শান্তি আলোচনা
বিগত শতিকাৰ আশীৰ দশকৰ শেষৰফালে স্বাধীন অসমৰ দাবীত জন্ম হোৱা আলফাই জন্মলাভৰ পাছতে কিছু গঠনমূলক আৰু ইতিবাচক কাম কৰি সৰ্বসাধাৰণৰ আস্থা লাভ কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত সংগঠনটোৰ কাম-কাজে জনসাধাৰণক অতিষ্ঠ কৰিছিল৷ হত্যা-হিংসা, ধন দাবী, বোমা বিস্ফোৰণেৰে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ উপৰি ৰাজ্যখনৰ ৰাজহুৱা সম্পদ ধবংস কৰি ৰাজ্যখনক সৰ্বতোদিশত পিছুৱাই লৈ গ’ল৷ স্বাধীন অসমৰ দাবী সাম্প্ৰতিক সময়ত অবাস্তৱ বুলি জানিও উগ্ৰপন্থী সংগঠনটোৱে একেটা দাবীতে খামোচ মাৰি ধৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই গ’ল৷ ইয়াৰ মাজতে সময়ে সময়ে বিভিন্নজনে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিল আৰু বহুজনে আৰক্ষী-সামৰিক বাহিনীৰ হাতত প্ৰাণ দিলে৷ উল্লেখ্য, ২০০৫ চনতে তদানীন্তন ইউ পি এ চৰকাৰৰ দিনত শান্তি-আলোচনাৰ উদ্দেশ্যে আলফাই এখন আলোচনাকাৰী কমিটী গঠন কৰি দিছিল যদিও এই কমিটীয়েও কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাছিল আৰু ২০১১ চনত আলফাই শান্তি-আলোচনাৰ বাবে গঠন কৰি দিয়া শান্তি-আলোচনাকাৰী কমিটীখন ভংগ কৰি দিছিল৷ কাৰ্যতঃ তেতিয়াৰ পৰাই আলফাৰে শান্তি-আলোচনা প্ৰক্ৰিয়া গেঁথেলা মাৰে৷ আলফাৰে শান্তি-আলোচনা প্ৰতিজন অসমীয়া লোকেই অন্তঃকৰণেৰে কামনা কৰে৷ আনকি অসমৰ দুই বৰেণ্য ব্যক্তি সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা আৰু প্ৰখ্যাত লেখিকা মামণি ৰয়ছম গোস্বামীয়েও আলফাৰে শান্তি-আলোচনা আগবঢ়াই নিয়াৰ পোষকতা কৰিছিল৷ আলফাৰ শীৰ্ষস্থানীয় নেতাসকলে বহিঃৰাষ্ট্ৰত আশ্ৰয় লৈ অসমক স্বাধীন কৰাৰ নামত অসমীয়াৰ ওপৰত বিগত প্ৰায় চাৰি দশকে যি অবৰ্ণনীয় দুখ-যাতনা জাপি দিলে, সেয়া কোনো অসমীয়াই পাহৰিব নোৱাৰে৷ অপাৰেশ্বন ৰাইনো, অপাৰেশ্বন বজৰঙৰ সময়ত কিমান অসমীয়া ৰাষ্ট্ৰসন্ত্ৰাসৰো বলি হ’ল, সেই কথা আলফা নেতৃত্বই নজনা নহয়৷ অথচ আলফাৰ বাবেই অসমীয়াই এনে নিৰ্যাতন সহিব লগা হ’ল৷ বহুতে সহজে ধন ঘটাৰ এটা মাধ্যম হিচাপেও উগ্ৰবাদৰ আশ্ৰয় ল’লে৷
শেহতীয়াকৈ আলফা কিছু নৰম স্থিতিলৈ অহা পৰিলক্ষিত হৈছে৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে আলফাই অপহৰণ কৰি নিয়া তেল কোম্পানীৰ দুই বিষয়াক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত মুকলি কৰি দিয়াৰ লগতে আলফাই একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰে৷ এয়া নিশ্চয় ৰাজ্যবাসীৰ বাবে সুখবৰ৷ কিয়নো বিগত সময়ছোৱাৰ ভিতৰত এইবেলি ৰাজ্যখনে দেশৰ স্বাধীনতা দিৱস মুকলি মনেৰে উদ্যাপন কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূৰ্বে প্ৰতিবাৰেই আলফাই স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছিল৷
ৰাজ্যবাসীয়ে হয়তো ইয়াতকৈও ভাল খবৰ পাব পাৰে, যদিহে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰে আলফাৰ শান্তি-আলোচনা প্ৰক্ৰিয়া আগবাঢ়ে৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আলফাৰে শান্তি-আলোচনাৰ বাবে প্ৰয়োজনীয় অনুমতি আৰু কতৃৰ্ত্ব প্ৰদান কৰিছে৷ এক সূত্ৰৰ মতে, দুৰ্গা পূজাৰ পাছতে আলফাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শান্তি-আলোচনাৰ সম্ভাৱনা আছে৷ যদি আলফাক আলোচনাৰ মাধ্যমেৰে মূলসুঁতিলৈ আনিব পাৰে, তেন্তে এয়া হ’ব ড॰ শৰ্মাৰ বাবে এক বৃহৎ সাফল্য৷ আলফায়ো এৰা-ধৰাৰ মাজেৰে অসম আৰু অসমীয়াৰ স্বাধিকাৰ ৰক্ষাৰ অৰ্থে আলোচনাৰ মজিয়াত বহা উচিত৷ অৱশ্যে, এয়া যাতে আগন্তুক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ আস্থা লাভৰ এক ৰাজনৈতিক অভিসন্ধি হ’ব নোৱাৰে, তাৰ প্ৰতিও ৰাইজে নজৰ ৰাখিব লাগিব৷






