গঁড় সংৰক্ষণ
বিশ্বত পাঁচটা প্ৰজাতিৰ গঁড় পোৱা যায়৷ কিন্তু শেহতীয়াকৈ বিভিন্ন স্থানত গঁড়ৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পোৱা দেখা গৈছে৷ তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ ২২ ছেপ্টেম্বৰৰ দিনটো বিশ্ব গঁড় দিৱস হিচাপে উদ্যাপন কৰা হয়৷ গঁড়ৰ সংখ্যা হ্ৰাস পোৱাৰ অন্যতম কাৰণ হৈছে চোৰাং চিকাৰ, জলবায়ুৰ পৰিৱৰ্তন আৰু বাসস্থানৰ সংকোচন৷ সাধাৰণতে গঁড়ৰ চোৰাং চিকাৰ কৰা হয় প্ৰাণীবিধৰ খড়গটোৰ বাবে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত গঁড়ৰ খড়গৰ মূল্য ভাবিব নোৱৰা ধৰণে বেছি৷ গঁড়ৰ খড়গত বহুতো ঔষধি গুণ থকা বুলি সৰ্বসাধাৰণৰ মনত থকা ভুল ধাৰণাৰ বাবে চোৰাং চিকাৰীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হয় এই প্ৰাণীবিধে৷ শেহতীয়া এক তথ্য অনুসৰি বিগত বৰ্ষত আৰু চলিত বৰ্ষত এতিয়ালৈকে বিশ্বৰ বিভিন্ন দেশত গঁড়ৰ চোৰাং চিকাৰ বহুখিনি হ্ৰাস পাইছে৷ ইয়াৰ মূল কাৰণটো হৈছে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ঘোষণা কৰা লকডাউন আৰু আন নিষেধাজ্ঞাবোৰ৷ বিশ্বৰ আন বহু দেশৰ লগতে ভাৰততো গঁড়ৰ চোৰাং চিকাৰ এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ কিন্তু উৎসাহৰ বিষয়টো হৈছে যে শেহতীয়াভাৱে ভাৰতত গঁড়ৰ সংখ্যা বৃদ্ধি পাইছে৷ ভাৰতত পোৱা গঁড়বিধ হৈছে এশিঙীয়া গঁড়৷ কিছু বছৰ আগলৈকে অসমতে এশিঙীয়া গঁড় পোৱা যায় বুলি এক ধাৰণা আছিল যদিও শেহতীয়া এক সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে পশ্চিমবংগৰ জালদাপাৰা আৰু গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানত বিগত পাঁচ বছৰত এশিঙীয়া গঁড়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ আনহাতে, বিগত সময়ছোৱাত প্ৰতিবেশী ৰাষ্ট্ৰ নেপালতো এশিঙীয়া গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাটো উৎসাহৰ বিষয় হিচাপে বিবেচিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি নেপালত বৰ্তমান এশিঙীয়া গঁড়ৰ সংখ্যা হৈছে ৭৫০তকৈ অধিক৷ ২০১৫ চনত দেশখনত এশিঙীয়া গঁড়ৰ সংখ্যা আছিল ৬৪৫টা৷ এয়া সম্ভৱ হৈছে দেশখনত গঁড়ৰ সংৰক্ষণৰ বাবে চৰকাৰে লোৱা ইতিবাচক পদক্ষেপৰ বাবে৷
ভাৰত আৰু নেপালত বৰ্তমান প্ৰায় চাৰি হাজাৰ এশিঙীয়া গঁড় আছে৷ দুয়োখন দেশতে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত শেহতীয়াকৈ বিশেষ সফলতা পোৱা গৈছে৷ এইখিনিতে উল্লেখৰ প্ৰয়োজন যে পশ্চিমবংগৰ জালদাপাৰা আৰু গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানত ২০১৫ চনৰ গঁড়ৰ সংখ্যা আছিল ক্ৰমে ২০৪ আৰু ৪৯টা৷ তাৰ বিপৰীতে বিগত বৰ্ষৰ গণনা অনুসৰি উদ্যান দুখনত গঁড়ৰ সংখ্যা হৈছেগৈ ২৩১ আৰু ৫২টা৷ ভাৰতত পোৱা মুঠ এশিঙীয়া গঁড়ৰ অধিকসংখ্যকেই আছে অসমত৷ ঘনত্বৰ ফালৰ পৰা অসমৰ পবিতৰা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা সৰ্বাধিক৷ তাৰ উপৰি কাজিৰঙা, মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো গঁড়ৰ সংখ্যা শেহতীয়াকৈ বৃদ্ধি পাইছে৷ কেইবছৰমান আগলৈকে অসমত গঁড়ৰ চোৰাং চিকাৰ দেশ-বিদেশত চৰ্চাৰ বিষয় হৈ পৰিছিল৷ যি হাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰা হৈছিল, তাৰবাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল৷ অৱশ্যে শেহতীয়াকৈ অসমত গঁড় হত্যা বহুখিনি হ্ৰাস পাইছে৷ গঁড়ৰ খড়গৰ চোৰাং ব্যৱসায় ৰোধ কৰাৰ উদ্দেশ্যে বিশ্ব গঁড় দিৱসৰ দিনা অসম চৰকাৰে বিগত সময়ছোৱাত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত উদ্ধাৰ কৰা ২,৪৭৯টা গঁড়ৰ খড়গ জ্বলোৱাৰ সিদ্ধান্ত লৈছে৷ অসম চৰকাৰৰ এই সিদ্ধান্তত কেন্দ্ৰীয় চৰকাৰেও সমৰ্থন জনাইছে৷ ২,৪৭৯টা গঁড়ৰ খড়গ জ্বলাই পেলোৱাৰ বিপৰীতে ৯৪টা খড়গ শৈক্ষিক উদ্দেশ্যত আৰু আন ৫০টা আদালতত চলি থকা গোচৰৰ বাবে সংৰক্ষণ কৰা হ’ব৷ বিশ্বৰ বিভিন্ন দেশত গঁড়ৰ সংখ্যা হ্ৰাস পোৱাটো চিন্তাৰ কাৰণ হৈ পৰাৰ বিপৰীতে ভাৰত আৰু নেপালত প্ৰাণীবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত পোৱা সফলতাই নিঃসন্দেহে বিশ্ব গঁড় দিৱস উদ্যাপনৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াইছে৷






