Logo
image

কাৰ ব্যৰ্থতাত ঘটিল নিমাতীৰ ঘটনা

যি সময়ত মাজুলীৰ বিধায়কজনে বিধায়ক পদ এৰি কেন্দ্ৰীয় জাহাজ আৰু জল পৰিবহণ মন্ত্ৰীৰ দায়িত্ব লৈছে, সেই সময়তে অসমৰ জল পৰিবহণৰ ইতিহাসত আটাইতকৈ বৃহৎ দুৰ্ঘটনাটো ঘটিল৷ মাজুলী-যোৰহাট বিপৰীতমুখী দুখন নাৱৰ মাজত ভৰ বাৰিষা মাজ নদীত হোৱা সংঘৰ্ষত এখন নাৱৰ যাত্ৰীৰ সলিল সমাধি ঘটিল৷ কিমান মানুহৰ মৃত্যু হৈছে সেই প্ৰশ্ন অবান্তৰ, কাৰণ এজন মানুহৰ জীৱন ৰক্ষা কৰাটোও চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে৷ ইয়াৰ পূৰ্বে ২০১৮ চনৰ ২৮ ডিচেম্বৰত ধুবুৰী-গোৱালপাৰৰ সংযোগস্থলত হোৱা নাও দুৰ্ঘটনাত বুৰ যোৱা নাওখনৰ দুগৰাকী ভগ্নীৰ মৃত্যু হোৱাৰ সময়ত ৰাজ্যখনৰ জল পৰিবহণৰ ক্ষেত্ৰত থকা আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে সকলোৱে আহ্বান জনাইছিল আৰু চৰকাৰৰ তৰফৰ পৰা তদন্ত কৰি উচিত পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছিল৷ কিন্তু সেইবোৰ যে সকলো ফুটুকাৰ ফেন আছিল সেই কথা ৮ ছেপ্টেম্বৰৰ নিমাতীৰ নাও দুৰ্ঘটনাই পুনৰ প্ৰমাণ কৰিলে৷ আচলতে অসমৰ জল পৰিবহণ বুলি ক’লে প্ৰধানত উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটী সংযোগী ফেৰীসেৱা আৰু মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱাকেই বুজা যায় যদিও গুৱাহাটীৰ ক্ষেত্ৰত আন উপায়সমূহো আছে৷ কিন্তু মাজুলীৰ মানুহৰ বহিঃবিশ্বৰ লগত সংযোগ স্থাপনৰ একমাত্ৰ আশা-ভৰসাৰ স্থল ফেৰী সেৱা৷ মাজুলীৰ নাও দুৰ্ঘটনাই কেইবাটাও প্ৰশ্নৰ অৱতাৰণা কৰিছে৷

জল পৰিবহণৰ দৰে বিপদসংকুল এক যাতায়াত ব্যৱস্থা পৰিচালনাৰ বাবে সঠিক নীতি-নিৰ্দেশনা আছেনে? যদি আছে, সেইবোৰ পালন কৰা হয়নে? এয়া তদন্তৰ বিষয়৷ ঘটনা এটা ঘটাৰ লগে লগে চৰকাৰ এখনে তদন্ত ঘোষণা কৰাটো অতি স্বাভাৱিক আৰু তাৎক্ষণিক পদক্ষেপ হিচাপে বিবেচিত হৈ আহিছে যদিও সময় বাগৰাৰ লগে লগে তদন্ত কি হ’ল, তদন্তৰ প্ৰতিবেদন দিয়া হ’লনে নাই, বা কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল– এই বিষয়বোৰ লাহে লাহে অন্ধকাৰ গহ্বৰলৈ গতি কৰে আৰু মানুহেও সেইবোৰলৈ অপেক্ষা নকৰি পুনৰ আগৰ ধৰণেৰেই স্বাভাৱিক হ’বলৈ যত্ন কৰে৷ নহ’লেযে তেওঁলোকৰ জীৱন নচলে!

