ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অৱনমিত অসমৰ প্ৰতিচ্ছবি
দেশৰ ৰাজধানী হোৱাৰ লগতে কেইবছৰমান আগলৈকে দিল্লী আছিল মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰতো ৰাজধানী৷ এতিয়া এই অনাকাংক্ষিত শীৰ্ষস্থান কাঢ়ি ল’লে অসমে৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ [এনচিআৰবি] তথ্যমতে ২০১৭ চনৰ পৰা সদ্য প্ৰকাশিত ২০২০ চনৰ তালিকালৈকে অসমে অতি লজ্জাজনকভাৱে নাৰীৰ বিৰুদ্ধে কৰা অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে৷ অতি উদ্বেগজনকভাৱে অসমৰ প্ৰতি এক লাখ মহিলাৰ বিপৰীতে অপৰাধৰ হাৰ ১৫৪.৩ শতাংশ বুলি এনচিআৰবিয়ে প্ৰকাশ কৰি ৰাজ্যখনত নাৰীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে৷ এনচিআৰবিৰ এই তালিকা প্ৰকাশ পোৱাৰ কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ভুৱা কৃষকৰ তালিকাখনতো সমগ্ৰ দেশৰ ভিতৰতে অতি লজ্জাজনকভাৱে অসমে প্ৰথম স্থান লাভ কৰিলে৷ চলিত বছৰৰ জুলাই মাহত দেশৰ কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে প্ৰকাশ কৰা তথ্যমতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত অসমৰ ৮.৩৫ লাখ জন ভুৱা কৃষকে ৰাজকোষৰ ৫৫৪ কোটি টকা আত্মসাৎ কৰিলে৷ এতিয়া ৰাজ্য চৰকাৰ এই ভুৱা কৃষকসকলক চিনাক্ত কৰি তেওঁলোকৰ পৰা টকাখিনি উদ্ধাৰ কৰি ‘নাক বচোৱা’ৰ চেষ্টাত তৎপৰ হৈ পৰিছে৷ অসমক দেশৰ ভিতৰতে শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰোৱাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সগৰ্বে ঘোষণা কৰাৰ পাছত উপৰিউক্ত পৰিসংখ্যাসমূহে কি সূচাইছে? শিক্ষা, স্বাস্থ্য, সামাজিক উন্নয়ন, পৰিৱেশ আদিৰ ভিত্তিত প্ৰকাশিত মানৱ সম্পদ উন্নয়নৰ তালিকাতো অসমে একেবাৰে তলত স্থান লাভ কৰিছে৷ ৰাজ্যখনৰ প্ৰতিটো বিভাগতে অনিয়ম, দুৰ্নীতিৰ পয়োভৰ৷ এতিয়া চৰকাৰে ড্ৰাগ মাফিয়া আৰু অন্যান্য ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ কিন্তু একে বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ আমোলতে কয়লা, শিল-বালি, চুপাৰি, গৰু, ড্ৰাগ আদিৰ ছিণ্ডিকেটৰ সাম্ৰাজ্যখন কেনেকৈ চলি আছিল৷ বিনাবাধাই নেতা-মন্ত্ৰীৰ আশীৰ্বাদত প্ৰশাসন-আৰক্ষীৰ মুখৰ আগতে চলি থকা এই ছিণ্ডিকেট চক্ৰই অতি সহজতে এনেদৰে ধন ঘটাৰ উপায় বিচাৰি লৈছিল৷ অৱধাৰিতভাৱে এনে পৰিৱেশৰ আলম লৈ এক অপৰাধীৰ চক্ৰ সৃষ্টি হৈছিল৷ দিনকদিনে এই চক্ৰত জড়িত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত ৰাজ্যখনৰ সামাজিক পৰিৱেশ বিনষ্ট হৈছে৷ এতিয়া চৰকাৰৰ মুৰব্বীৰ নিৰ্দেশ মৰ্মে আৰক্ষী অতি কঠোৰ হৈ অপৰাধী চক্ৰৰ এচামক কৰায়ত্ত কৰাৰ লগতে বহুকেইটা এনকাউণ্টাৰ কৰিছে যদিও অবৈধ ছিণ্ডিকেট, নাৰীজনিত অপৰাধ বা অন্যান্য অপৰাধসমূহ সহজতে নিৰ্মূল হ’ব বুলি আশা কৰিব নোৱাৰি৷ ড্ৰাগৰ যোগান বন্ধ হোৱাৰ বাবে ধাৰাবাহিকভাৱে ড্ৰাগ সেৱন কৰি থকা বহু নতুন প্ৰজন্মৰ যুৱক-যুৱতী এতিয়া অস্থিৰ হৈ পৰিছে৷ কেইদিনমান পূৰ্বে সম্বন্ধীয় ককায়েকৰ নিষ্ঠুৰ আক্ৰমণৰ বলি হৈ মৃত্যুমুখত পৰা ডিম্পলৰ মৃত্যুৰ অন্যতম কাৰণ আছিল ড্ৰাগ আসক্তি৷ ঠিক তেনেদৰে ড্ৰাগ আসক্ত হৈ দিকবিদিক হেৰুৱাই হোজাইত আইতাকক কোনো কাৰণ নোহোৱাকৈ কিশোৰে হত্যা কৰিলে৷ ড্ৰাগৰ অবাধ প্ৰচলনৰ বাবে ৰাজ্যৰ বহু স্থানত এতিয়া এইড্ছ ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ এনেদৰে অবৈধ ব্যৱসায়, ছিণ্ডিকেটসমূহে অৰ্থনৈতিকভাৱে ৰাজ্যৰ লোকচান কৰাৰ লগতে সামাজিক পৰিৱেশো বিনষ্ট কৰিছে৷
আজি কিছু বছৰৰ আগলৈকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ উগ্ৰপন্থী কাৰ্যকলাপৰ ৰম্যভূমিৰূপে চিহ্নিত আছিল৷ এনএছচিএন, আলফা, এনডিএফবি আদি নিষিদ্ধ সংগঠনসমূহৰ সৈতে নিৰাপত্তা বাহিনীসমূহৰ সংঘাত, উগ্ৰপন্থী সংগঠনসমূহৰ দ্বাৰা নিৰীহ লোকৰ হত্যা, অপহৰণ, ধন দাবী আদিয়ে কেইবা দশকজুৰি ৰাজ্যসমূহৰ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছিল৷ ক্ৰমান্বয়ে এই সংগঠনসমূহ বিভিন্ন কাৰণত নিশকটীয়া হোৱাৰ পাছত উত্তৰ-পূবৰ পৰিস্থিতি বহু পৰিমাণে শান্তি-শৃংখলাৰ ক্ষেত্ৰত উন্নত হ’ল৷ ভাৰত চৰকাৰৰ লগতে সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰসমূহেও এতিয়া উন্নয়নত অগ্ৰাধিকাৰ দিছে৷ কিন্তু কেৱল উগ্ৰপন্থীজনিত কাৰ্যকলাপৰ নিয়ন্ত্ৰণেই এখন ৰাজ্যৰ বিকাশৰ পথ ত্বৰান্বিত কৰিব নোৱাৰে৷ ৰাজ্য এখনৰ বিকাশ হ’বলৈ হ’লে চৰকাৰ, প্ৰশাসন, আৰক্ষী, বিষয়া-কৰ্মচাৰীৰ পৰা প্ৰতিজন নাগৰিকলৈকে সকলোৱে যোগাত্মক ভূমিকা পালন কৰিব লাগিব৷ লক্ষী-সৰস্বতী, দুৰ্গা দেৱীক আমি উপাস্য দেৱী ৰূপে উপাসনা কৰোঁ৷ জয়মতী, মূলাগাভৰু, সতী-সাধিনী আদি বহু মহিয়সী নাৰীক লৈ আমি দিৱস উদ্যাপন কৰোঁ৷ কিন্তু সেইখন অসমতে দেশৰ ভিতৰত সৰ্বাধিক নাৰী নিৰ্যাতন, বলাৎকাৰৰ দৰে ঘটনা সংঘটিত হয়৷ চৰকাৰী আঁচনিৰ ধন আমি বিভিন্ন প্ৰকাৰে লুণ্ঠন, অপ-ব্যৱহাৰ কৰি ৰাজ্যখনক লজ্জানত কৰোঁ৷ নাবালকৰ দ্বাৰা সংঘটিত অপৰাধ, চাইবাৰ ক্ৰাইম আদিৰ ক্ষেত্ৰতো দেশৰ ভিতৰত শীৰ্ষস্থানত থকা ৰাজ্যৰূপে অসম চিহ্নিত হৈছে৷ এসময়ত শান্তি-সম্প্ৰীতি, ঐক্য- সংহতিৰ অন্যতম স্থানৰূপে পৰিচিত অসমৰ এনে অৱস্থা অতি চিন্তনীয় বিষয়৷ সময় থাকোতেই ব্যৱস্থা নল’লে ৰসাতলে যাবলৈ বেছিদিন নালাগিব৷






