Logo
image

কন্যা সন্তান দিৱস

আজি ছেপ্টেম্বৰ মাহৰ চতুৰ্থ দেওবাৰ৷ দিৱস উদ্‌যাপনৰ পৰম্পৰা অনুসৰি আজি ‘কন্যা দিৱস’৷ কন্যা সন্তান অমূল্য সম্পদ– এই কথাকেই প্ৰতিপন্ন কৰিবলৈ এই দিৱস পালনৰ পৰম্পৰা আৰম্ভ কৰা হৈছিল৷ ৯ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদ্‌যাপন কৰা হয় সামাজিক প্ৰেক্ষাপটত নাৰীৰ সম-অধিকাৰ সাব্যস্ত কৰাৰ অৰ্থে; এই দিৱসৰ সৈতে নাৰীৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক সমতা তথা আয়-উপাৰ্জনক্ষম নিযুক্তি প্ৰাপ্তিৰ ক্ষেত্ৰত থকা বাধাৰ হেঙাৰ আঁতৰ কৰা আদি উপাদান নিহিত হৈ থাকে৷ এই দিৱসৰ এটা বৈপ্লৱিক সত্তাসম্বলিত ইতিহাস আছে৷ তাৰ বিপৰীতে কন্যা দিৱস উদ্‌যাপনৰ জৰিয়তে প্ৰতিগৰাকী ছোৱালীক ঈশ্বৰৰ এক অতুলনীয় উপহাৰ হিচাপে গণ্য কৰাৰ সচেতনতা প্ৰতিটো পৰিয়ালতে জগাই তোলাৰ প্ৰয়াস কৰা হৈছে৷ উদ্দেশ্য যিয়েই নহওক কিয়, এনে দিৱস উদ্‌যাপন মূৰ্ত কৰি তুলিছে বজাৰ আৰু প্ৰচাৰ মাধ্যমেহে৷ যিমানেই সামাজিক বান্ধোন অথবা লিংগ-অসমতা নাথাকক কিয়, কন্যা সন্তান প্ৰতিটো পৰিয়ালৰ অতি আদৰৰ৷ আনকি, বহু সময়ত এনে আদৰ-সাদৰৰ আতিশয্যৰ বাবেই কন্যা সন্তানে কাম্য সফলতা লাভ কৰিব নোৱাৰে৷ সি যি নহওক, প্ৰযুক্তি-সংযোজিত প্ৰচাৰ মাধ্যমৰ সহযোগত সৰু-বৰ কোম্পানীসমূহে ৰাইজক মনত পেলাই দিয়ে কোনটো দিৱস উদ্‌যাপন উপলক্ষে কাৰ বাবে কি উপহাৰ ক্ৰয় কৰিব লাগিব৷ জন্মদিন, বিবাহ বাৰ্ষিকী আদিৰ দৰে ব্যক্তিগতভাৱে উদ্‌যাপন কৰিবলগীয়া উপলক্ষ্যবোৰৰ পৰা আৰম্ভ কৰি সুনিৰ্বাচিত লক্ষ্য-যুক্ত দিৱস উদ্‌যাপনৰ মানো যেন এতিয়া বজাৰৰ উপহাৰৰ দ্বাৰাই নিৰ্ধাৰিত হয়৷ কন্যা সন্তান দিৱসটোও তাৰ ব্যতিক্ৰম হোৱা নাই৷ হাতে হাতে থকা ম’বাইল ফোনত সংলগ্ন হৈ থকা ভিন্ন উৎসৰ পৰা বিজ্ঞাপন প্ৰচাৰিত হৈছে, আহ্বান আহিছে চেনেহৰ কন্যাক আটকধুনীয়া উপহাৰ যাচি পৰিয়ালত তেওঁৰ গুৰুত্ব আৰু অধিক বৃদ্ধি কৰাৰ বাবে৷ এনে উপহাৰ প্ৰদান পৰ্বই গুৰুত্বপূৰ্ণ দিৱস একোটাৰ অন্তৰ্নিহিত উদ্দেশ্যক নাকচ কৰি পেলায়৷ সেইবাবেই হয়তো বছৰ বছৰ ধৰি এনেবোৰ অৱহেলিত হৈ ৰয়৷ ধৰ্ষণ, যৌতুকজনিত হত্যা আদি মহাব্যাধিৰ উপৰি পৰিয়াল, আত্মীয়-স্বজন তথা কৰ্মক্ষেত্ৰত সহকৰ্মী পুৰুষসকলৰ দ্বাৰাও সময়ে সময়ে লাঞ্ছিত হ’ব লগা হৈ আহিছে আজিৰ তথাকথিত আধুনিক বিশ্বৰ নাৰী৷ স্থান-কাল-পাত্ৰ সলনি হৈছে, মানসিকতা অপৰিৱৰ্তিত হৈ আছে৷ নাৰীৰ মাত-কথা, চাল-চলন, পোছাক-পৰিচ্ছদ একোৱেই সমাজৰ অভিভাৱকসকলৰ নিয়ন্ত্ৰণযুক্ত সমালোচনাৰ পৰা হাত সাৰি যোৱা নাই৷ দেশৰ চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে পানী নসৰকা যুক্তিৰ আধাৰত প্ৰণয়ন কৰা শক্তিশালী আইনৰ প্ৰচ্ছায়াত গঠিত নাৰী সুৰক্ষাৰ সুকীয়া শাখা-কোষ আছে৷ অথচ, কিছু ব্যতিক্ৰম বাদ দি প্ৰায় সকলোতে পুৰুষসকলৰ বাবে মহিলা সহকৰ্মীসকল যেন মনোৰঞ্জনৰ উপকৰণহেক্ক নিৰ্দোষ-ধেমালিৰ ছলেৰে মহিলা সহকৰ্মীক শ্ৰুতিকটূ-অশালীন মন্তব্য শুনোৱা বা প্ৰস্তাৱ দিয়া লোকৰ সংখ্যা এতিয়াও গণ্ডাই-গণ্ডাই ওলাব৷ অথচ এনে বহু ঘটনাই ইতিমধ্যেই দেশত তোলপাৰ লগাই গৈছে৷ হাজাৰবাৰ নিন্দিত হৈছে অনেক ভদ্ৰলোক৷ বজাৰ-নিৰ্দেশিত উদ্‌যাপনে যিকোনো উপলক্ষ্যৰ অন্তৰালত নিহিত উদ্দেশ্য সফল হোৱাত সহায় নকৰে৷ সেয়েহে, পৰিকল্পিতভাৱে নিৰ্ধাৰিত কৰা উদ্‌যাপন হ’বলগীয়া দিৱসবোৰ কেৱল শুভেচ্ছা-বিনিময় আৰু উপহাৰ প্ৰদানতেই সীমিত থাকিব নালাগে৷ তাৰ পৰিৱৰ্তে মূল উদ্দেশ্যসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷ প্ৰতিটো পৰিয়ালে আজি কন্যা সন্তান দিৱস উলহ-মালহেৰে পালন কৰক, শুভেচ্ছা তথা উপহাৰেৰে কন্যা সন্তানক ওপচাই দিয়ক, কিন্তু পৃথিৱীত কন্যা সন্তান হৈ জন্মাৰ যি মাহাত্ম্য, সেই কথাও হৃদয়ংগম কৰাৰ বাবে উৎসাহিত কৰক৷ ঘৰখনৰ বাহিৰতো কিদৰে নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি প্ৰকৃতাৰ্থত পুৰুষৰ সমানে সমানে খোজ মিলাব পাৰি, তাৰ কৌশল আয়ত্ত কৰিবলৈ শিকাওক৷ সাজ-পোছাক, প্ৰসাধন সামগ্ৰী অথবা অন্যান্য বাহ্যিকতাৰ নাগপাশত নিজকে বন্দী নকৰি প্ৰকৃতাৰ্থত পৰিৱৰ্তিত সময়ৰ লগত নিজকে খাপ খুৱাই অগ্ৰসৰ হোৱাৰ পণ ল’বলৈ অনুপ্ৰাণিত কৰক৷ তেতিয়াহে কন্যা সন্তান দিৱসৰ দৰে উপলক্ষ্যবোৰ অৰ্থপূৰ্ণ হ’ব৷