Logo
image

অসম চুক্তি– আছুৰ প্ৰেগমেটিজ্‌ম

প্ৰেগমেটিজ্‌ম[প্ৰয়োগবাদ?]- এ সমস্যা এটাৰ সমাধানৰ সন্ধানৰ সময়ত সমস্যাটোৰ প্ৰায়োগিক আৰু ব্যৱহাৰিক দিশটোৰ প্ৰতিহে গুৰুত্ব দিয়ে৷ সমস্যাটোৰ স’তে সাঙোৰ খাই থকা আৱেগ-অনুভূতি, ত্যাগৰ বুৰঞ্জী, আদৰ্শ আদিক প্ৰেগমেটিজ্‌মে সমস্যা এটাৰ সমাধানৰ বাটৰ হেঙাৰ হ’বলৈ নিদিয়ে৷ গতিকে প্ৰেগমেটিজ্‌মৰ অৰ্থ হ’ল এৰা-ধৰা কৰা৷ বহুতে প্ৰেগমেটিজ্‌মক সুবিধাবাদ আৰু আপোচৰেই নামান্তৰ মাথোন বুলি ভাবে৷ নিজৰ স্বাৰ্থ বিঘ্নিত কৰি সমস্যাৰ সমাধান বিচৰাও প্ৰেগমেটিজ্‌মৰ লক্ষণ নহয়৷ 

অসম চুক্তি ৰূপায়ণৰ বাবে নহয়, ৰাজনীতিৰ বাবেহে৷ প্ৰফুল্ল মহন্ত, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ কালত এই কথা প্ৰমাণ হৈছে৷ অসম চুক্তিয়ে অসমৰ ভাগ্য সলাবলৈ সক্ষম হোৱা নাই, কিন্তু বহু ব্যক্তিৰ ভাগ্য সলনি কৰিছে৷ মানুহক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছে৷ ১৯৮৫ চনৰ পাছত হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী যিজনে ৰাজহুৱাভাবে অসম চুক্তিবিৰোধী স্থিতি লৈছে আৰু তাৰপাছতো অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছে৷

অসম চৰকাৰ আৰু আছুৰ মাজত অসম চুক্তি ৰূপায়ণৰ আলোচনাৰ সময়ত দুয়োটা পক্ষ সাংঘাটিক প্ৰেগমেটিক ৰূপত অৱতীৰ্ণ হ’ল৷ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰ, নাগৰিকত্ব আইনৰ সংশোধনী আদি যিবোৰ বিষয়ে আলোচনাৰ পৰম  সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ বিনষ্ট কৰিব পাৰে, তেনেবোৰ বিষয়ত অনাহকতে গুৰুত্ব প্ৰদান কৰি চৰকাৰ আৰু আছুৰ মাজৰ আলোচনাৰ দৰে গুৰুত্বপূৰ্ণ ঘটনা এটাক নষ্ট কৰাৰ পৰা দুয়োটা পক্ষ বিৰত থাকিল৷ দুয়োপক্ষৰ প্ৰেগমেটিজ্‌মৰ ফলত পৰম সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আলোচনা অনুষ্ঠিত হ’ল৷ 

বিদেশী বহিষ্কাৰ সন্দৰ্ভত আছু আৰু বিজেপি চৰকাৰৰ স্থিতি সম্পূৰ্ণ সুকীয়া৷ এইটো বিষয় আলোচনা কৰিবলৈ গ’লে ঐকমত্যত উপনীত হোৱাৰ কোনো সুযোগ নাথাকে৷ বৰং মতভেদ, বাক-বিতন্দা হোৱাৰ সম্ভাৱনা থাকে, সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ নষ্ট হোৱাৰ সম্ভাৱনা থাকে৷ গতিকে প্ৰেগমেটিজ্‌মৰ নিয়ম মতে এই বিষয়টোক দুয়োপক্ষই সাৱধানে এৰাই চলি আন বিষয়ৰ আলোচনা কৰা হ’ল৷ 

