দুৰ্নীতি, অনিয়ম নিয়ন্ত্ৰণ আৰু স্বচ্ছ প্ৰশাসন যন্ত্ৰৰ প্ৰয়োজনীয়তা
সম্প্ৰতি অসমত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশমৰ্মে কয়লা, ড্ৰাগ, চুপাৰি, গৰু, শিল-বালি আদিৰ অবৈধ ব্যৱসায়ৰ লগতে ৰাজ্যৰ চৰকাৰী বিভাগসমূহত অব্যাহত থকা দালালৰাজৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত আছে৷ বহু অবৈধ ব্যৱসায়ত জড়িত শ্ৰেণীৰ বিৰুদ্ধে আৰক্ষীৰ দ্বাৰা এনকাউণ্টাৰ, অবৈধ বেদখল উচ্ছেদ অভিযানৰ সময়ত গুলীচালনা, দালালক প্ৰতিহত কৰাৰ নামত এক চমক সৃষ্টিহে কৰা হৈছে বুলি একাংশই চৰকাৰক সমালোচনা কৰিলেও বহুতে দুৰ্নীতি, অনিয়ম, ছিণ্ডিকেট বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমৰ্থনো কৰা পৰিলক্ষিত হৈছে৷ কাজেই চৰকাৰৰ কঠোৰ ব্যৱস্থাৰ বাবে শ শ লোক জে’ললৈ গৈছে৷ ইতিমধ্যে এপিডিচিএল নিয়োগ কেলেংকাৰী, এপিএছচি কেলেংকাৰী, প্ৰৱঞ্চক-দালাল আদিকে ধৰি বিভিন্ন বিভাগত চলি থকা দুৰ্নীতি-অনিয়মসমূহৰ তদন্ত সম্পূৰ্ণ হ’লে কিমান লোক জে’ললৈ যাব তাৰ সীমা সংখ্যা নাই৷ আমাৰ দল, সংগঠন, সচেতন ব্যক্তি, বুদ্ধিজীৱী সকলোৱে দুৰ্নীতিগ্ৰস্তক কঠোৰ শাস্তি প্ৰদান কৰাৰ পক্ষে মত পোষণ কৰে৷ শাসক-বিৰোধী পক্ষত থকা ৰাজনৈতিক দলৰ নেতা-মন্ত্ৰীয়েও মেলে-মিটিঙে দুৰ্নীতি, অনিয়ম নিৰ্মূলৰ কথা কয়৷ সমাজৰ বিভিন্ন স্তৰৰ লোকে এয়া বিচৰা সত্ত্বেও কিয় দুৰ্নীতি নিয়ন্ত্ৰণ হোৱাৰ পৰিৱৰ্তে দিনকদিনে ই নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে সেয়া নিতান্তই বিচাৰ্যৰ বিষয়৷ অসমত শিক্ষিতৰ হাৰ বৃদ্ধি পাইছে৷ ২০২১ চনৰ জৰীপমতে অসমত শিক্ষিতৰ হাৰ ৭২.১৯ শতাংশ৷ ভাৰতত শিক্ষিতৰ হাৰ ৭৪.০৪ শতাংশৰ তুলনাত অসমৰ সামান্য কম হ’লেও অসমত শিক্ষাৰ প্ৰসাৰতাক অস্বীকাৰ কৰিব নোৱাৰি৷ কিন্তু শিক্ষাৰ প্ৰসাৰতাৰ বিপৰীতে শিক্ষাৰ গভীৰতা কিমান বৃদ্ধি পাইছে সেয়াহে সন্দেহৰ বিষয়৷ বিগত কিছুদিনৰ অসমত সংঘটিত কেতবোৰ কেলেংকাৰীলৈ লক্ষ্য কৰিলে দেখা যায় যে বিশ্ববিদ্যালয়ৰ সৰ্বোচ্ছ পদত থকা, অতি সন্মানীয় উপাচাৰ্যৰ দৰে ব্যক্তি, পঞ্জীয়ক, পৰীক্ষা নিয়ন্ত্ৰক আৰু অন্যান্য বিষয়া আদিয়ে নীতিবহিৰ্ভূত কাৰ্যত লিপ্ত হৈ নিলম্বিত হৈছে আৰু একাংশই গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছে৷ শিক্ষাদানৰ দৰে মহান বৃত্তিত নিয়োজিত অধ্যাপকে যৌন জীৱনৰ ভিডিঅ’ নিৰ্মাণ, ছাত্ৰীলৈ যৌন সম্পৰ্ক বিচাৰি মেছেজ কৰাৰ দৰে ঘৃণনীয় কামত জড়িত হৈ সমগ্ৰ সমাজখনক লজ্জানত কৰিছে৷ ডিআইজি, আৰক্ষী অধীক্ষকৰ দৰে পদত অধিষ্ঠিত ব্যক্তিয়ে প্ৰশ্ন কাকত বিক্ৰী কৰে লক্ষ লক্ষ টকাৰ বিনিময়ত৷ এচিএছৰ জ্যেষ্ঠ পদত অধিষ্ঠিত হৈ অতি কম সময়তে পৰ্বতসম ধন-সম্পত্তিৰ মালিক হৈ বিষয়াই ৰঙাঘৰৰ ভাত খোৱাৰ উদাহৰণ দিনকদিনে বৃদ্ধি পাইছে৷ বৰ্তমান অসমত নৱগঠিত