লোকসেৱা আয়োগৰ পৰীক্ষাত অসম কিয় পিছ পৰা?
ভাৰতীয় অসামৰিক সেৱাৰ সৰ্বোচ্ছ পদসমূহ যেনে আই এফ এছ, আই এ এছ, আই পি এছকে মুখ্য কৰি অন্যান্য এলাইড ছাৰ্ভিছসমূহৰ বাবে ইউ পি এছ চিয়ে ঘোষণা কৰা এইবাৰৰ তালিকাখনত সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে অসমৰ মাত্ৰ এজনেহে স্থান লাভ কৰিছে৷ জামিয়া-মিলিয়াৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী হাছানুজ্জামান চৌধুৰীয়ে ২৮৩ সংখ্যক স্থান লাভ কৰাৰ বাদে অসমৰ আন কোনোৱে এইবাৰ ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱা নাই৷ নিতান্তই এই ফলাফল অসমৰ বাবে অতি হতাশজনক, দুৰ্ভাগ্যজনক৷ কেইবছৰমান পূৰ্বে ইউ পি এছ চি পৰীক্ষাত ৰাজ্যখনৰ ১০জনৰো অধিক প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছিল৷ কিন্তু সেই ধাৰাবাহিকতা ৰক্ষা নহ’ল৷ এখন ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত, শান্তি-শৃংখলা সুদৃঢ় কৰাৰ ক্ষেত্ৰত আই এ এছ, আই পি এছসকলে মূল ভূমিকা পালন কৰে৷ চৰকাৰত থকা মন্ত্ৰী, এম এল এ সকলে বিভিন্ন আঁচনি, প্ৰকল্পসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা যুগুত কৰিলেও ইয়াৰ সফলতা, বিফলতা নিৰ্ভৰ কৰে জিলা উপায়ুক্তসকলে লোৱা পদক্ষেপৰ ওপৰত৷ মুঠতে সকলো আঁচনি, প্ৰকল্পৰ পৰা জিলাখনৰ বিভিন্ন বিভাগসমূহৰ কাম-কাজ সঠিকভাৱে পৰিচালিত হোৱা দিশটো উপায়ুক্তজনৰ ওপৰতে নিৰ্ভৰ কৰে৷ আই এ এছৰ বাবে নিৰ্বাচিত হৈ প্ৰশিক্ষণ, প্ৰবেচনেৰী পিৰিয়ড আদি সম্পূৰ্ণ কৰাৰ পাছত পৰ্যায়ক্ৰমে এছ ডি অ’, এ ডি চি, ডিচি, কমিশ্যনাৰৰ পৰা মুখ্য সচিব পৰ্যায়লৈকে বিভিন্ন স্তৰত এজন আই এ এছ বিষয়াই সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰে৷ অনুৰূপভাৱে আই পি এছ, আই এফ এছ আৰু অন্যান্য অসামৰিক সেৱাৰ পদসমূহ লাভ কৰি বিষয়াসকলে শীৰ্ষ পদতো অধিষ্ঠিত হয়৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ইতিমধ্যে সততা, নিষ্ঠা আৰু দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি বহু ব্যক্তিয়ে সুনাম অৰ্জন কৰাই নহয়, সংশ্লিষ্ট বিভাগৰ যোগেদি দেশবাসীক সেৱা কৰিবলৈ সক্ষম হৈছে৷ এক কথাত ক’বলৈ গ’লে আই এ এছ, আই পি এছ হোৱাটো এজন প্ৰাৰ্থীৰ বাবে ব্যক্তিগত সাফল্য হোৱাৰ লগতে দেশবাসীক সেৱা আগবঢ়োৱাৰ বাবে এক সুন্দৰ সুযোগো৷ অসমৰো বহুকেইজন আই এ এছ, আই পি এছৰ লগতে আই আৰ এছ আৰু অন্যান্য সেৱাত নিযুক্ত বিষয়াই নিজৰ বিভাগটোলৈ আমূল পৰিৱৰ্তন আনি প্ৰশংসাৰ পাত্ৰ হৈছে৷ উল্লেখ্য কেন্দ্ৰীয় লোকসেৱা আয়োগত উত্তীৰ্ণ হোৱাৰ পাছতো নিজৰ ৰাজ্যৰ কেডাৰৰ বাবে বহু প্ৰাৰ্থী নিৰ্বাচিত নহ’বও পাৰে৷ যি সকলে নিজৰ ৰাজ্যৰ কেডাৰৰ বাবে নিৰ্বাচিত হয় সেইসকলে নিজ ৰাজ্যৰ আৰ্থ-সামাজিক আৰু অন্যান্য পৰিৱেশৰ সৈতে চিনাকি থকাৰ বাবে আৰু নিজৰ ৰাজ্যৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে উন্নয়নৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব পাৰে৷
