দৰিদ্ৰ শিক্ষাৰ্থীয়ে পাবনে উচ্ছশিক্ষা
ক’ভিড পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱৰাৰ পৰিপ্ৰক্ষিতত বিকল্প পদ্ধতি গ্ৰহণ কৰি শিক্ষাৰ্থীৰ মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল গ্ৰহণ কৰাত প্ৰায়সংখ্যক শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়৷ অৰ্থাৎ এইবাৰ মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰে অভিলেখ ৰচে৷ কিন্তু মেট্ৰিক আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ পৰৱৰ্তী শিক্ষা গ্ৰহণত নানা সমস্যাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে চৰকাৰে ব্যক্তিগত খণ্ডৰ হাইস্কুলক উচ্ছতৰ মাধ্যমিক শ্ৰেণী খোলাৰ ব্যৱস্থা কৰি দি সামৰ্থ্যৱানসকলৰ ল’ৰা-ছোৱালীক মাচুল আদায় দি পঢ়াৰ সুবিধা কৰি দিছে যদিও দুখীয়া পৰিয়ালৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত উচ্ছ শিক্ষা লাভৰ পথ প্ৰায় বন্ধ হোৱাৰ দৰে হৈছে; কিয়নো ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষানুষ্ঠানত দুই লাখতকৈ কম আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীকহে বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিব বুলি ঘোষণা কৰাত নিম্ন মধ্যবিত্ত, মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীয়ে মাচুল আদায় দি নামভৰ্তি কৰিব লগা হৈছে৷ ক’ৰনা মহামাৰীয়ে সকলোকে অৰ্থনৈতিক দিশত বিধবস্ত কৰাৰ সময়ত পূৰ্বে সকলোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া চৰকাৰখনে এইবাৰ কেৱল দুই লাখ টকাতকৈ কম আয়ৰ পৰিয়ালৰ সন্তানকহে সেই সুবিধা দিব বুলি ঘোষণা কৰাত বিপাঙত পৰিছে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকল৷ ইপিনে, পৰিয়ালৰ আয়ৰ প্ৰমাণ-পত্ৰ উলিওৱাৰ নামতো সমস্যাৰ সমুখীন হৈছে বহু শিক্ষাৰ্থী৷ উল্লেখ্য আয়ৰ প্ৰমাণ পত্ৰ সংগ্ৰহৰ নামত ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত শিক্ষাৰ্থী নাইবা শিক্ষাৰ্থীৰ অভিভাৱকে ভিৰ কৰিছে৷ উল্লেখ্য, উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত প্ৰথম বাৰ্ষিকত নামভৰ্তিৰ শেষ দিন ১২ ছেপ্টেম্বৰ আছিল যদিও শিক্ষা বিভাগে শিক্ষাৰ্থীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ১৮ ছেপ্টেম্বৰলৈ বঢ়াই দিছে যদিও এইকেইদিনৰ ভিতৰতে শিক্ষাৰ্থীয়ে আয়ৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিব পাৰিবনে সেয়া বৰ্তমান হাজাৰটকীয়া প্ৰশ্ন৷ শিক্ষাৰ্থীৰ ভিৰ আৰু কাৰ্যালয়ৰ মেৰপেঁচ আঁতৰাই আয়ৰ প্ৰমাণ দিয়াৰ নামত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজৰো দপদপনি চলা বুলি অভিযোগ উঠিছে৷ কেইদিনমান পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপায়ুক্তসকলৰে হোৱা সভাত ঘোষণা কৰিছিল যে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা দালালসকলক গামোচা দি বিদায় দিব লাগে আৰু সকলো কাম ক্ষিপ্ৰতাৰে কৰিব লাগে৷ কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত আয়ৰ প্ৰমাণ পত্ৰ উলিয়াই দিয়াৰ নামত ২-৩ হাজাৰ টকা লৈ দালালে সহজতে আয়ৰ প্ৰমাণ-পত্ৰ উলিয়াই দিয়াৰ কথা সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশ হৈছে৷ তদুপৰি যিসকলৰ পিতৃ-মাতৃৰ নামত মাটি নাই, সেইসকলৰ আয়ৰ প্ৰমাণ-পত্ৰ পোৱাটো পৰ্বতত কাছ কণী বিচৰাৰ দৰে হৈছে৷ তদুপৰি ব্যক্তিগত খণ্ডত কাম কৰা বহুতৰে নাথাকে পে’শ্লিপ৷ ইয়াৰ উপৰি অসংগঠিত শ্ৰমিকসকলৰ পৰিয়ালৰ লোকেও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আয়ৰ প্ৰমাণ পত্ৰ উলিওৱাত সমস্যাৰ সমুখীন হৈছে৷ কাৰ্যতঃ চৰকাৰী মেৰপেঁচৰ বাবেই বহু দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থী বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ’ব৷ চৰকাৰে দুখীয়া শিক্ষাৰ্থীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মেধাৱী আৰু শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীক বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিব লাগে৷