চৰকাৰখনে পূৰ্বৰ চৰকাৰৰ সময়ত হোৱা ছিণ্ডিকেট, অনিয়ম, দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ মুহূৰ্তত এই দিশটোকো উলাই কৰা সমীচিন নহ’ব যে বৰ্তমান চৰকাৰৰ বহুকেইজন মন্ত্ৰী, বিধায়ক আগৰ চৰকাৰখনতো কাৰ্যনিৰ্বাহ কৰিছিল৷ বহু কোটি টকাৰ ৰাজহ ফাঁকি, জিএছটি অবিহনে কয়লা, চুপাৰি আদিৰ সৰবৰাহ হোৱাটো এতিয়া জল্জল পট্পট হৈ পৰিছে৷ এতিয়া বিষয়া-কৰ্মচাৰী, আৰক্ষী, ব্যৱসায়ী আদিক জালত পেলাই শাস্তি বিহাটো সমৰ্থনযোগ্য৷ কিন্তু সংশ্লিষ্ট, বিভাগীয় মন্ত্ৰীৰ অগোচৰে এইবোৰ হৈছে বুলি দুগ্ধপোষ্য শিশুৱেও বিশ্বাস নকৰে৷ ঠিক তেনেদৰে অতি ক্ষমতাশালী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়াৰ দ্বাৰা আশীৰ্বাদপুষ্ট নহলে এনেবোৰ কাম যে কেতিয়াও নহয় সেয়া সকলোৰে জ্ঞাত৷ কিন্তু আমাৰ প্ৰশাসনিক ছিষ্টেমটো এনেদৰে গঠন কৰা হৈছে যে– ‘ৰৌ-বৰালি সৰকি যায়, পুঠি-খলিহনা পাহে পাহে ৰয়৷’ বৰ্তমান তেনে বহুজনে পৰিস্থিতিৰ সংগতি ৰাখি ‘ৰাম নাম’ মুখত লৈছে বা শীৰ্ষ নেতৃত্বৰ আপোচহীন মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি অলপ ‘চুপে চাপে’ আছে যদিও এয়া কিমান দিনলৈ অব্যাহত থাকিব তাক সময়েহে উত্তৰ দিব৷ মাটিৰ দালাল, পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ দালাল, সচিবালয়ত থকা দালালক প্ৰশ্ৰয় দিয়ে কোনে? কাৰ্যালয়ৰ শীৰ্ষ বিষয়াৰ পৰা কৰ্মচাৰীলৈকে সকলোৰে জ্ঞাতসাৰেই দালালৰাজ চলে৷ ইয়াৰ পৰা পৰোক্ষভাৱে পাবলগীয়াসকলে ‘প্ৰাপ্য’টো পায়৷ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা দালালৰ বিৰুদ্ধে উপায়ুক্তসকলে অলপতে দিয়া এজাহাৰতে এইবোৰ দিশ স্পষ্টভাৱে প্ৰতিফলিত হৈছে৷ ৰাজধানী চহৰ গুৱাহাটীত মাটিৰ দালালে কাৰ আশীষধন্য হৈ লোকৰ মাটি হস্তান্তৰ কৰে সেই বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই৷ সাধাৰণ ৰাইজে বিচাৰিছে এইবোৰৰ অৱসান হওক৷ কিন্তু এইবোৰ সঠিকভাৱে অগ্ৰসৰ হ’বলৈ হ’লে প্ৰতিটো বিভাগৰ কাম-কাজ, পৰিচালন নীতিৰ ক্ষেত্ৰত স্বচ্ছতাৰ প্ৰয়োজন হ’ব৷ প্ৰশাসনিক ব্যৱস্থাটোক অধিক দক্ষ, গতিশীল কৰি তুলিবলৈ হ’লে ‘মেকানিজিমো’ সলনি কৰিব লাগিব৷ এই ক্ষেত্ৰত চৰকাৰে কেৰালা, দিল্লী, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যৰ মডেল গ্ৰহণ কৰিব পাৰে৷ শেহতীয়াকৈ মিছন বসুন্ধৰাৰ যোগেদি ‘মোৰ মাটি মোৰ অধিকাৰ’, ভূমি নথি উন্নীতকৰণৰ ক্ষিপ্ৰ সেৱা, অনা-জৰীপ, জৰীপকৃত গাঁৱৰ পুনঃজৰীপ আদি সঠিকভাৱে কাৰ্যকৰী হ’বলৈ হ’লে ইয়াৰ লগত জড়িত সকলোৱে আত্মনিয়োগ কৰিব লাগিব, প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব লাগিব৷ ৰাইজেও এই ক্ষেত্ৰত সঁহাৰি দিব লাগিব৷ কেৱল গ্ৰেপ্তাৰ, শাস্তিৰে ‘ছিষ্টেম’ৰ পৰিৱৰ্তন নহয়৷ সেই কথাও চৰকাৰে চিন্তা কৰক!