এতিয়া লাখটকীয়া প্ৰশ্ন হ’ল অসমৰ পৰা কিয় এনে শীৰ্ষ পদৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নগণ্য? বিহাৰ, উত্তৰ প্ৰদেশ, উৰিষ্যা, দিল্লী, দক্ষিণৰ ৰাজ্যসমূহ এই ক্ষেত্ৰত অসমতকৈ বহু বেছি আগবঢ়া৷ এইবিলাক ৰাজ্যৰ শিক্ষাৰ্থীয়ে স্কুলীয়া দিনৰ পৰাই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বদ্ধপৰিকৰ হয়৷ সেই মৰ্মে স্কুলীয়া শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছত কলেজীয়া জীৱন আৰম্ভ হোৱাৰে পৰা অৰ্থাৎ স্নাতক পৰ্যায়ত নামভৰ্তি কৰাৰ লগে লগে সমান্তৰালকৈ বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে৷ সেয়েহে এইবোৰ ৰাজ্যৰ বেংকৰ প্ৰবেশ্যনাৰী অফিচাৰ, ষ্টাফ ছিলেকচন কমিছন, ইঞ্চুৰেঞ্চ, ৰে’লৱেৰ বিষয়াৰ পৰা অন্যান্য ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ বিষয়া পদত অধিষ্ঠিত হোৱা লোকৰ সংখ্যাও সৰ্বাধিক৷ আমাৰ অসমত ৰে’ল বিভাগৰ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ পদসমূহত যোগদানৰ বাবে বহিঃৰাজ্যৰ লোক আহিলে বিভিন্ন ব্যক্তি, দল, জাতীয় সংগঠন প্ৰতিবাদমুখৰ হৈ পৰে৷ কিন্তু ইউ পি এছ চিকে ধৰি অন্যান্য বিভাগৰ বিষয়া পৰ্যায়ৰ ক্ষেত্ৰত আমাৰ অসমৰ যুৱক-যুৱতীক উৎসাহিত কৰাৰ বাবে ৰাজ্যত থকা অসংখ্য ছাত্ৰ সংগঠনৰ কোনটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিছে? প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসমত মেধাৰ অভাৱ নাই৷ কিন্তু এইসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মানসিকতা সৃষ্টি কৰাৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী সকলো খণ্ড ব্যৰ্থ হৈছে৷ অসমৰ কলেজ-বিশ্ববিদ্যালয়সমূহে শিক্ষাৰ্থীসকলক কেৱল ডিগ্ৰী প্ৰদানতে নিজৰ দায়িত্ব সামৰিছে৷ কিন্তু স্নাতক, স্নাতকোত্তৰ হোৱাৰ পাছত ভৱিষ্যতে কি কৰিব সেই ক্ষেত্ৰত কলেজ-বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা ভূমিকা আশাপ্ৰদ নহয়৷ মুঠতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় দৃঢ় মানসিকতা, কঠোৰ পৰিশ্ৰমৰ পৰা শৈ¸ক্ষিক পৰিৱেশ সৃষ্টি সকলোতে আমি ব্যৰ্থ হৈছোঁ৷ আন্দোলন, ধৰ্ণাকে ধৰি অন্যান্য অস্থিৰ সামাজিক পৰিৱেশৰ বাবে ৰাজ্যখনত শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে৷ ইউ পি এছ চি পৰীক্ষাত ৰাজ্যখনৰ পৰা কিয় মাত্ৰ এজনহে উত্তীৰ্ণ হৈছে শাসকসকলেও চিন্তা কৰাৰ সময় সমাগত!






