পৰ্যটন উদ্যোগলৈ নতুন আশা
দেশ এখনৰ অৰ্থনীতিত পৰ্যটনৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে৷ পৰ্যটনে এখন দেশৰ অৰ্থনীতি টনকিয়াল কৰিব পাৰে বুলি ক’লেও নিশ্চয় ভুল কৰা নহ’ব৷ কিন্তু কৰ’না অতিমাৰীৰ প্ৰাদুৰ্ভাৱৰ পাছত বিভিন্ন দেশত ঘোষণা কৰা নিষেধাজ্ঞা আৰু লকডাউনৰ বাবে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে পৰ্যটন ক্ষেত্ৰখন৷ এয়া কেৱল ভাৰতৰ কথা নহয়, সমগ্ৰ বিশ্বতে বিগত দুটা বছৰত পৰ্যটন উদ্যোগ বিপৰ্যস্ত হ’বলগীয়া হৈছে অতিমাৰীৰ বাবে৷ পৰ্যটকৰ আহ-যাহ বন্ধ হৈ যোৱা বাবে পৰ্যটন উদ্যোগৰ সৈতে জড়িত বহু লোকে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে, ভাৰতত ২০২০ বৰ্ষৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ২০নিযুততকৈও অধিক লোকে সংস্থাপন হেৰুৱাইছে৷ কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে যাত্ৰাৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে সকলো দেশৰে বৃহৎ পৰিমাণৰ লোকচান হৈছে৷ কৰ’না ভাইৰাছ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই যদিও শেহতীয়াভাৱে পৰিস্থিতি যথেষ্ট উন্নত হৈছে আৰু এই দিশলৈ লক্ষ্য ৰাখি বহু দেশে পৰ্যটন উদ্যাগক সকাহ দিয়াৰ বাবে নিষেধাজ্ঞা শিথিল কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ তথ্য অনুসৰি ২০২০ বৰ্ষত ভাৰতলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা তিনি নিযুততকৈও কম আছিল; পূৰ্বৰ বৰ্ষতকৈ সেই পৰিমাণ ৭৫ শতাংশতকৈও কম আছিল৷ পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে সেই সময়ছোৱাত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছিল হোটেল ব্যৱসায়ৰ সৈতে জড়িত লোকসকল৷ ব্যয় সংকোচনৰ বাবে তেওঁলোক মজুৰি কৰ্তন আৰু কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত ল’বলগীয়া হৈছিল৷
যদি দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ নজৰ দিয়া যায়, তেন্তে দেখা যাব যে অঞ্চলটোত ২০১৬ চনৰ পৰা ২০১৮ চনলৈ বিদেশী পৰ্যটকৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পাইছিল৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত সৰ্বাধিক পৰ্যটকৰ আগমন হয় ছিকিমলৈ৷ তাৰ পাছতে স্থান পায় অসমে৷ কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ আগলৈকে মেঘালয় আৰু অৰুণাচল প্ৰদেশতো পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল৷ কিন্তু কৰ’নাই এই অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰখনকো বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে৷ ২০২০ বৰ্ষৰ শেষৰভাগত ভাৰতত কৰ’নাৰ পৰিস্থিতি কিছু উন্নত হোৱাত ভাৰতৰ লগতে বিশ্বৰ আন বহু দেশত বিদেশী পৰ্যটকৰ উপস্থিতি আছিল উৎসাহজনক৷ প্ৰাপ্ত তথ্য মতে, ২০২০ বৰ্ষৰ অক্টোবৰৰ অন্তিম সপ্তাহটোৰ পৰা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল প্ৰায় ৬৪ হাজাৰ পৰ্যটকে৷ তাৰ বিপৰীতে ২০১৮-১৯ বৰ্ষত ২৫ হাজাৰতকৈ অধিক বিদেশী আৰু ৪৭ লাখতকৈ অধিক ভাৰতীয় পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছিল৷ নক’লেও হয় যে অসমৰ মুখ্য পৰ্যটনস্থলী হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ কাজিৰঙাৰ মুখ্য আকৰ্ষণ এশিঙীয়া গঁড় চোৱাৰ বাবেই প্ৰতি বছৰে দেশ-বিদেশৰ পৰ্যটকৰে ভৰি পৰে ৰাষ্ট্ৰীয় উদ্যানখন৷ কৰ’নাই বিপৰ্যস্ত কৰা ৰাজ্যৰ পৰ্যটন উদ্যোগক পুনৰ উজ্জীৱিত কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে পহিলা অক্টোবৰৰ পৰা ৰাজ্যখনৰ পৰ্যটনস্থলীবোৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ তাৰ লগতে উদ্যোগটোৰ সৈতে জড়িত লোকসকলৰ সকাহৰ বাবেও বিশেষ ব্যৱস্থা লোৱা হৈছে৷ এয়া নিঃসন্দেহে এক ইতিবাচক পদক্ষেপ৷
কাজিৰঙাৰ লগতে ৰাজ্যৰ আন ৰাষ্ট্ৰীয় উদ্যানকেইখন, চাহ বাগান, ঐতিহাসিক কীৰ্তিচিহ্নবোৰৰ উপৰি অসমত এনে আৰু বহু স্থান আছে, যিবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ এই স্থানবোৰ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিবলৈ হ’লে প্ৰয়োজন উপযুক্ত প্ৰচাৰৰ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত ছিকিম, অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো পৰ্যটনৰ ক্ষেত্ৰখনত ৰাজ্য চৰকাৰে অনুকৰণীয় পদক্ষেপ লৈছে, যাৰ বাবে ৰাজ্য দুখনত পৰ্যটকৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পাইছে৷ এটা কথা স্বীকাৰ কৰিব লাগিব যে কৰ’না ভাইৰাছ সহজে সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহাৰ সম্ভাৱনা নাই৷ সেয়েহে দেশত স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সম্পূৰ্ণ টিকাকৰণৰ গত্যন্তৰ নাই৷ সেয়েহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যিমান সোনকালে সম্ভৱ সকলো নাগৰিকক কৰ’নাৰ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা উচিত৷ অক্টোবৰ-নৱেম্বৰত ভাৰতত কৰ’নাৰ তৃতীয় ঢৌৱে আক্ৰমণ চলাব পাৰে বুলি ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞই সতৰ্ক কৰি দিছে৷ কৰ’নাৰ দ্বিতীয়টো ঢৌৱে দেশত যি সংহাৰ চলাইছিল, তাৰ পুনৰাবৃত্তি যাতে নঘটে, চৰকাৰে আগতীয়াকৈ তাৰ ব্যৱস্থা লোৱা উচিত৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ পৰা দেশৰ পৰ্যটন উদ্যোগক পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ সময়ৰ প্ৰয়োজন হ’ব৷ তথাপি উদ্যোগটোক পুনৰুজ্জীৱিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ক্ষেত্ৰৰ লোকক একগোট কৰি বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰিছে৷ চৰকাৰৰ এই পদক্ষেপে পৰ্যটন উদ্যোগৰ সৈতে জড়িতসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷






