বিশ্ববিদ্যালয়ৰ বিশ্বাসযোগ্যতাতো প্ৰশ্ন
কংগ্ৰেছ চৰকাৰৰ দীঘলীয়া কাৰ্যকালত ৰাজ্যখনত গঢ়ি উঠিছিল এখন চাকৰিৰ বজাৰ৷ সেই সময়ত ধন নিদিলে চাকৰি পোৱা নাযায় বুলি এক বিশ্বাস গঢ়ি উঠিছিল৷ দেখা গৈছিল প্ৰতিটো বিভাগতে ধনৰ বিনিময়ত চাকৰি দিয়া একোটা চক্ৰ গঢ়ি উঠিছিল৷ চাকৰিৰ বজাৰত ৰাজনীতিৰ গোন্ধ বিয়পি পৰিছিল৷ মন্ত্ৰীৰ পৰা বিষয়ালৈ সকলোৱে সন্দেহৰ আৱৰ্তত সোমাইছিল৷ চাকৰিৰ বাবে পতা পৰীক্ষাবোৰক মানুহে ভেঁকো-ভাওনাহে মাত্ৰ বুলি ধৰি ল’বলৈ আৰম্ভ কৰিছিল৷ এনেবোৰ বিশ্বাস আৰু ধাৰণা গাঢ় হৈ পৰিছিল যেতিয়া অসম লোকসেৱা আয়োগ কলংকত ডুবিছিল৷ তাৰা প্ৰসাদ দাস অসম লোকসেৱা আয়োগৰ অধ্যক্ষ থকা দিনত অসম লোকসেৱা আয়োগত চাকৰিৰ বজাৰ গঢ়ি উঠা বুলি প্ৰচাৰ হৈছিল আৰু অধ্যক্ষ ৰাকেশ পালৰ দিনত এয়া হৈ পৰিছিল মাছৰ বজাৰসদৃশ৷
ৰাকেশ পালৰ দিনত অসম লোকসেৱা আয়োগত আৰম্ভ হয় ভয়ংকৰ অনিয়ম৷ ধনৰ বিনিময়ত চাকৰি দিয়াৰ নামত গঢ়ি উঠে এক চূড়ান্ত অপসংস্কৃতি৷ ধন লৈ প্ৰাৰ্থীক প্ৰশ্নকাকত দিয়াতে সীমাবদ্ধ নাথাকি ৰাকেশ পাল বাহিনীয়ে গঢ়ি তুলিছিল ব্যক্তিগত পৰীক্ষা কেন্দ্ৰ, য’ত প্ৰাৰ্থীসকলক বহি পৰীক্ষা লিখিবলৈ দিয়া হৈছিল৷ পৰীক্ষাৰ লগত জড়িতসকলে পোনপটীয়াকৈ দৰদামত নামি পৰিছিল৷ এটা সময়ত দেখা গৈছিল ৰাজনীতিকৰ পুত্ৰ-কন্যা, অঙহী-বঙহী আৰু আশিসধন্য প্ৰাৰ্থীয়ে তালিকাৰ বেছি অংশ অধিকাৰ কৰিছিল৷ কমসংখ্যকক বাদ দি সকলো চাকৰিয়ে বিক্ৰী হৈ গৈছিল৷
তৰুণ গগৈৰ দ্বিতীয় কাৰ্যকালত দুৰ্নীতিয়ে সীমা চেৰাই গৈছিল৷ তেনে কাৰণতে কংগ্ৰেছ চৰকাৰৰ পতন হয় আৰু বিজেপি ক্ষমতালৈ আহে৷ সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হৈ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি প্ৰচাৰ কৰে৷ এনে প্ৰচাৰৰ মাজতে ঘটনাক্ৰমে অসম লোকসেৱা আয়োগত ধনৰ বিনিময়ত চাকৰি দিয়া হয় বুলি এগৰাকী প্ৰাৰ্থীয়ে দিয়া প্ৰমাণৰ পাছত ঘটনাই নতুন মোৰ লয়৷ ৰাকেশ পাল বাহিনীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰিবলগীয়া হয়৷ ধন দি চাকৰি লোৱা ভালেমান বিষয়াই গ্ৰেপ্তাৰ হৈ চাকৰি হেৰুৱায়৷ এই ঘটনাৰ বিচাৰ সমাপ্ত হোৱা নাই৷ এই বিষয়ত গঠিত বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া ন্যায়িক আয়োগে নতুন নতুন ব্যক্তিক চমন জাৰি কৰিছে৷
এনে ঘৃণনীয় অধ্যায়ৰ পাছত অসম লোকসেৱা আয়োগত কিছু সংস্কাৰ ঘটোৱা হয়৷ বিশ্বাসযোগ্যতা ঘূৰাই আনিবলৈ চেষ্টা চলি আছে৷ কিছু বিচু্যতি থাকিলেও যোৱাবেলি দিয়া ফলাফল ৰাইজে গ্ৰহণ কৰিছে৷ সোণোৱাল চৰকাৰৰ দৃঢ় স্থিতিৰ বাবেই ৰাকেশ পাল আদি আজিও জে’লতে আছে৷
