Logo
image

‘মনীষা’ৰ ন্যায়ৰ বাবে যুঁজ দিব নিৰ্ভয়াৰ অধিবক্তা সীমা কুশ্বৱাহাই

আমাৰ অসম, ০৭ অক্টোবৰঃ ২০১২ চনত দিল্লীত দলৱদ্ধ বলাৎকাৰৰ বলি হৈ মৃত্যুক সাবটি লোৱা নিৰ্ভয়াক ন্যায় প্ৰদানৰ বাবে যুঁজ দিয়া অধিবক্তা সীমা কুশ্বৱাহাই এইবাৰ উত্তৰ প্ৰদেশৰ হাথ্ৰাছৰ বলাৎকাৰ-কাণ্ডত প্ৰাণ হেৰুওৱা ‘মনীষা’ক ন্যায় প্ৰদানৰ প্ৰদানৰ বাবে আইনী যুঁজত অৱতীৰ্ণ হ’ব৷ মনীষাৰ পৰিয়ালে সীমা কুশ্বাৱাহাক ইতিমধ্যে অনুমতি প্ৰদান কৰিছে৷ দিল্লীৰ ছফদৰজং হাস্পতালত দলিত যুৱতীগৰাকী মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়ৰে পৰাই সীমা কুশ্বৱাহাই যোগাযোগ অব্যাহত ৰাখিছিল পৰিয়ালৰ সৈতে৷ যুৱতীগৰাকীৰ মৃত্যুৰ পাছত পৰিয়ালে জিলা প্ৰশাসন আৰু আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল৷ আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালটোক সহায় কৰাত ব্যৰ্থ হোৱাৰো অভিযোগ  আনিছে৷