Logo
image

মুখ্যমন্ত্ৰীৰ কথা আৰু কাম

ড॰ হিমন্ত বিশ্ব শৰ্মাই  মুখ্যমন্ত্ৰী হোৱাৰ আগৰে পৰা অসমখনক পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত এখন হিচাপে গঢ়ি তোলাৰ সপোন দেখুৱাই আহিছে৷ মুখ্যমন্ত্ৰীৰ চকীত বহাৰ পাছত সেই সপোন ৰূপায়ণৰ মূল দায়িত্ব এতিয়া নিজৰ হাতত পৰিছে৷ ইতিমধ্যে কম দিনৰ ভিতৰতে কেইবাটাও চমকপ্ৰদ সিদ্ধান্ত গ্ৰহণ কৰি ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মহলৰো দৃষ্টিত পৰিছে৷ পিছে, সিদ্ধান্ত গ্ৰহণ কৰি চমক সৃষ্টি কৰিলেই নহ’ব, কাৰ্যক্ষেত্ৰত তাক সফলভাৱে ৰূপায়ণ কৰি দেখুৱাব লাগিব৷ ৰূপায়ণৰ বেলিকা সন্মুখীন হোৱা বিভিন্ন সমস্যাও সফলভাৱে সমাধান কৰিব লাগিব৷ অন্যথা, হিতে বিপৰীত হ’ব, উন্নয়নৰ নামত অস্থিৰতা সৃষ্টি কৰা হ’ব৷

অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত দেখিবলৈ হ’লে বহু কাম কৰিব লাগিব৷ বিগত সময়ত ৰাজ্যখনত প্ৰায় সকলো ক্ষেত্ৰতে এক ছিণ্ডিকেট সংস্কৃতি গঢ়ি উঠিছে, যাৰ শিপা আছে ৰাজনীতিৰ পথাৰতে৷ স্বয়ং বিজেপি দলতে আছে ছিণ্ডিকেট চক্ৰৰ স’তে নাম সাঙোৰ খাই থকা দুই-এক ব্যক্তি৷ মুখ্যমন্ত্ৰীয়ে সঁচা অৰ্থত উন্নয়ন কৰি দেখুৱাবলৈ হ’লে, মানুহৰ মাজত বিশ্বাস স্থাপন কৰিবলৈ হ’লে এই ছিণ্ডিকেটৰ নায়কসকলক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব৷ অন্যথা, ছিণ্ডিকেটৰ নায়কসকলে পুনৰ চৰকাৰক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, যিটো কথা ইতিমধ্যে চৰ্চালৈ আহিছে৷ ছিণ্ডিকেটৰ লগত জড়িতসকলে যি দলৰে চৰকাৰ নাহক সেই চৰকাৰৰ পৰাই সুবিধা ল’ব বিচাৰিব৷ ছিণ্ডিকেটৰ খবৰ পালেই আৰক্ষী সঞ্চালকপ্ৰধানক জনাবলৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মুকলিভাৱে অনুৰোধ জনাইছে যদিও সেই কথাত আশ্বস্ত হ’ব পৰা নাযায়; কাৰণ, স্বয়ং আৰক্ষী বাহিনীতে ছিণ্ডিকেটৰ এজেণ্ট থকা বুলি মাজে মাজে প্ৰমাণ ওলায়৷

কাম নকৰি ভুৱা বিল বনোৱা এক সংস্কৃতি ইতিমধ্যে ৰাজ্যখনত গঢ়ি উঠিছে৷ কাম নকৰি ভুৱা বিল বনোৱা  ঠিকাদাৰসকলক শাস্তি দিব পাৰিব লাগিব৷ স্বাস্থ্যমন্ত্ৰী আৰু জলসম্পদমন্ত্ৰীয়ে দুদিনমান অন কেমেৰা ঠিকাদাৰক ধমকি দিয়া দেখিয়ে ৰাইজে সন্তুষ্ট নহয়, কাৰণ কামৰ বাবদ আগতে কমিছন বিচৰা দুই-এক মন্ত্ৰীক মন্ত্ৰীসভাত পুনৰ স্থান দিয়া দেখা গৈছে৷ এনে মন্ত্ৰীক আউট কৰিব নোৱাৰিলে এবছৰ পাছতে আগৰ অৱস্থা আহি যাব৷ মাজুলীৰ নাও দুৰ্ঘটনাৰ পটভূমিত দেখা গৈছে চৰকাৰ সলনি হ’লেও কমিছনৰ অংক একেই আছে৷

মাছ যেনেকৈ মূৰৰ পৰা গেলে, ব্যৱস্থাও হেনো মূৰৰ পৰাই গেলে৷ গতিকে, ঘোঁচ খোৱাত ওস্তাদ হৈ পৰা ডাঙৰ-ডাঙৰ  অফিচাৰসকলক জে’ললৈ পঠিয়াব পাৰিব লাগিব৷ ভেটি নিদিলে কাম নকৰা কেৰাণী-মহৰীসকলক হাতে-লোটে ধৰিব লাগিব৷ দালালৰাজ সম্পূৰ্ণ উৎখাত কৰিব লাগিব৷ কেৱল টিভিৰ আগত কৈ পৰিস্থিতি দুদিনমান শান্ত কৰিলেই নহ’ব৷ নতুন ব্যৱস্থা গঢ়ি তুলিব লাগিব, যাতে দালালে স্থান ল’ব নোৱাৰে৷ ফাইলেপতি পইচা বিচৰা পিয়নসকলক বিচাৰি উলিয়াব পাৰিব লাগিব৷ ফাইলৰ ব্যৱস্থাকে সলনি কৰিব লাগিব৷ 