সোণোৱাল চৰকাৰৰ দৃঢ় স্থিতিৰ মাজতে আৰক্ষীৰ উপ-পৰিদৰ্শক [এছ আই] নিযুক্তিত সংঘটিত হয় নজীৰবিহীন ঘটনা৷ ধনৰ বিনিময়ত চাকৰি প্ৰাৰ্থীক হোটেলত ৰাখি আগতীয়াকৈ বিতৰণ কৰা প্ৰশ্নকাকতৰ উত্তৰ লিখিবলৈ প্ৰশিক্ষণ দিয়া হয়৷ এই কাণ্ড পোহৰলৈ অহাত প্ৰাৰ্থীৰ লগতে কেইজনমান প্ৰভাৱশালী আৰক্ষী বিষয়া আৰু বিজেপি কৰ্মীও গ্ৰেপ্তাৰ হয়৷ এই ঘটনাৰো বিচাৰ চলি আছে৷ এছ আই নিযুক্তি কেলেংকাৰীয়ে ৰাজ্য জোকাৰি যোৱাৰ পাছত সিদ্ধান্ত লোৱা হয় চাকৰিৰ বাবে পৰীক্ষা পতাৰ দায়িত্ব দিয়া হ’ব ৰাজ্যৰ বিশ্ববিদ্যালয়কেইখনক৷
বিশ্ববিদ্যালয়ক চাকৰিৰ পৰীক্ষা পাতিবলৈ দিয়াৰ বাবে সিদ্ধান্ত লোৱাৰ অতি কম দিনৰ ভিতৰতে পোহৰলৈ আহিছে এপিডিচিএলৰ নিযুক্তি কেলেংকাৰীৰ কাহিনী৷ সৰিয়হৰ ডুলিতে ভূত দেখা গৈছে৷ বিজুলী ভৱনৰ কেলেংকাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মজিয়া পালেগৈ৷ নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী [ভিজিলেঞ্চ] কোষে অনুসন্ধান কৰি ইতিমধ্যে দহজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ হোৱাসকলৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্থায়ী কৰ্মচাৰী আৰু বিষয়া৷ ইতিমধ্যে প্ৰচাৰ হৈছে উপাচাৰ্যৰ ওচৰৰ মানুহৰ ছত্ৰছায়াতে গঢ়ি উঠিছে এক চোৰাং চক্ৰ৷ আইডল কেলেংকাৰীয়ে বিশ্ববিদ্যালয়ৰ গৌৰৱত কলংক লগোৱাৰ সময়ত বিশ্ববিদ্যালয়ৰ চৌহদত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ প্ৰৱেশ হৈ পৰিছে চৰ্চাৰ বিষয়৷ বিশ্ববিদ্যালয়ৰ ওপৰতো আস্থা স্থাপন কৰিব নোৱাৰি বুলি এক ধাৰণা গঢ় ল’বলৈ ধৰিছে, যিটো ৰাজ্যখনৰ ভৱিষ্যতৰ বাবেই গভীৰ ক্ষতিকাৰক বিষয় হ’ব!
দেখা গৈছে, উচ্ছ শিক্ষাৰ অৰ্থ হেৰাই যোৱাৰ পথত৷ শিক্ষিত ল’ৰা-ছোৱালীয়ে ভৱিষ্যতক লৈ সপোন দেখিব নোৱৰা অৱস্থা হৈছে৷ এটা চাকৰিৰ আশাত থকা শিক্ষিত নিবনুৱাৰ সপোন ছাৰখাৰ হৈছে৷ চাকৰিৰ পৰীক্ষা ব্যৱস্থাৰ প্ৰতি আস্থা হেৰাই যাবলৈ ওলাইছে৷ এটা বেয়া পৰম্পৰা আৰম্ভ কৰা হ’ল৷ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে বলিষ্ঠ ভূমিকা লোৱাৰ সময় হৈছে৷ ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত, শিক্ষিত নিবনুৱাৰ আস্থা ঘূৰাই আনিবলৈ, পঢ়ি থকাসকলে যাতে ভৱিষ্যতক লৈ সপোন দেখিবলৈ বাদ দিবলগীয়া নহয় তাৰ বাবে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে মাত মতাৰ প্ৰয়োজন হৈছে৷ অসমক পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ হ’লে শিক্ষিত যুৱক-যুৱতী, নিবনুৱা আৰু বৰ্তমানে পঢ়ি থকাসকলৰ মনত আশা জীয়াই ৰাখিব লাগিব৷ শিক্ষানীতিৰ পৰিৱৰ্তনে একো কৰিব নোৱাৰিব যদিহে আশাবোৰ, বিশ্বাসবোৰ এনেকৈ নিৰ্বাপিত হয়৷