মাজুলী-যোৰহাট সংযোগী জল পৰিবহণ ব্যৱস্থাত নাও নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাই৷ যাৰ যেতিয়াই মন গৈছে, যাৰ যেতিয়াই যাত্ৰী সম্পূৰ্ণ হৈছে, তেতিয়াই নিজৰ খেয়ালখুচিমতে নাৱৰ চালকে নাও এৰিব পাৰে৷ ফলত বিপৰীতমুখী বা একেমুখী বিভিন্ন পথৰ নাৱৰ মাজত সু-সমন্বয়ৰ অভাৱৰ অভিযোগ প্ৰায়ে শুনা যায়৷ আনহাতে, চৰকাৰে নিৰ্বাচনৰ সময়ত মাজুলীৰ মানুহৰ মন জয় কৰিবলৈ নানা আঁচনি ঘোষণা কৰে, কেতিয়াবা যদি নদী এম্বুলেঞ্চৰ কথা কয়, আন কেতিয়াবা ৰ’-ৰ’ জাহাজ চলোৱাৰ কথা কয়৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে এনেবোৰ আঁচনি উদ্বোধন হয় যদিও জনসাধাৰণে এই আঁচনিবোৰৰ কোনো সুফল যে নাপায় সেই কথা ৮ ছেপ্টেম্বৰৰ ঘটনাই প্ৰমাণ কৰিলে৷ কিছুমান ম্যাদ উকলা, আৰু কোনো মান নৰখাকৈ কেৱল মুনাফাৰ দিশটোৰ প্ৰতি লালায়িত ব্যক্তিগত নাৱৰ মালিকৰ ভৰসাত চলা নাও পৰিবহণে শতাধিক যাত্ৰীৰ জীৱন কাঢ়ি ল’লে৷

এই ঘটনা ঘটাৰ লগে লগে মানুহৰ স্বাভাৱিকভাৱেই মনত পৰিব ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতীন গাডকাৰীয়ে তেতিয়াৰ অসমৰ বিজেপি নেতৃত্বক লগত লৈ মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ দৃশ্য৷ সেই আঁচনিয়ে বিজেপিক অসমত শাসনৰ ক্ষেত্ৰত বিশেষ সুবিধা কৰি দিছিল, সৰ্বানন্দ সোণোৱালক মাজুলীৰ ৰাইজে বিপুল ভোটত জয়ী কৰাইছিল আৰু অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সোণোৱালৰ সাকাৰ হৈছিল৷ কিন্তু সোণোৱাল পাঁচটা বছৰে মুখ্যমন্ত্ৰী হৈ থাকিল যদিও মাজুলীৰ দলঙৰ খুঁটা এটাও পুতিবলৈ সক্ষম নহ’ল৷ আচলতে এই আধাৰশিলা যে ভুৱা আছিল সেই কথা পুনৰ প্ৰমাণ কৰি সহজ-সৰল জনতাৰ চকুত ধূলি দিবলৈ পুনৰ ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে  প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিলে! এই আধাৰশিলাৰ ৰাজনীতিৰ মাজত মাজুলীৰ জনসাধাৰণৰ জীৱনটো নদীৰ অটল গহ্বৰে বৰ বেয়াকৈ সামৰি ল’লে৷ আচলতে নিমাতীৰ নাও দুৰ্ঘটনা বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ প্ৰতীক হিচাপেই চিহ্নিত হৈছে৷ আন এটা দিশৰ পৰাও যদি লক্ষ্য কৰা যায়, তেতিয়া দেখা যায় যে যি সময়ত অসমৰ জল পৰিবহণ ব্যৱস্থাৰ আটাইতকৈ ট্ৰেজিক ঘটনাটো সংঘটিত হৈছে, সেই সময়ত মাজুলীৰ বিধায়কজনে অসম এৰি কেন্দ্ৰীয় চৰকাৰৰ জাহাজ আৰু জল পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷ অসমৰ ৰাইজে সোণোৱালৰ পৰা অসমৰ জল পৰিবহণ ব্যৱস্থাৰ বিজ্ঞানসন্মত আৰু নীতিগত পৰিৱৰ্তনৰ মাজেৰে এক সঠিক ব্যৱস্থা লাভ কৰিব বুলি আশা কৰিছে৷ লগতে নিমাতী-মাজুলী সংযোগী জল পৰিবহণ ব্যৱস্থাৰ নামত যি অবিজ্ঞানসন্মত ব্যৱস্থা চলি আছে, তাৰ অৱসান হোৱাটো সকলোৱে বিচাৰে৷