মান্ধাতা যুগতে আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ
নিমাতীঘাটৰ ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী দুৰ্ঘটনাৰ পাছত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ যোগেদি নতুন নতুন তথ্য উন্মোচিত হৈছে যি নিৰ্লজ্জভাৱে উদঙাইছে ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ নামৰ বিভাগটোৰ ফোঁপোলা স্বৰূপটোক৷ জল পৰিবহণ কম খৰচী হোৱাৰ ফলত বয়-বস্তু, সা-সামগ্ৰী, যাত্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত এই পৰিবহণ ব্যৱস্থাই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ তদুপৰি নদ-নদীৰ বক্ষস্থল দ কৰি ৰখাৰ ক্ষেত্ৰতো জল পৰিবহণ ব্যৱস্থাটোৰ প্ৰয়োজনীয়তা আছে৷ দেশ স্বাধীন হোৱাৰ পূৰ্বে অৰ্থাৎ ব্ৰিটিছ আমোলত ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰতাতো জল পৰিবহণে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল৷ এটা সময়ত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বাংলাদেশলৈকে যাতায়াত ব্যৱস্থা অব্যাহত আছিল৷ ক্ৰমান্বয়ে নদ-নদীৰ বুকুত দলং নিৰ্মাণৰ পাছত ইয়াৰ বুকুৱেদি নাও-ফেৰীৰ চলাচল বহু পৰিমাণে হ্ৰাস পাইছে যদিও নদী প্ৰধান ৰাজ্যৰূপে অসমত এতিয়াও নাও-ফেৰীৰ প্ৰাধান্য যথেষ্ট আছে৷ লক্ষণীয়ভাৱে ৰাজ্যৰ ৰাষ্ট্ৰীয় পথসমূহত অত্যধিক যান-বাহন চলাৰ ফলত ট্ৰেফিক জাম বৃদ্ধি পোৱা, পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ বাবেও অসমৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে সংযুক্ত ব্ৰহ্মপুত্ৰ নদত জাহাজ চলোৱা আৰু নদী-পথৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বৃদ্ধি কৰা প্ৰসংগটোৱে বিশেষকৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ আমোলত অগ্ৰাধিকাৰ লাভ কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে এতিয়ালৈকে পৰিলক্ষিত হোৱা অগ্ৰগতিৰ পৰা এই কথা প্ৰতীয়মান হৈছে যে জল পৰিবহণৰ ক্ষেত্ৰত কেৱল কথাৰ ফুলজাৰি, বিৰাট ঘোষণাৰ বাদে একো হোৱা নাই৷ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণ বহু দূৰত; আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৰ কাম-কাজ এতিয়াও মান্ধাতাযুগতে অৱস্থান কৰিছে৷ বৰং বিভাগটোৰ টোঘলকী কাম-কাজসমূহে এতিয়া ৰাইজৰ চকু কপালত তুলিছে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কলকাতাৰ কোম্পানীৰ পৰা বহু কোটি টকাৰে ৪খন ৰ’ ৰ’ জাহাজ, ৬খন ৰ’পেক্স জাহাজ ক্ৰয় কৰিলে৷ ৪খন ৰ’ ৰ’ জাহাজ ব্ৰহ্মপুত্ৰত চলোৱাটো সম্ভৱ নহয় বুলি বিভাগৰ বিশেষজ্ঞ, নাবিকে ঘোষণা কৰাৰ পাছত ৩খন ঘূৰাই পঠোৱা হ’ল৷ প্ৰতিখনত ২ কোটি টকাকৈ ক্ৰয় কৰা ৰ’পেক্স জাহাজ কেইখন গুৱাহাটী, নিমাতীঘাট আৰু ধুবুৰীত সজাই থোৱা হৈছে আৰু এখনো আজি পৰ্যন্ত চলাব পৰা নাই৷ ব্ৰহ্মপুত্ৰৰ বক্ষলৈ এই জাহাজসমূহ অনাৰ পূৰ্বে ইয়াৰ গ্ৰহণযোগ্যতা, নাবিকৰ প্ৰশিক্ষণ আৰু অন্যান্য জৰীপসমূহ বিজ্ঞানসন্মত কৰা হৈছিলনে? যি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিজৰ অধীনত থকা ৮৫খন জাহাজৰ ভিতৰত ৩৫খনেই বিকল হৈ থাকে, সেই বিভাগটোৰ অধীনত অত্যাধুনিক ৰ’ ৰ’ জাহাজ ৰ’পেক্স সঠিকভাৱে চলিব বুলি কিদৰে বিভাগৰ মন্ত্ৰী, উচ্ছপদস্থ বিষয়াই ভাবিব পাৰিলে? গোটেই প্ৰক্ৰিয়াটোৰ অন্তৰালত কমিছনৰ অংক আৰু টোঘলকী চিন্তা, এতিয়া জল্জল পট্পট হৈ পৰিছে৷ বিভাগটোৰ চূড়ান্ত অকৰ্মণ্যতাৰ পৰিচায়ক হ’ল ৮২ হাজাৰ লাইফ জেকেট গুদামত মজুত থকাৰ পাছতো যোৱা দুবছৰ ধৰি ইয়াক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মন্ত্ৰী-বিষয়াৰ পৰা কৰ্মচাৰীলৈকে কোনেও কাণসাৰ নিদিলে৷ এনেদৰেই চলি আছে জল পৰিবহণৰ যোগেদি ৰাজ্যৰ অৰ্থনীতিক তৰান্বিত কৰিম বুলি আকাশ-কুসুম ৰচা আভ্যন্তৰীণ জল পৰিবহণ বিভাগটো৷
নিমাতীঘাটৰ দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ পাছত সৰ্বত্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে৷ মুখ্যমন্ত্ৰীৰ পৰা বিভাগীয় মন্ত্ৰী, অন্যান্য মন্ত্ৰী, সাংসদ, শীৰ্ষ বিষয়া, সংগঠনৰ নেতা সকলোৱে উবুৰি খাই পৰিছে৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত বিভাগটোৰ উচ্ছপদস্থ অভিযন্তা, বিষয়া, লেচী আদিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও লোৱা হৈছে৷ মুখ্যমন্ত্ৰীয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৰ আভ্যন্তৰীণ স্বৰূপ দেখি নিজেই স্তম্ভিত হৈছে৷ এটা বিভাগৰ এনে এক নিৰ্লজ্জ, সোপাঢিলা পৰিচালনাৰ বাবে মূল জগৰীয়া হ’ব লাগে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী৷ ২১ শতিকাৰ তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগত নাৱে নাৱে খুন্দা খাই মানুহ আওমৰণে মৰাটোৱে ৰাজ্যখনৰ উন্নতিৰ প্ৰকৃত ছবিখনহে উদঙাই দিলে৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে সু-প্ৰশাসনৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিভিন্ন বিভাগৰ উচ্ছপদস্থ বিষয়াৰ সৈতে মুকলিভাৱে মতামত বিনিময় কৰিছে, কঠোৰ নিৰ্দেশনাও দিছে৷ মন্ত্ৰী, বিধায়ক, উচ্ছপদস্থ বিষয়াৰ পৰা নিম্ন পৰ্যায়ৰ বিষয়া, কৰ্মচাৰীলৈকে সকলোৰে সৱল ভূমিকাইহে বিভাগসমূহৰ কাম-কাজ সঠিকভাৱে লৈ যাব পাৰে৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভাগসমূহৰ কাম-কাজৰ ক্ষেত্ৰত বিষয়া-কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট মন্ত্ৰীকো জবাবদিহি কৰাৰ সময় সমাগত৷