ঘোষণামতে আৰক্ষী সঞ্চালকপ্ৰধানক স্বাধীনভাৱে কাম কৰিবলৈ ক্ষমতা দিয়া হৈছে৷ গতিকে, সঞ্চালকপ্ৰধানে স্বাধীনভাৱে কাম কৰি দেখুৱাব লাগিব৷ ৰাজ্যৰ ৰাজপথত ৰাতি-ৰাতি ট্ৰাকৰ পৰা টকা তোলাসকলক বৰ্খাস্ত কৰি আদৰ্শ স্থাপন কৰিব লাগিব৷ চাকৰিৰ নামত টকা লোৱাসকলক কাৰাগাৰলৈ পঠিয়াব লাগিব৷

ৰাজ্যখনত নতুনকৈ এক কৰ্মসংস্কৃতি গঢ়ি তুলিব লাগিব৷ প্ৰয়োজন হ’লে অতি কঠোৰ হ’ব লাগিব৷ কামলৈ নগৈ দৰমহা লোৱাসকলৰ ঠাইত বেলেগক নিযুক্তি দিব লাগিব৷ এক লাখ লোকক চাকৰি দিওঁতে এই কথা মনত ৰাখিব লাগিব৷ নতুনকৈ নিযুক্তি পোৱা শিক্ষকসকলে যাতে দুই বজাতে ঘৰলৈ গুচি নাযায় তাৰ ব্যৱস্থা কৰিব লাগিব৷ শিক্ষানুষ্ঠানৰ যিসকল মুৰব্বী ঘৰ বন্ধাতে ব্যস্ত, সেইসকলৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব৷ নিজৰ কৰ্তব্যক অৱহেলা কৰি নাৰ্ছিং হোমত কাম কৰা চৰকাৰী ডাক্তৰসকলকো নিয়ন্ত্ৰণ কৰিব লাগিব৷ এদিন বা দুদিন নিশা দুপৰতো ছাডেন ভিজিট দিলেই সকলো ঠিক হৈ যাব বুলি ভবাটো ভুল হ’ব৷ চহীটোতে টকা বিচৰা অভিযন্তাসকলক যথোচিত শাস্তি দিব লাগিব৷ চোৰাং বেপাৰীসকলক কম্পমান কৰি ৰাখিব লাগিব৷ 

ৰাজ্যখনত এক সুস্থ বাণিজ্যিক পৰিৱেশ গঢ়াৰ স্বাৰ্থত কৰফাঁকি দি ধনী হোৱা ব্যৱসায়ীক ধৰিব লাগিব৷ মন্ত্ৰীৰ পিছে পিছে ঘূৰা দালালক নিৰাশ কৰিব লাগিব৷ নিৰাশ কৰিব নোৱাৰিলে যে বিপদ আছে সেই কথা বুজিব লাগিব৷ সংস্থা-সন্থা কৰি ঘূৰি ফুৰাসকলক কৰ্মক্ষেত্ৰলৈ উভতি যাবলৈ বাধ্য কৰাব লাগিব৷ মদাহী, জুৱাৰী আৰু ধদুৱাসকলক কামত লগাব লাগিব৷ ৰাজ্যত ড্ৰাগ্‌ছ আৰু বেয়া কামৰ বিৰুদ্ধে এক অভিযান আৰম্ভ হৈছে৷ এই অভিযান স্থায়ী কৰিব লাগিব৷

শিক্ষাক্ষেত্ৰখনক নিকা কৰিব নোৱাৰিলে সকলো সংস্কাৰে ব্যৰ্থতালৈ পৰিৱৰ্তন হ’ব৷ সেই কাৰণে ফাঁকি দি ডাঙৰ ডিগ্ৰী লোৱাসকলক জে’লৰ ভাত খুৱাব লাগিব৷ কেলেংকাৰী কৰা অধ্যাপকসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগিব আৰু কেলেংকাৰীত নিমজ্জিত উপাচাৰ্যসকলক বৰ্খাস্ত কৰিব লাগিব৷ আঁচনি ঘোষণা কৰিলেই ফলাফল পোৱা নাযায় যদিহে মিছা তথ্যৰে হিতাধিকাৰী হোৱাসকলক বাহিৰ কৰিব পৰা নাযায়৷ মিছা কথা কৈ বিনামূলীয়া শিক্ষা লৈ থকাসকলকো সুবিধাৰ তালিকাৰ পৰা বাহিৰ কৰিব লাগিব৷ কৰ্মচাৰীক কাম কৰিবলৈ বাধ্য কৰাব লাগিব৷ শিক্ষকক সেৱাৰ প্ৰতি অধিক দায়বদ্ধ কৰিব লাগিব৷ উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ হৈ দেখুৱাবলৈ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে যে অসম সচিবালয়ত ২৪ ঘণ্টাই কাম চলিব৷ সেই কাম কৰি সকলোৱে ত্যাগৰ বাবে সাজু কৰিব পাৰিলেহে কিছু সুফল পোৱা যাব৷