Logo
image

মহাবিদ্যালয় পৰিচালনাত অনিয়ম

বিশ্ববিদ্যালয় অনুদান আয়োগ [ইউজিচি] হ’ল দেশৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ নিয়ন্ত্ৰক সংস্থা৷ ইউজিচিয়ে বিশ্ববিদ্যালয়-মহাবিদ্যালয় পৰিচালনাৰ নীতি-নিয়ম প্ৰস্তুত কৰে, ইবিলাকত উপাচাৰ্য, অধ্যক্ষ আৰু অধ্যাপক নিয়োগৰ অৰ্হতা আৰু মান নিৰূপণ কৰে৷ ইউজিচিয়ে ইয়াৰ স্বীকৃত শিক্ষানুষ্ঠানক অনুদান আগবঢ়ায়৷ ইউজিচিৰ স্বীকৃতি অবিহনে কোনেও কোনো পাঠ্যক্ৰম চলাব নোৱাৰে, ডিগ্ৰী দিব নোৱাৰে৷ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ উপাচাৰ্য, অধ্যক্ষ, অধ্যাপকসকলৰ দৰমহা আৰু পদোন্নতিৰ ক্ষেত্ৰতো নীতি-নিৰ্ধাৰণ কৰে এই ইউজিচিয়ে৷ উচ্ছশিক্ষা বিষয়টো উমৈহতীয়া তালিকাত অন্তৰ্ভুক্ত৷ সেই হিচাপত কেন্দ্ৰ আৰু ৰাজ্য-উভয় চৰকাৰে উচ্ছশিক্ষাবিষয়ক নীতি প্ৰস্তুত কৰিব পাৰে যদিও বিশ্ববিদ্যালয়-মহাবিদ্যালয়সমূহে ইউজিচিৰ নীতি-নিয়মৰ আধাৰতে চলি আহিছে৷ পৰিস্থিতি-পৰিৱেশসাপেক্ষে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ সামান্য নীতি-নিয়ম কিছু সালসলনি কৰিব পাৰে যদিও মূল নীতিৰ পৰা আঁতৰি আহিব নোৱাৰে৷

অসমত তিনি প্ৰকাৰৰ মহাবিদ্যালয় আছে– চৰকাৰী, প্ৰাদেশীকৃত আৰু বেচৰকাৰী মহাবিদ্যালয়৷ আটাইবোৰে ইউজিচিৰ নিয়মাৱলীৰ অধীনত চলিব লাগে৷ বৰ্তমানৰ প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহক আগতে ঘাটিমঞ্জুৰিপ্ৰাপ্ত মহাবিদ্যালয় বুলি জনা গৈছিল৷ তেতিয়া মহাবিদ্যালয়সমূহক চলিবলৈ বছৰি ঘাটি হোৱা পৰিমাণৰ ধনখিনি চৰকাৰে মঞ্জুৰি হিচাপে আগবঢ়াইছিল৷ ২০০৫ চনত আইনযোগে মহাবিদ্যালয়সমূহক প্ৰাদেশিকীকৰণ কৰা হয়৷ এই ব্যৱস্থাত স্থায়ী শিক্ষক, কৰ্মচাৰীৰ দৰমহা আৰু পেন্সনকে ধৰি অৱসৰকালীন সুবিধা আদায়ৰ দায়িত্ব চৰকাৰে লয়৷ ১৯৫৬ চনৰ নৱেম্বৰত গঠিত ইউজিচিয়ে সময়ে সময়ে বিভিন্ন নীতি-নিৰ্দেশনা প্ৰস্তুত আৰু জাৰি কৰি আহিছে৷ ২০১৮ চনত ইউজিচিৰ শেহতীয়া নিৰ্দেশাৱলী প্ৰকাশ পাইছে৷ তদুপৰি ইউজিচিয়ে সময়সাপেক্ষে জাননী জাৰি কৰি দেশত সাধাৰণ উচ্ছশিক্ষাৰ মান ৰক্ষাৰ চেষ্টা কৰি আহিছে৷ দেখা গৈছে– অসমৰ মহাবিদ্যালয়সমূহ পৰিচালনাৰ ক্ষেত্ৰত বহু বিষয়ত ইউজিচিৰ নীতি-নিয়ম অমান্য কৰা হৈছে৷ জানি-বুজিও চৰকাৰে প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ নিজাকৈ নীতি-নিয়ম প্ৰস্তুত কৰাৰ ফলত মহাবিদ্যালয় পৰিচালনাত বহুত খেলিমেলি হোৱা দেখা গৈছে৷ উচ্ছশিক্ষাৰ গুণগত মান বৃদ্ধিৰ নামত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰী থকা কালত নিজা উদ্যোগত বহু নিয়ম সলনি কৰিছিল৷ এতিয়া মুখ্যমন্ত্ৰী আৰু আইনৰ ছাত্ৰ হিচাপে তেওঁ অসমৰ মহাবিদ্যালয় পৰিচালনাত ইউজিচিৰ নীতি-নিয়ম-নিৰ্দেশনা-জাননী আদিৰ সঠিক প্ৰয়োগত গুৰুত্ব দিয়া উচিত৷ সংস্কাৰৰ পক্ষত থকা নতুন শিক্ষামন্ত্ৰী, বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি অহা চৰকাৰৰ শিক্ষা উপদেষ্টা, উচ্ছশিক্ষা সঞ্চালকৰ চকীত থকা অসম অসামৰিক সেৱাৰ বিষয়া আৰু সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল এইক্ষেত্ৰত সতৰ্ক হোৱা প্ৰয়োজন, যাতে উচ্ছশিক্ষাৰ পৰিচালনাৰ ক্ষেত্ৰত ইউজিচিৰ নীতি-নিয়মসমূহ ভংগ কৰা নহয়৷ ভৱিষ্যৎ দেশ পৰিচালনাৰ দায়িত্ব ল’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলে উচ্ছশিক্ষা গ্ৰহণ কালত নিজৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়খনত নীতি-নিয়ম ভংগ হোৱা, অন্যায়-অবিচাৰ চলা আৰু দুৰ্নীতি সংঘটিত হোৱা দেখিব নালাগিব৷ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে অধ্যাপক, অধ্যক্ষ আৰু উপাচাৰ্যসকলৰ কাম-কাজ আৰু স্বভাৱ-চৰিত্ৰ-আচৰণ-কথা-বাৰ্তাৰ দ্বাৰা প্ৰভাৱিত হয়৷ তেনে কাৰণতে সংশ্লিষ্ট সকলোপক্ষই নীতিৰ ক্ষেত্ৰত সতৰ্ক হোৱা প্ৰয়োজন৷

