দালালৰাজ!
বিগত তিনিটা মাহৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুটামান কামে অসমৰ ৰাজনীতি তথা অসমৰ প্ৰশাসন যন্ত্ৰ তোলপাৰ লগাই আছে৷ নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিয়ে ড্ৰাগ্ছমুক্ত অসমৰ কথা ঘোষণা কৰিলে৷ লগে লগে আৰক্ষী বাহিনী জঁপিয়াই পৰি অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে কুইণ্টলে কুইণ্টলে ড্ৰাগ্ছ জব্দ কৰিলে, শ শ ড্ৰাগ্ছ ব্যৱহাৰকাৰী তথা বেপাৰীক গ্ৰেপ্তাৰ কৰিলে৷ এই ঘটনাই এনে এক ধাৰণাৰ সৃষ্টি কৰিলে যে সঁচাই অসমখন ড্ৰাগ্ছমুক্ত কৰিবৰ বাবে চৰকাৰে লোৱা প্ৰচেষ্টাই ফলপ্ৰসূ ৰূপ লৈছে৷ কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কথা বাদেই দিলোঁ, বিগত পাঁচটা বছৰে অসমত বিজেপি চৰকাৰৰ শাসন চলি আছিল আৰু মুখ্যমন্ত্ৰীজনৰ স্বাভাৱিক নিষ্ক্ৰিয় ভূমিকাৰ বিপৰীতে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনেই অসমৰ প্ৰশাসন যন্ত্ৰ পৰিচালনা কৰি আছিল৷ তেন্তে অসমখন ড্ৰাগ্ছৰ ঘাটিলৈ কেনেকৈ পৰিৱৰ্তন হ’বলৈ পালে? সেই সময়ত এইক্ষেত্ৰত চৰকাৰী পৃষ্ঠপোষকতা চলিছিল নেকি? নহ’লে একে ৰাতিৰ ভিতৰতে ড্ৰাগ্ছৰ অপৰাধীসকল কেনেদৰে ধৰা পৰিল! ধৰা পৰিল ভাল কথা, কিন্তু বৰ্তমানো যে ৰাজ্যখনত নতুন প্ৰজন্ম ড্ৰাগ্ছৰ কবলৰ পৰা উদ্ধাৰ পোৱা নাই, সেই খবৰ ৰাজ্য প্ৰশাসনে পায় নে নাপায়? নে এয়া সম্পূৰ্ণ চমক সৃষ্টিকাৰী পদক্ষেপ আছিল আৰু এতিয়া সেয়া ৰৈ গ’ল৷ ড্ৰাগ্ছৰ যি সৰবৰাহ সেই সৰবৰাহৰে আন্তঃৰাষ্ট্ৰীয় এক সংযোগ থাকে৷ সেই সংযোগ ধৰা পৰিলনে? অসমততো ড্ৰাগ্ছ উৎপাদন নহয়, ই বিদেশৰ পৰা হয় উৰাজাহাজ, নহয় ৰে’লযোগে আহিব লাগিব৷ সেই পথবোৰ বন্ধ হ’লনে? এই খবৰবোৰ কিন্তু অসমৰ ৰাইজে জানিবলৈ উদগ্ৰীৱ হৈ থাকে৷ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰবোৰ পৰিচালনাৰ ভাৰ ব্যক্তিগত কোম্পানীৰ হাতলৈ যোৱাত চৰকাৰে সেই কামবোৰ বন্ধ কৰিব পাৰিবনে?
