কোনোৱেই আইনৰ ঊধবৰ্ত হ’ব নোৱাৰে
১ অক্টোবৰৰ নিশা সুৰাপান কৰি গাড়ী চলাই ৰাজকন্যা বৰুৱা নামৰ মডেলগৰাকীয়ে গুৱাহাটীৰ ৰাজপথত আঠজন শ্ৰমিকক আহত কৰা ঘটনা আৰু তাৰ পৰৱৰ্তী সময়ত উদ্ভৱ হোৱা ঘটনাক্ৰমক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিবাদৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল৷ উল্লেখ্য, যিদিনা মডেলগৰাকীয়ে দুৰ্ঘনাটো সংঘটিত কৰিছিল, তাৰ পিছদিনাই তেওঁ জামিন পাবলৈ সক্ষম হৈছিল৷ গোচৰটোত জামিনবিহীন ধাৰা নলগোৱাৰ বাবে দিছপুৰ থানাৰ কৰ্তব্যৰত বিষয়াও সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ ঘটনাটোক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াত হোৱা কঠোৰ সমালোচনাৰ পাছত দিছপুৰ থানাৰ মহিলা উপ-পৰিদৰ্শক এগৰাকী আৰু যান-বাহন শাখাৰ উপ-পৰিদৰ্শক এজনৰ ৰিজাৰ্ভ ক্ল’জ কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ তাৰ লগতে মডেলগৰাকীকো পুনৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মডেল ৰাজকন্যা বৰুৱাই ১ অক্টোবৰৰ নিশা মহাগৰীৰ বিলাসী হোটেল এখন আয়োজিত পাৰ্টী এটাৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাটো সংঘটিত হৈছিল৷ এইখিনিতে উল্লেখৰ প্ৰয়োজন যে ৰাজ্য চৰকাৰৰ শেহতীয়া এছ অ’ পি অনুসৰি নিশা দহ বজাৰ পৰা সান্ধ্য আইন বলৱৎ হয়৷ তেনেক্ষেত্ৰত সান্ধ্য আইনৰ সময়ছোৱাত পাৰ্টী আয়োজনৰ অনুমতি কোনে দিছিল? যিখন হোটেলত নৈশ পাৰ্টীৰ আয়োজন কৰা হৈছিল, সেইখন হোটেল কতৃৰ্পক্ষই প্ৰশাসনৰ পৰা আগতীয়া অনুমতি লৈছিলনে? দুৰ্ঘটনাটোৰ তদন্তৰ সৈতে এইবোৰ দিশো সন্নিৱিষ্ট কৰা উচিত৷
ৰাজকন্যা বৰুৱাৰ ঘটনাটোৱে ২০০২ চনৰ ছেপ্টেম্বৰত মুম্বাইৰ ৰাজপথত নিশা বলীউড অভিনেতা ছলমান খানৰ ‘হিট এণ্ড ৰান’ ঘটনাটোলৈ মনত পেলাই দিয়ে৷ অভিযোগ অনুসৰি ছলমান খানে সতীৰ্থৰ সৈতে সুৰাপায়ী অৱস্থাত ফুটপাথত শুই থকা লোকৰ ওপৰেৰে গাড়ী চলাই গুৰুতৰ দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু সেই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন পাঁচজন আহত হৈছিল৷ দীৰ্ঘদিনৰ আইনী প্ৰক্ৰিয়াৰ অন্তত ছলমান খানক পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছিল৷ ৰাজকন্যা বৰুৱাই সংঘটিত কৰা ঘটনাটোত কোনো লোকৰ প্ৰাণ হানি নহ’লেও এজন শ্ৰমিকে তেওঁৰ দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছে৷ ফলত ভৱিষ্যতলৈ শ্ৰমিকজনে কাম কৰি খোৱাটোও এটা ডাঙৰ সমস্যা হৈ পৰিব৷ ৰাজকন্যা বৰুৱাৰ গুৱাহাটীৰ ৰাজপথত উচ্ছৃংখল আচৰণৰ এয়াই প্ৰথম ঘটনা নহয়৷ তিনিবছৰ পূৰ্বেও ৰাজপথত কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে৷ সেইবাৰো আইনৰ সুৰুঙা উলিয়াই শাস্তিৰ পৰা সাৰি গৈছিল মডেলগৰাকী৷ এইখিনিতে প্ৰশ্ন উত্থাপন হ’ব, প্ৰভাৱশালী পৰিয়ালৰ সদস্য হোৱাৰ বাবেই ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে আৰক্ষী বিভাগে কঠোৰ ব্যৱস্থা লোৱাৰ সাহস নকৰে নেকি? হয়তো অভিযুক্তগৰাকী অথবা তেওঁৰ পৰিয়ালৰ আন কোনো সদস্যৰ আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়া আৰু মন্ত্ৰী-বিধায়কৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে৷ সেইবাবে আইনে তেওঁলোকৰ দৰে লোকক সহজে ঢুকি নাপায়৷ কিন্তু আইন কোনো ব্যক্তিৰে ঊধবৰ্ত নহয়৷ অপৰাধ কৰিলে কোনোৱেই শাস্তিৰ পৰা ৰেহাই পাব নালাগে৷ এইবোৰ হৈছে সৰ্বসাধাৰণৰ যুক্তি৷ কিন্তু আজিকালি পৰিস্থিতি এনে পৰ্যায়লৈ গৈছে যে ক্ষমতা আৰু ধনৰ বল থাকিলে গুৰুতৰ অপৰাধ কৰা লোকো শাস্তিৰ পৰা ৰেহাই পায়৷ আইনৰ ৰক্ষকে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস নকৰে৷
ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছৰ পৰা ছিণ্ডিকেটৰাজ, ড্ৰাগৰ অবৈধ বেহাৰ লগতে আন বেআইনী কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষী বাহিনীক স্বাধীনতা দিয়া বুলি ঘোষণা কৰিছে৷ ইতিমধ্যে দুৰ্নীতিত জড়িত থকা কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হৈছে৷ অপৰাধীৰ বিৰুদ্ধে শূন্যসহনশীল হোৱাৰ কথাও কোৱা হৈছে৷ মুখ্যমন্ত্ৰীজনে কোৱাৰ দৰে যদি কামবোৰ হয়, তেন্তে আপত্তি কৰিবলগীয়া একো নাথাকিব৷ কিন্তু আঠজনকৈ শ্ৰমিকক গাড়ীৰে খুন্দিয়াই আহত কৰাৰ পাছতো ৰাজকন্যা বৰুৱাৰ দৰে মানুহ যদি শাস্তি নোপোৱাকৈ সাৰি যায়, তেন্তে মুখ্যমন্ত্ৰীৰ আশ্বাস-প্ৰতিশ্ৰুতিৰ ওপৰত বিশ্বাস হেৰুৱাব সৰ্বসাধাৰণে৷ শেষত এটা প্ৰশ্ন– যিজন লোকে তেওঁৰ দুয়োখন ভৰি হেৰুৱাবলগীয়া হ’ল, তেওঁৰ ভৱিষ্যতৰ নিৰাপত্তাৰ দায়িত্ব ল’ব কোনে?