অসম চুক্তি গীতা-বাইবেল নহয়৷ অসম চুক্তি ভাৰত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি৷ এই চুক্তিত ভাৰত চৰকাৰৰ গৃহ সচিব আৰু মুখ্য সচিবে চহী কৰিছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ হোৱা বুলি স্বয়ং প্ৰধানমন্ত্ৰীয়ে চহী কৰিছে৷  

বিদেশী বহিষ্কাৰ সন্দৰ্ভত কি কৰিব লাগিব সেই কথা অসম চুক্তিত অতি স্পষ্ট ৰূপত সিদ্ধান্ত দিয়া হৈছে৷ চুক্তিখনত এই কথাও কোৱা হৈছে যে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ‘নোডেল’ বা সমন্বয়ী বিভাগ হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়৷ 

তাৰপাছত ভাৰত চৰকাৰে বাৰে বাৰে নাগৰিকত্ব আইনৰ সংশোধন ঘটাই চুক্তিখনৰ অৱমাননা কৰিছে৷ বৰ্তমানৰ চৰকাৰখনেও চুক্তিখনৰ বিদেশী বহিষ্কাৰ সন্দৰ্ভত থকা সিদ্ধান্তখিনি ৰূপায়ণ নকৰে, কাৰণ তেওঁলোকে সেইখিনি নামানে৷

গতিকে ছাত্ৰ সন্থাই প্ৰেগমেটিক ধ্যান-ধাৰণাৰে আগবাঢ়ি ভকতীয়া বিনয়েৰে সংঘাত হ’ব পৰা বিষয়বোৰত বেছি জোৰ নিদিলে৷ আছু আৰু চৰকাৰে অসম চুক্তিৰ সেইবোৰ কথাত ঐকমত্য প্ৰকাশ কৰিলে, কমিটী গঠন কৰিলে যিবোৰ কথা সন্দৰ্ভত চুক্তিখনে স্পষ্ট ৰূপত কি কৰিব লাগিব তাক কৈ দিয়া নাই৷ উদাহৰণস্বৰূপে তথাকথিত সাংবিধানিক ৰক্ষাকৱচৰ কথাকে ক’ব পাৰি৷ 

চুক্তিৰ ৬নং দফাৰ অসমীয়া অনুবাদ হ’ল, ‘অসমীয়া মানুহৰ ভাষিক, সামাজিক আৰু সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্য সুৰক্ষিত আৰু অক্ষুণ্ণ ৰাখিবলৈ তথা বিকাশ ঘটাবলৈ যিধৰণৰ সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনীয় সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন হয়, সেইসমূহ প্ৰদান কৰা হ’ব৷’ 

এইক্ষেত্ৰত বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত কমিটীয়ে কিধৰণৰ সাংবিধানিক, বিধায়িনী তথা প্ৰশাসনীয় সুৰক্ষা লাগে তাৰ প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিছে৷ এতিয়া এখন নতুন কমিটীয়ে বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনখন সন্দৰ্ভত আলোচনা কৰিব৷ আলোচনা কৰিবলগীয়া কি আছে? আছু সেই কমিটীৰ সদস্য আছিল৷ প্ৰতিশ্ৰুতি অনুসৰি ভাৰত চৰকাৰে সেই প্ৰতিবেদন মতে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে৷

চুক্তিৰ বাকীবোৰ কথা চৰকাৰ এখনৰ ৰুটিন কাম৷ আছুৰে আলোচনা নকৰাকৈও চৰকাৰে সেইখিনি কৰিব পাৰে৷ 

আছুৰ প্ৰেগমেটিজ্‌ম আৰু চৰকাৰৰ প্ৰতি প্ৰবল সদিচ্ছাৰ পাছতো দেখা গ’ল যে চৰকাৰ নিজৰ স্থিতিতেই অটল থাকিল৷ আছুৰ পৰা চৰকাৰে এই সেউজ সংকেত পালে যে বিদেশী বহিষ্কৰণৰ কথা বাদ দিও, ২০১৪ চনলৈ বিদেশীক নাগৰিকত্ব দিও আছুৰ স’তে সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অসম চুক্তি ৰূপায়ণৰ কথা পাতিব পাৰি৷