চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু উপ-নিৰ্বাচন
শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰা হ’ল৷ নিৰ্বাচনৰ পূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক প্ৰতিশ্ৰুতি দিছিল যে বিজেপি চৰকাৰ আহিলে। শ্বেৰমান আলীয়ে জেলৰ ভাত খাব লাগিব৷ কাৰণ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আলীয়েই শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম প্ৰতিষ্ঠা কৰি তাত লুঙি ৰখা হ’ব বুলি এক অপ্ৰাসংগিক আৰু সাম্প্ৰদায়িক বিতৰ্ক উঠাইছিল৷ অপ্ৰাসংগিক এই কাৰণেই যে সেই বিতৰ্ক উত্থাপনৰ কোনো পৰিস্থিতি অহা নাছিল৷ যাৰ ফলত সাম্প্ৰদায়িক বিজেপি দলে হিন্দু সাম্প্ৰদায়িকতাৰ আৱেগিক ভোট লাভ কৰাত সুবিধা হ’ল৷ বিজেপি চৰকাৰ ক্ষমতাত আহিল কিন্তু শ্বেৰমান আলীক পূৰ্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হোৱা নাছিল৷ কিন্তু হঠাতে আলীয়ে গৰুখুটিৰ উচ্ছেদৰ ঘটনাক লৈ আগবঢ়ালে এক সাম্প্ৰদায়িক বক্তব্য৷ অসম আন্দোলনৰ পাহৰা স্মৃতিক গৰুখুটিৰ ঘটনাই পুনৰ সজীৱ কৰি তুলিলে আৰু শ্বেৰমান আলীৰো যেন শুই থকা সাম্প্ৰদায়িক মনটো পুনৰ জাগ্ৰত হৈ উঠিল৷ সন্মুখত উপ নিৰ্বাচন৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপেক্ষা কৰি থকা এক সুযোগ লাভ কৰিলে আৰু লগে লগে শ্বেৰমানক গ্ৰেপ্তাৰ কৰি অসমীয়াত্ব ৰক্ষাৰ সংকল্পক প্ৰতিষ্ঠা কৰাৰ সুবিধা লাভ কৰিলে! এই ঘটনাক বিজেপি চৰকাৰখনে যে সমাগত নিৰ্বাচনত এক ইছ্যু হিচাপে ব্যৱহাৰ কৰিব সেইটো নিশ্চিত৷ কিন্তু বিগত নিৰ্বাচনত বিজেপিয়ে কেৱল শ্বেৰমানক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতিয়েই দিয়া নাছিল৷ বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল সকলো মহিলাৰ মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ কথা৷ কিন্তু সেই প্ৰতিশ্ৰুতি চৰকাৰখন আৰু ইয়াৰ মুৰব্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণৰূপে উলংঘা কৰি ঋণ ৰেহাইৰ বাবে প্ৰয়োজনীয় ১২,৫০০ কোটি টকাৰ বিপৰীতে মাত্ৰ ১৮০০ কোটিৰ এটা সামান্য আৰ্থিক পেকেজহে ঘোষণা কৰিলে৷ এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰৰ এইটো এটা বৃহৎ প্ৰতিশ্ৰুতি আছিল৷ যাৰ বাবে প্ৰায় সকলো মহিলাই বিজেপি চৰকাৰখনক শাসনত বহুওৱাৰ বাবে ভোট দিছিল৷
নিৰ্বাচনত চৰকাৰৰ আন এটা বৃহৎ প্ৰতিশ্ৰুতি আছিল নাগৰিকৰ বাবে ৩০ ইউনিটৰ বিদ্যুৎ ৰেহাইৰ ঘোষণা৷ কিন্তু চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা এতিয়া বিদ্যুৎ গ্ৰাহকসকলে বিদ্যুতৰ বিল দেখি ত্ৰাহি মধুসূধন সোঁৱৰিব লগা হৈছে৷ বিদ্যুৎ মাচুল বৃদ্ধিৰ ঘোষণাৰ পূৰ্বেই পূৰ্বৰ বিদ্যুৎ বিলৰ প্ৰায় ডেৰ-দুগুণ বেছি আহিছে৷ গ্ৰাহকসকলে ইয়াৰ কাৰণ বিচাৰি হাবাথুৰি খাইছে যদিও কানো উৱাদিহ পোৱা নাই৷ চৰকাৰখনে জনগণক আৰ্থিক সকাহ দিয়াৰ পৰিবৰ্তে অসমৰ কৃষক তথা গো পালকসকলৰ জীৱনলৈ চৰম অন্ধকাৰ নমাই আনিব পৰ গো-সুৰক্ষা আইনো প্ৰণয়ণ কৰিলে৷ এই আইনে অসমৰ লক্ষ লক্ষ গো-পালক, কৃষক তথা সাধাৰণ মানুহক চিন্তাৰ সাগৰত পেলাইছে৷ নিজৰ পৰিয়ালৰ আন উপাৰ্জনৰ পথ নথকা কৃষকসকলে এতিয়া দুবেলা দুমুঠি ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ বৰ্তমান যিটো দল কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত আছে এই দলটোৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰা৷ বিজেপি চৰকাৰে মূল্য হ্ৰাস কৰা দূৰৰ কথা, পূৰ্বৰ চৰকাৰৰ দিনতকৈ প্ৰতিটো সামগ্ৰীৰে মূল্য দুগুণতকৈয়ো বেছি হ’ল৷ দেশৰ জনসাধৰণে যি সময়ত সামগ্ৰীৰ মূল্য হ্ৰাসৰ বাবে অধিৰ আগ্ৰহেৰে বাট চাইছে। সেই সময়ত বাতৰিৰ শিৰোনাম হৈছে– ‘বজাৰত লাগিছে জুই চৰকাৰ আছে শুই’৷ সঁচাকৈ চৰকাৰখনে সাধাৰণ জনসাধৰণৰ ক্ৰয় ক্ষমতা প্ৰায় নোহোৱা কৰাৰ বাবেই যেন প্ৰস্তুতি চলাইছে৷ উদাহৰণ স্বৰূপে ৰন্ধন গেছৰ মূল্য নিৰ্বাচনৰ পূৰ্বৰ ৬২৫ টকাৰ পৰা এতিয়া গৈ ৯৫২.৫০ টকা হ’লগৈ৷ যাতায়তৰ খৰচ ধৰিলে এটা চিলিণ্ডাৰ এতিয়া হাজাৰ টকাৰ তলত ঘৰলৈ নাহে৷ গ্ৰাম্যাঞ্চলত ইয়াতকৈয়ো বেছি৷ সেইদৰে যি ডিজেলে সমগ্ৰ বজাৰৰ মূল্যমান নিয়ন্ত্ৰণ কৰে সেই ডিজেলৰ মূল্য শতকৰ ঘৰ গৰকিবলৈ আগবঢ়াৰ ঘটনাই বিজেপি চৰকাৰখন যে সম্পূৰ্ণৰূপে বিফল হৈছে তাকেই প্ৰমাণ কৰে৷ গেলামালৰ বজাৰত জুই লাগিছে৷ সাধাৰণ মানুহে দাইল, মিঠাতেল খাবলৈ এৰিব লগা পৰিস্থিতি আহিছে৷
ইমানৰ পাছতো উপ নিৰ্বাচন আহিছে৷ চৰকাৰখনৰ হাতত একো ইছ্যু নাই বাবেই এতিয়া ভোটাৰৰ মাজত শাৰী বিতৰণৰ দৰে সস্তীয়া কাম কৰি প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে৷ আনহাতে বিফল চৰকাৰখনক উন্মোচিত কৰিবলৈ বা প্ৰতিহত কৰিবলৈহ্ল বিৰোধীৰ হাততো কোনো অস্ত্ৰ নাই৷ নিজৰ নিজৰ সাংগঠনিক ভেটি ৰক্ষাৰ নামত বহুধা বিভক্ত হৈ বিৰোধীয়ে বিজেপিৰ জয়েই যেন মসৃণ কৰি দিবলৈ আগবাঢ়িছে৷ দুমাহ আগতে নিৰ্বাচন কৰা কংগ্ৰেছৰ বিধায়কে যি প্ৰতাৰণা কৰিলে সেই প্ৰতাৰণাৰ বাবেই কংগ্ৰেছ এতিয়া বিশ্বাসযোগ্য দল হৈ থকা নাই৷ আনহতে বিগত নিৰ্বাচনত থকা বিৰোধীৰ মহাজোঁটো এইবাৰ তচনচ হৈ পৰিল৷ আনহে নালাগে বাঁও দল চিপিআই যে মহাজোঁটত আছিল সেই চিপিআই-য়েও পৃথকে প্ৰাৰ্থী দিয়া ঘটনাই আচলতে ৰাজ্যখনত বিৰোধীয়ে কৰা সস্তীয়া ৰাজনীতিৰে প্ৰতিফলন ঘটাইছে৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মুখলৈ একাংশ পৰিৱৰ্তনকামী তথা বিকল্পৰ সন্ধানত থকা লোকে দৃষ্টি দিছিল যদিও সামগ্ৰীক কৌশলত আঞ্চলিক দল দুটাই নিজৰ পৰিপক্বতা দেখুৱাব নোৱাৰিলে৷ এনে প্ৰেক্ষাপটতে অসমৰ উপ নিৰ্বাচনটো লক্ষণীয় হৈ উঠিছে৷