অসমৰ মহাবিদ্যালয়সমূহত ইউজিচিৰ নীতি-নিয়ম ভংগৰ বহুত উদাহৰণ প্ৰত্যক্ষ কৰি থকা হৈছে৷ ইউচিজিৰ নিৰ্দেশাৱলীত স্পষ্টভাৱে কোৱা হৈছে–মহাবিদ্যালয়ৰ একোটা বিভাগত মুঠ পদৰ ১০ শতাংশৰ বেছি ঠিকাভিত্তিক শিক্ষক থাকিব নালাগে৷ কোৱা আছে,  ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিৰ বাবেও অৰ্হতা আৰু দৰমহা একে হ’ব লাগে৷ ৰাজ্যৰ প্ৰায় সকলো মহাবিদ্যালয়তে যথেষ্টসংখ্যক ঠিকাভিত্তিক শিক্ষকক অতি কম দৰমহাত খটুৱাই থকা হৈছে৷ ইউজিচিৰ নিয়মমতে মহাবিদ্যালয় এখনত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত সাক্ষাৎকাৰ আৰু  নিৰ্ধাৰিত নম্বৰৰ ব্যৱস্থা আছে৷ অসমত এই নিয়ম ভংগ কৰি থকা হৈছে৷ আগৰ শিক্ষামন্ত্ৰীৰ দিনতে গাৰ জোৰত নিয়ম সলনি কৰি সাক্ষাৎকাৰত নম্বৰ নোহোৱা কৰি পেলোৱা হৈছিল৷ বহু বিতৰ্কৰ অন্তত শেহতীয়াভাৱে অতি কম নম্বৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷

অসমৰ মহাবিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰতো ইউজিচিৰ নিৰ্দেশাৱলী ভংগ কৰি থকা হৈছে৷ নিয়মমতে অধ্যক্ষ নিযুক্তি সমিতিৰ সভাপতি হ’ব লাগে সংশ্লিষ্ট মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিজন৷ সমিতিত থাকিব লাগে পৰিচালনা সমিতিৰ দুজন সদস্য, বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনৰ দ্বাৰা মনোনীত উচ্ছশিক্ষা বিষয়ৰ দুজন বিশেষজ্ঞ আৰু বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষই অনুমোদন কৰা ৬জনীয়া বিশেষজ্ঞৰ তালিকাৰ পৰা তিনিজন [এজন অধ্যক্ষ, এজন অধ্যাপক আৰু এজন শিক্ষাবিদ] সদস্য৷ তদুপৰি, বিশ্ববিদ্যালয় কতৃৰ্পক্ষই অনুমোদন জনোৱা প্তজনীয়া তালিকাৰ পৰা পৰিচালনা সমিতিৰ সভাপতিয়ে ৩জন বিষয় বিশেষজ্ঞ নিৰ্বাচন কৰিব লাগে৷ অনুসূচিত জাতি-জনজাতি, মহিলা, বিশেষভাৱে সক্ষম প্ৰাৰ্থী থাকিলে এজন বিশেষজ্ঞ এনে শ্ৰেণীৰ পৰা উপাচাৰ্যই মনোনিত কৰিব লাগে যদিহে বিশেষজ্ঞসকলৰ মাজত এনে কোনো বিশেষজ্ঞ নাথাকে৷ আগৰ শিক্ষামন্ত্ৰীয়ে অসমৰ কিছুমান মহাবিদ্যালয়ত সংঘটিত অনিয়মৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ব্যৱস্থাটোৱে সলনি কৰে৷ এনে নিয়মত সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনক অধ্যক্ষ নিযুক্তি সমিতিৰ সভাপতি পাতি মহাবিদ্যালয় পৰিচালনা সমিতি আৰু তাৰ সভাপতিৰ গুৰুত্ব নাইকিয়া কৰা হৈছে৷ আওপকীয়াকৈ পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্যসকলৰ নিৰপেক্ষতা আৰু সক্ষমতাত ৰাজহুৱাভাৱে সন্দেহ প্ৰকাশ কৰা হৈছে, যিটো ইউজিচিৰ নিয়মৰ সম্পূৰ্ণ উলংঘন৷

বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নেতৃত্বত সমিতি গঠন কৰিলেই ৰাজ্যত অধ্যক্ষ নিযুক্তিত নিৰপেক্ষতা অৱলম্বন কৰা হ’ব আৰু ৰাজনৈতিক প্ৰভাৱ নাথাকিব বুলি ভবাৰ যুক্তি নাই৷ বৰঞ্চ, উপাচাৰ্যৰ পদমৰ্যাদাৰ সন্মুখত আন বিশেষজ্ঞসকল গুৰুত্বহীন হোৱাৰ সম্ভাৱনাই বেছি৷ গতিকে, এনে নিযুক্তিত উপাচাৰ্যৰ ব্যক্তিগত বিচাৰ, সুবিধা আৰু পছন্দই প্ৰাধান্য পোৱাৰ সম্ভাৱনা বেছি৷ ইতিমধ্যে সংঘটিত কিছু ঘটনাত এনে কথাৰ প্ৰমাণ পোৱা গৈছে৷ নতুন নিয়মমতে, মহাবিদ্যালয়ত কোনো জ্যেষ্ঠ শিক্ষকক উপাধ্যক্ষ নিযুক্তি দিব লাগে মাত্ৰ দুবছৰৰ বাবে৷ এনে নিয়মো অসমত এতিয়ালৈ বলৱৎ হোৱা নাই৷

ইউজিচিৰ নিয়মমতে, কোনো ছাত্ৰ-ছাত্ৰীয়ে এখন মহাবিদ্যালয়ত নামভৰ্তি কৰি উঠি এমাহৰ ভিতৰত সুবিধা আৰু পছন্দৰ অন্য শিক্ষানুষ্ঠানলৈ গুচি গ’লে সৰ্বোচ্ছ এহাজাৰ টকা কাটি নামভৰ্তি মাচুল ঘূৰাই দিব লাগে, যদিহে সেই আসনত আনক নামভৰ্তি কৰোৱা হয়৷ অসমত এই নিয়ম পালন কৰা নহয়৷ এনে অজস্ৰ উদাহৰণেৰে অসমত মহাবিদ্যালয়সমূহ চলি আছে৷ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’বলগীয়া নিয়মবোৰো সম্পূৰ্ণ পালন কৰা নহয়৷ ছাত্ৰ-ছাত্ৰীয়ে মুঠ শ্ৰেণীৰ কমেও পয়সত্তৰ শতাংশ শ্ৰেণীত উপস্থিত থাকিব লাগে৷ এনে নিয়ম ক’ৰবাত মানি চলা বুলি জনা নাযায়৷ মহাবিদ্যালয়ৰ ক্ষেত্ৰত যদি এনেদৰে নিয়ম ভংগ কৰি থকা হয় আন ক্ষেত্ৰত কি নহ’ব তাক অনুমান কৰিব পাৰি৷ ৰাজ্যত নতুন শিক্ষানীতি প্ৰয়োগৰ কথা কৈ থকা হৈছে৷ গাৰ জোৰত নিয়ম সলাব পাৰি বুলি বিশ্বাসৰ দৃষ্টিভংগীৰে চলাই থাকিলে অসমৰ মহাবিদ্যালয়সমূহে অনাগত দিনত প্ৰতিযোগিতাত তিষ্টি থকাই টান হ’ব৷ গতিকে, সময় থাকোঁতে নিৰ্দিষ্ট নীতি-নিয়মৰ সঠিক ৰূপায়ণত গুৰুত্ব দিয়া উচিত৷