Logo
image

শ্ৰেণীকোঠাৰ শিক্ষা

ক’ভিড অতিমাৰীয়ে ৰাজ্যৰ শিক্ষাখণ্ডক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে৷ বিগত প্ৰায় দুটা বছৰে নতুনকৈ বিদ্যালয়লৈ যাব লগা কণ কণ ল’ৰা-ছোৱালীয়ে বিদ্যালয়ৰ মুখ নেদেখাকৈয়ে ভিডিঅ’-অডিঅ’ৰ জৰিয়তে শিক্ষা লাভৰ চেষ্টা কৰিছে৷ হয়তো এইচাম শিক্ষাৰ্থীৰ মনত শিক্ষা মানেই অডিঅ’-ভিডিঅ’ৰ পাঠ বুলিও এটা ধাৰণা সোমাই গৈছে৷ এনে শিক্ষাৰ্থীয়ে আকৌ নতুনকৈ বিদ্যালয়ৰ পৰিৱেশত কিদৰে সহজ হয়, সেয়া অভিভাৱকৰ বাবে ডাঙৰ সমস্যা হ’ব৷ ক’ভিডৰ সংক্ৰমণ এতিয়াও নিৰ্মূল হোৱা নাই, তদুপৰি ১৮ অনূধবৰ্ ল’ৰা-ছোৱালীক এতিয়াও ক’ভিড-প্ৰতিষেধক টিকা দিয়া নাই৷ আনকি ১৮ ঊধবৰ্ৰ লোকৰো আটাইকে এতিয়াও ক’ভিড টিকাকৰণ সম্পূৰ্ণ কৰাব পৰা নাই৷ ইফালে ক’ভিডৰ তৃতীয় ঢৌৱে ভাৰতক আকৌ আক্ৰান্ত কৰিব বুলি চিকিৎসা বিশেষজ্ঞসকলে কৈ আছে৷  তৃতীয় ঢৌত দেশৰ শিশুসকল বেছিকৈ আক্ৰান্ত হ’ব বুলিও আশংকা প্ৰকাশ কৰিছে৷ এনে অৱস্থাত শিক্ষাৰ্থীৰ ভৱিষ্যৎ জীৱনৰ কথা চিন্তা কৰি  চৰকাৰে ১৯ অক্টোবৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ দিছে৷ মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছ অ’ পি অনুসৰি পহিলা অক্টোবৰৰ পৰা নৱম শ্ৰেণীকে ধৰি স্নাতক-স্নাতকোত্তৰৰ সকলো ষাণ্মাসিকৰে শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰাৰ অনুমতি দিছে৷ ইয়াৰ উপৰি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰো পাঠদান ১৯ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ দিছে৷ সকলো স্তৰৰ শিক্ষাৰ্থীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদানৰ ব্যৱস্থা নিঃসন্দেহে ছাত্ৰ-ছাত্ৰীৰ বাবে এক অতিশয় শুভ খবৰ৷ কিয়নো মহামাৰী কালত যদিও অনলাইন ব্যৱস্থাৰে শিক্ষা ব্যৱস্থাক আগবঢ়াই নিয়া হৈছে, অনলাইন শিক্ষাৰ পৰা কিন্তু বুজনসংখ্যক শিক্ষাৰ্থী বঞ্চিত হৈছে৷ বিশেষকৈ গাঁও অঞ্চলৰ দুখীয়া ছাত্ৰ-ছাত্ৰীসকল ক’ভিড কালত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে৷ প্ৰাথমিক স্তৰত অধ্যয়ন কৰা দুখীয়া পৰিয়ালৰ বহু ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে আহৰণ কৰা পাঠ্যভিত্তিক বহু কথা পাহৰি গৈছে৷ কাজেই সেইসকল শিক্ষাৰ্থীক পুনৰ গুৰিৰ পৰাই আগবঢ়াই নিব লাগিব৷ শ্ৰেণীকোঠাত শিক্ষকসকলে এতিয়া দুটা স্তৰৰ শিক্ষাৰ্থীক পাব– যিয়ে অনলাইন ব্যৱস্থাৰে কিছু হ’লেও জ্ঞান লাভ কৰিছে আৰু এচাম এনে শিক্ষাৰ্থী পাব, যিয়ে অনলাইনৰ কোনো সুবিধা গ্ৰহণ কৰিব নোৱাৰিলে৷ শ্ৰেণীকোঠাত শিক্ষকসকলে কিদৰে সকলো শিক্ষাৰ্থীক শৈক্ষিক দিশত আগবঢ়াই নিয়ে, সেয়া হ’ব লক্ষণীয় বিষয়৷ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ১৯ অক্টোবৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পাঠদান সপ্তাহতে তিনিদিনকৈ হ’ব৷ আনহাতে উচ্ছ প্ৰাথমিক শ্ৰেণীত প্ৰতিটো শ্ৰেণীকোঠাত ৩০জনকৈহে শিক্ষাৰ্থী উপস্থিত থাকিব পাৰিব৷ অৱশ্যে, কোনো জিলাত যদি ক’ভিড আক্ৰান্তৰ সংখ্যা দৈনিক ২ শতাংশ হয়, তেন্তে তেনে জিলাৰ শিক্ষানুষ্ঠান উপায়ুক্তই পুনৰ বন্ধ ঘোষণা কৰিব পাৰিব৷ ইয়াৰ উপৰি শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি নিজৰ ল’ৰা-ছোৱালীক যদি কোনো অভিভাৱকে শিক্ষানুষ্ঠানলৈ পঠিয়াব নিবিচাৰে তেন্তে তেনে শিক্ষাৰ্থীৰ বাবে শিক্ষানুষ্ঠান কতৃৰ্পক্ষই অনলাইনযোগে শিক্ষাদান কৰিব লাগিব৷ 

যি সময়ত ৰাজ্যৰ প্ৰায়বোৰ ক্ষেত্ৰতে স্বাভাৱিক অৱস্থা বাহাল ৰখাৰ চেষ্টা কৰিছে, তেনে অৱস্থাত শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ ক’ভিড বিধি মানি সকলোৱে ৰাজ্যৰ শিক্ষাব্যৱস্থাক আগবঢ়াই নিয়াহে যুগুত৷ অনলাইন শিক্ষাব্যৱস্থাই সকলো শিক্ষাৰ্থীক সামৰি ল’ব নোৱৰাৰ উপৰি যিখিনিক সামৰি লৈছে, সেইখিনিৰো কিমানে কিমান উপকৃত হৈছে, সেয়া সন্দেহৰ বিষয়৷ অসমৰ আজিৰ পৰিস্থিতিত এতিয়াও শ্ৰেণীকোঠাৰ শিক্ষাহে শিক্ষাৰ্থীৰ জ্ঞান আহৰণৰ অন্যতম ব্যৱস্থা৷ যিমান সোনকালে শিক্ষানুষ্ঠানসমূহ খোলা হয়, সিমানে শিক্ষাৰ্থীৰ মংগল৷ কিন্তু শিক্ষাৰ্থীয়ে যাতে কোনো কাৰণতে ক’ভিড বিধি উলংঘা নকৰে, তাৰ প্ৰতি শিক্ষানুষ্ঠানৰ কতৃৰ্পক্ষই সতৰ্ক দৃষ্টি ৰাখিব লাগিব৷ অভিভাৱকসকলেও শিক্ষাৰ্থীৰ  স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাৰ লগতে ক’ভিড প্ৰট’কল মানি শিক্ষাৰ্থীৰ শিক্ষাৰ প্ৰতিও গুৰুত্ব দিব লাগিব৷