাটিৰ শ্ৰেণী পৰিৱৰ্তনৰ নামত যি নগুৰ-নাকটি হয়, সেয়া ভুক্তভোগীয়েহে জানে৷ চৰকাৰৰ প্ৰতিখন আঁচনি, প্ৰতিটো কামে ৰাইজক আশা দেখুৱায় যদিও মূৰকত সকলো ফুটুকাৰ ফেনহে হয়৷ ‘দালালক গামোচা পিন্ধাই বিদায় দিয়া’ৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কিমান কাৰ্যকৰী হয়, সেই কথা সময়েহে ক’ব৷






