চমক!
আজিৰ পৰা পাঁচ বছৰৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল চৰকাৰে নদীদ্বীপ মাজুলীত নিজ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল৷ আৰু আজি পুনৰ একেখন চৰকাৰৰ আন এজন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বৈঠক দিছপুৰৰ পৰা ৪৪৪ কিলোমিটাৰ নিলগৰ ধেমাজিত অনুষ্ঠিত কৰিলে৷
পদেক্ষপটো অতি উত্তম, মাজুলী বা ধেমাজী কিয় অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হওক এনে বৈঠক৷ ক্ষমতাৰ প্ৰাণকেন্দ্ৰ কিয় এখন ঠাই হ’ব লাগে! সমবিকাশ, সম-অধিকাৰ বা সম-উন্নয়নৰে সকলোকে সামৰি ল’বলৈ হ’লে ক্ষমতাপ্ৰাপ্ত ব্যক্তিসকল জনগণৰ ওচৰ চাপি যাব লাগিব৷ কিন্তু এটা কাম কৰোঁতে এই কথাটোও লক্ষ্য কৰিব লাগিব যে সেই কামৰ পৰা কি লাভ পোৱা যাব৷ নিশ্চয়কৈ ৰাজ্যখনৰ সকলো মন্ত্ৰী-মোদাগৰ এখন ভিতৰুৱা ঠাইলৈ যাব, সেই লৈ সকলোৰে দৃষ্টি থাকিব৷ বিভাগসমূহে নিজৰ নিজৰ কাম সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব৷ আজি গোগামুখ চহৰ যিদৰে জিলিকি উঠিছে, সেইদৰে মাজুলীও ২০১৬ৰ অক্টোবৰতে জিলিকি উঠিছিল৷ কিন্তু সেই কেবিনেটে মাজুলীক লৈ যিবোৰ সিদ্ধান্ত লৈছিল, সেইবোৰ কাৰ্যকৰী হ’লনে? সেই কথাও পৰৱৰ্তী সময়ত দৃষ্টি দিয়া প্ৰয়োজন, অন্যথা এনেবোৰ কামে সাময়িক চমক দিব পাৰিব, কিন্তু দীৰ্ঘম্যাদী কোনো ফল নিদিব৷ বৰঞ্চ আজি গোগামুখ চহৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে তথাকথিত জিলিকাবলৈ যাওঁতে যিবোৰ সাধাৰণ খাটিখোৱা, সাধাৰণ জীৱিকা আৰ্জন কৰি থকা লোকক উচ্ছেদ কৰা হৈছে, তেনে মানুহৰ দুখ-দুৰ্গতি বাঢ়িহে যাব৷ যিদৰে মাজুলীৰ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ আজি পাঁচ বছৰ অতিক্ৰম কৰাৰ পাছতো মাজুলীৰ মানুহ নাও ডুবি মৰিব লগা হৈ আছে৷ শিক্ষা-চিকিৎসা, ব্যৱসায়-বাণিজ্যৰ বাবে মাজুলী পাৰ হ’বলৈ ৰাতি দুপৰৰ পৰা পাৰঘাটত আহি শাৰী পাতিব লগা গৈছে৷ আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সংকট অহাৰ লগে লগে চাৰি বছৰত দলং নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা কৰিব পৰা হ’ল৷ কিন্তু ইতিমধ্যে আধাৰশিলাৰ ৬টা বছৰ অতিক্ৰম কৰিলে৷ আজিৰ তাৰিখত যদি মাজুলীৰ দলং হ’লহেঁতেন তেন্তে নাও দুৰ্ঘটনাৰ দৰে ঘটনাৰ পৰা কেৱল হাত সাৰিব পৰা হ’লহেঁতেন এনে নহয়, মাজুলীৰ ব্যৱসায়-বাণিজ্য, শিক্ষা-স্বাস্থ্য আদিৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আহিলহেঁতেন৷ মাজুলীৰ মানুহৰ অৰ্থনৈতিক বিকাশ হ’লহেঁতেন৷ ঘণ্টাৰ পাছত ঘণ্টা পাৰাপাৰ হ’বলৈ হোৱা সময়ৰ অপচয় নহ’লহেঁতেন৷