দ্বিতীয় ঘটনা অসমত দালালৰাজ অন্ত কৰাৰ অভিযান! মুখ্যমন্ত্ৰীৰ এটা ঘোষণাৰ পাছতে ৭০০ দালালক কৰায়ত্ত কৰাৰ অভিযানত নামিল আৰক্ষী৷ ইতিমধ্যে তিনি দিনত ৬০০ দালালক জে’লত ভৰাইছে হিমন্ত বিশ্ব চৰকাৰে৷ অতি প্ৰশংসনীয় কাম৷ কাৰণ কোনো সভ্য সমাজে দালালৰাজক সমৰ্থন কৰিব নোৱাৰে৷ কিন্তু কেৱল সৰু সৰু মাটিৰ দালাল কেইজনমানক গ্ৰেপ্তাৰ কৰিলেই ৰাজ্যখন দালালমুক্ত হ’বনে? ৰাজ্য চৰকাৰৰ কোনটো বিভাগত দালালৰাজ চলা নাই৷ কেৱল মণ্ডল-কাননগোৰ কাৰ্যালয়েই নহয়, পৰিবহণ বিভাগতো আছে দালালৰাজ৷ আনহে নালাগে শেহতীয়াকৈ অনলাইন ব্যৱস্থাৰ নামত সমগ্ৰ পৰিবহণ বিভাগটোৱেই দালালৰাজৰ হাতত তুলি দিছে চৰকাৰে৷ চালকৰ অনুজ্ঞাপত্ৰ আৱেদনৰ পৰা, নবীকৰণ কৰালৈ, গাড়ী পঞ্জীয়ন কৰাৰ পৰা ফিটনেছ প্ৰমাণ দিয়ালৈ সকলোতে দালালৰ হাতোৰা৷ দালালৰ আশ্ৰয় নোলোৱাকৈ কোনেও এইবোৰ কাম কৰিব নোৱাৰে৷ আজিকালি আদালতৰ কাম-কাজতো দালালৰ দপ্দপনি৷ একাংশ অধিবক্তায়ো দালালৰ আশ্ৰয় লৈ গোচৰ চলোৱাৰ মুকলি অভিযোগ আছে৷ সেইদৰে পৌৰ নিগম, পৌৰসভা, পঞ্চায়ত, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আদিতো দালালৰ দপ্দপনি৷ সেইবোৰৰ এতিয়া কি ব্যৱস্থা হ’ব? আনহাতে, মুকলি অভিযোগ উঠিছে যে চৰকাৰে সস্তীয়া জনপ্ৰিয়তাৰ বাবে এনেবোৰ কাৰ্য কৰিলেও ফণী তালুকদাৰৰ দৰে বৃহৎ মাটিৰ দালালক গামোচা পিন্ধাই দললৈ আদৰিছে চৰকাৰে৷ কেৱল সেয়েনে, পৃথ্বানী, জৈন, ভোৰাটিয়া, আগৰৱালা আদি দালালক ৰক্ষণাবেক্ষণ দিয়া সেই দালালৰ ক্ষেত্ৰখনৰ একচ্ছত্ৰী সম্ৰাট কৰাৰ বাবেই ঘটিৰাম-বাতিৰামক জে’লত দিয়া হৈছে নেকি? আনহাতে, মণ্ডল, গাঁওবুঢ়া, কেৰাণী, তৰণী আদিয়ে কৰি থকা দালালীবোৰ কি হ’ব? হাজাৰ হাজাৰ টকা দৰমহা পোৱাৰ পাছতো মণ্ডল এজনে এজন সাধাৰণ কৃষকৰ পৰা মাটিকণৰ জোখ-মাপ কৰি দিয়াৰ বিনিময়ত হাজাৰ হাজাৰ টকা লয়৷ এইবোৰ অন্ত হ’বনে? নে সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবেই এইবোৰ কৰিছে? অসমৰ পৰা দালালৰাজ আঁতৰাবলৈ হ’লে দিছপুৰখনেই প্ৰথমে দালালৰাজৰ পৰা মুক্ত কৰি ল’ব লাগিব৷ অন্যথা সকলো ফুটুকাৰ ফেনত পৰিণত হ’ব৷ চৰকাৰে নিজৰ মুখখন আইনাত চাই আগবঢ়া ভাল বুলি এতিয়া ব্যাপক চৰ্চা হৈছে৷






