Logo
image

আই পি এলৰ মানচিত্ৰত স্থান পাবনে গুৱাহাটীয়ে

১৯ ছেপ্টেম্বৰৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ ছীজনৰ অৱশিষ্ট খেলকেইখন আৰম্ভ হ’ব ইউনাইটেড আৰব এমীৰেটছত৷ এতিয়ালৈকে টুৰ্নামেণ্টখনত আঠটা দলে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও পৰৱৰ্তী বৰ্ষৰ পৰা দুটা দল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই]৷ অৰ্থাৎ আই পি এলৰ পঞ্চদশ ছীজনৰ পৰা টুৰ্নামেণ্টখনত সংযুক্ত হ’ব দুখন নতুন চহৰ৷ আই পি এলৰ মানচিত্ৰত নতুনকৈ কোন দুখন চহৰ অন্তৰ্ভুক্ত হ’ব সেই বিষয়ে নিশ্চিত হোৱা নাই যদিও জানিব পৰা মতে,  আহমেদাবাদ আৰু লক্ষ্ণৌৰ নাম চৰ্চালৈ আহিছে৷ অৱশ্যে, সম্ভাব্য চহৰৰ তালিকাত কটক, গুৱাহাটী, ধৰমশালা আৰু ইন্দোৰৰ নামো আছে৷ গুৱাহাটীত আই পি এলৰ ভেন্যু নিৰ্বাচন কৰাৰ বিষয়টো দীৰ্ঘদিনৰ পৰা চৰ্চিত হৈ আহিছে যদিও গুৱাহাটীৰ ফ্ৰেঞ্চাইজী নথকাৰ বাবে চহৰখনত আই পি এলৰ খেল অনুষ্ঠিত কৰাটো সম্ভৱ হৈ উঠা নাই৷ আই পি এলৰ আৰ্হিত ফুটবলত ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল] আৰম্ভ হোৱাৰ পাছত গুৱাহাটীক টুৰ্নামেণ্টখনৰ অন্যতম ভেন্যু হিচাপে নিৰ্বাচন কৰা হৈছিল৷ ইয়াৰ কাৰণটো হৈছে– টুৰ্নামেণ্টখনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিনিধি নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হোম গ্ৰাউণ্ড হৈছে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম৷

নতুন দুটা দলৰ এটাৰ বাবে  বি চি চি আইৰ ফালৰ পৰা নিবিদা- পত্ৰ আহ্বান কৰাহৈছে৷ কোন চহৰৰ দলৰ বাবে প্ৰথমে নিবিদা-পত্ৰ আহ্বান কৰা হৈছে, সেই কথা এতিয়াও স্পষ্ট কৰা নাই বি চি চি আয়ে৷ নিবিদা-পত্ৰ জমা দিয়াৰ চৰ্তাৱলী এতিয়াও জনোৱা হোৱা নাই৷ মাণ্ডলিক ভাৰসমতাৰ প্ৰতি গুৰুত্ব দিয়াৰ লগতে  ব্যৱসায়িক স্বাৰ্থত আই পি এলৰ দুটা দল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আয়ে৷ এইক্ষেত্ৰত ১৭ অক্টোবৰত নতুন দলৰ নিলাম হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ আই পি এলত দুটা নতুন দল অন্তৰ্ভুক্তিৰে ৫১ পৰা ৬ হাজাৰ কোটি টকা উপাৰ্জনৰ পৰিকল্পনা  আছে ব’ৰ্ডৰ৷ প্ৰথমে দুটা নতুন দলৰ বাবে বেছ প্ৰাইচ ১৭০০ কোটি টকা ধাৰ্য কৰাৰ কথা বিবেচনা কৰা হৈছিল যদিও পাছত সেয়া দুই হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়৷  আই পি এলৰ প্ৰস্তাৱিত দুটা নতুন দলৰ বাবে বিনিয়োগ কৰাৰ বাবে দেশৰ কেইবাটাও বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে আগ্ৰহ প্ৰকাশ কৰিছে৷ পূৰ্বে আই পি এলৰ ৰাইজিং পুনে ছুপাৰজায়েণ্টছ ফ্ৰেঞ্চাইজীৰ সৈতে জড়িত থকা সঞ্জীৱ গোৱেংকা গ্ৰুপে আহমেদাবাদ ফ্ৰেঞ্চাইজীৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, ৰাজস্থান ৰয়েলছে আই পি এলত গুৱাহাটীক হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত  অসম ক্ৰিকেট সন্থাৰ সৈতে আনুষ্ঠানিকতাও সম্পূৰ্ণ কৰিছে৷ সেই অনুসৰি ৰাজস্থান ৰয়েলছৰ কেইখনমান খেল গুৱাহাটীত অনুষ্ঠিত হোৱাপ সম্ভাৱনা আছে৷ ৰাজস্থান ৰয়েলছত খেলে অসমৰ যুৱ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ দাসে৷

আই পি এলৰ পৰৱৰ্তী ছীজনৰ পৰা নতুনকৈ সংযুক্ত হ’বলগীয়া নতুন দল দুটাত গুৱাহাটী থাকিবনে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ অন্তিম মুহূৰ্তত গুৱাহাটীৰ ফ্ৰেঞ্চাইজী ক্ৰয়ৰ বাবে কোনো আগ্ৰহী নহ’লে চহৰখন বাদ পৰি যোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷ কিন্তু আই পি এলত গুৱাহাটীৰ দল থকাটো ৰাজ্যখনৰ ক্ৰিকেটপ্ৰেমীৰ লগতে অসম ক্ৰিকেট সন্থায়েও বিচাৰে৷ আই পি এলত গুৱাহাটীৰ ফ্ৰেঞ্চাইজী থাকিলে অথবা চহৰখন আই পি এলৰ ভেন্যু হিচাপে নিৰ্বাচিত হ’লে তাৰদ্বাৰা ৰাজ্যখনৰ ক্ৰিকেটাৰ উপকৃত হ’ব বুলি আশা কৰাৰ থল আছে৷  অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটাৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশাসক আৰু নিৰ্বাচকৰ দ্বাৰা উপেক্ষিত হোৱাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়ত গুৱাহাটীৰ ফ্ৰেঞ্চাইজী আই পি এলত চামিল হ’লে ৰাজ্যখনৰ ক্ৰিকেটাৰলৈ নতুন আশা কঢ়িয়াই আনিব বুলিও অঞ্চলটোৰ ক্ৰিকেটপ্ৰেমীয়ে আশাৰে বাট চাইছে৷