অসমৰ বিজেপি চৰকাৰৰ বিগত পাঁচটা বছৰ কেৱল পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কওঁতেই পাৰ হৈ গ’ল৷ বৰ্তমান চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মায়ো শাসনলৈ আহিয়ে অনাগত পাঁচটা বছৰৰ ভিতৰত অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত কৰাৰ সংকল্পৰ কথা কৈছে৷ কিন্তু চৰকাৰে বিগত চাৰিটা মাহে যিবোৰ কাম কৰিছে, সেইবোৰ কামে অসমক শ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব পাৰিবনে? এই শংকা ইতিমধ্যহ্লঘনীভূত হৈছে৷
বিশেষকৈ অপৰাধী বুলি গ্ৰেপ্তাৰ কৰা লোকক এনকাউণ্টাৰ কৰিবলৈ আৰক্ষীক উৎসাহিত কৰা [যিটো বহু ক্ষেত্ৰত ভুৱা এনকাউণ্টাৰ বুলি ইতিমধ্যে অসমৰ মানুহ পতিয়ন গৈছে]! ড্ৰাগ্ছৰ বিৰুদ্ধে চলোৱা অভিযানৰ ৰেহৰূপৰ লগতে ড্ৰাগ্ছৰ ওপৰত মুখ্যমন্ত্ৰীজনে ৰ’লাৰ চলোৱা, বিশ্বৰ ঐতিহ্য এশিঙীয়া গঁড়ৰ খড়গ দাহন কৰা, দালালৰ নামত একাংশক গ্ৰেপ্তাৰ কৰি একাংশক দললৈ ৰঙা দলিচা পৰা, উচ্ছেদৰ নামত অমানৱীয় দৃষ্টিৰে মানুহক গুলীয়াই মৰা আদি ঘটনাই অনাগত সময়ৰ এখন উন্নত অসমৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈ অনাত কোনো সহায় কৰা নাই৷ বৰঞ্চ এক বিভীষিকাময় অসমৰ প্ৰতিচ্ছবিহে সন্মুখলৈ আহিছে!
এনেবোৰ ক্ষন্তেকীয়া চমক সৃষ্টিত গুৰুত্ব দিয়াতকৈ চৰকাৰে প্ৰাথমিক গুৰুত্ব দিব লাগিছিল ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে৷ সকলো বিদ্যালয়-মহাবিদ্যালয়, কাৰিকৰী শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়ত প্ৰয়োজন অনুসাৰে শিক্ষক নিযুক্তি দিয়া, শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দিব লাগিছিল, কিন্তু শিক্ষামন্ত্ৰীয়ে বিদ্যালয় একত্ৰীকৰণৰ নামত বিলুপ্তিকৰণত গুৰুত্ব দিয়াত অনাগত সময়ত অসমৰ শিক্ষা ব্যৱস্থাই কেনি গতি কৰিব সেয়া চিন্তনীয় বিষয়৷ আনহাতে, অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিব তেতিয়াহে যেতিয়া ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ উন্নয়ন হ’ব৷ এই ক্ষেত্ৰতো কেৱল চমক সৃষ্টিৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা কৰিলেই নহ’ব৷ বৰ্তমান থকা চিকিৎসা মহাবিদ্যালয়সমূহৰ অৱস্থা কেনেকুৱা তাক দৃষ্টি দিয়াৰ লগতে সেইবোৰৰ মান উন্নত কৰিবলৈও গুৰুত্ব দিব লাগিব৷ এতিয়াও সেইসমূহত চিকিৎসা কৰিবলৈ চিকিৎসকৰ অভাৱেই নহয় বহু আন্তঃগাঁথনিগত সমস্যাৰ বাবে ৰোগীয়ে জীয়াতু ভুগিব লগা হৈছে৷ এইবাৰৰ বাজেটত চৰকাৰে এহাজাৰখন গ্ৰাম্য উপ-স্বাস্থ্যকেন্দ্ৰক চিকিৎসালয়লৈ উন্নীত কৰাৰ প্ৰস্তাৱ কৰিছিল, সেইবোৰৰ কি হ’ল? এইবোৰ কথাত গুৰুত্ব দি চৰকাৰ আগবাঢ়িলে অসমৰ ভৱিষ্যৎ ভাল হ’ব৷ অন্যথা পাঁচ বছৰ পাছত আমি পুনৰ সেইখন অসমৰ ছবিহে দেখিম যিখন কোনেও বাঞ্ছা নকৰে৷






