Logo
image

কণ্ঠহীনৰ কণ্ঠ নিগৰোৱা দুই সাংবাদিকলৈ শান্তিৰ ন’বেল বঁটা

ৰাছিয়াৰ নিৰ্ভীক, সাহসী সাংবাদিক ডিমিট্ৰী মুৰাটোভক ২০২১বৰ্ষৰ বাবে শান্তিৰ ন’বেল বঁটাৰ বাবে নৰৱেৰ ন’বেল কমিটীয়ে নিৰ্বাচন কৰিছে৷ ফিলিপিন্‌ছৰ সাংবাদিক মাৰিয়া ৰেছাকো এইবাৰ অন্যতম শান্তিৰ ন’বেল বঁটা বিজয়ী ৰূপে ঘোষণা কৰিছে৷ কণ্ঠহীনৰ কণ্ঠৰূপে নিষ্ঠা, সততা, একাগ্ৰতা আৰু দায়বদ্ধতাৰে কাম কৰাৰ বাবে দুজনকৈ সাংবাদিকক এইবাৰ শান্তিৰ ন’বেল বঁটাৰ বাবে নিৰ্বাচন কৰাটোৱে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ বাবে এক আশাব্যঞ্জক বতৰা ৰূপে চিহ্নিত হৈছে৷ সাম্প্ৰতিক সময়ত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত সততাৰে সাংবাদিকতা কৰা বহু সাংবাদিকে চৰকাৰী পক্ষৰ লগতে সমাজবিৰোধী শক্তি, উগ্ৰপন্থী, সন্ত্ৰাসবাদী, ড্ৰাগছ আৰু অন্যান্য অবৈধ ব্যৱসায়ত জড়িত কুখ্যাত ব্যক্তি আদিৰ আক্ৰমণৰ বলি হৈছে৷ ভাৰতবৰ্ষতো ১৯৯২ চনৰ পৰা ২০২১ চনৰ ভিতৰত ৫৫জন সাংবাদিকক বিভিন্ন পক্ষই হত্যা কৰিছে৷ ২০১৪ চনৰ পৰা ২০১৯ চনলৈ ভাৰতত সাংবাদিক আক্ৰমণ সম্পৰ্কে ঠাকুৰ ফাউণ্ডেশ্যনে কৰা ‘গেটিং এৱে উইথ মাৰ্ডাৰ’ শীৰ্ষক অধ্যয়নত কোৱা হৈছে যে উক্ত সময়ছোৱাত ১৯৮ বাৰ সাংবাদিকৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলোৱা হৈছিল৷ এই সমূহৰ ভিতৰত ৬৩টা কেছৰ মাত্ৰ ২৫টাৰহে আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছিল, মাত্ৰ ৩টা কেছৰ ক্ষেত্ৰত ছাৰ্জশ্বীট দিয়া হৈছিল৷ ডাভলকাৰ, কুলকাৰ্ণি হত্যাৰ সু-বিচাৰ আজিও নহ’ল৷ গৌৰী লংকেশ, ৰাইজিং কাশ্মীৰৰ সম্পাদক সুজাত বুলাৰীৰ বিচাৰ আজিও অমীমাংসিত৷ ছিৰিয়া, ইৰাক, পাকিস্তান, আফগানিস্তান, ইৰাণ, আফ্ৰিকাৰ বহু ৰাষ্ট্ৰ, লেটিন আমেৰিকা আদিত বিগত সময়ছোৱাত নিৰ্বিচাৰে বহু সাংবাদিকক হত্যা কৰা হৈছে, বহুজন আক্ৰমণৰ বলি হৈছে৷ উন্নত দেশবোৰত তুলনামূলকভাৱে সাংবাদিকসকলৰ আৰ্থ-সামাজিক নিৰাপত্তাৰ লগতে সুৰক্ষাৰ দিশটো উপৰিউক্ত দেশসমূহৰ তুলনাত ভাল যদিও ক্ৰমান্বয়ে বিভিন্ন ৰাজনৈতিক, কূটনৈতিক আৰু অন্যান্য দিশত সাংবাদিকসকলে মুক্ত চিন্তা প্ৰকাশৰ ক্ষেত্ৰত সেইবোৰ দেশতো বিভিন্ন প্ৰকাৰে বাধা, নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ লক্ষণীয়ভাৱে বহু দেশত এতিয়া সংবাদপত্ৰ, টিভি চেনেলসমূহে ৰাইজৰ মতামততকৈ চৰকাৰে বিচৰা মততহে অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে৷ ভাৰতবৰ্ষত এতিয়া স্পষ্ট ৰূপত বহু সংবাদ মাধ্যম একপ্ৰকাৰ চৰকাৰ নিয়ন্ত্ৰিত হোৱাৰ বিপৰীতে খুউব কমসংখ্যক সংবাদ মাধ্যমেহে সত্য, শুদ্ধ আৰু নিৰপেক্ষতাৰ পক্ষত থিয় দিছে৷ অৱশ্যে এনে কেতবোৰ সংবাদ মাধ্যম আছে যি নিৰপেক্ষতাৰ নামত সকলো কথাতেই চৰকাৰ বিৰোধী ভূমিকাও লোৱা দেখা গৈছে৷ এনে হোৱাৰ বাবে পঢ়ুৱৈ, দৰ্শক-শ্ৰোতা বিভ্ৰান্ত হৈছে, সুস্থ-সবল জনমত তৈয়াৰত বাধাৰ সৃষ্টি হৈছে আৰু ৰাইজৰো সংবাদ মাধ্যমৰ প্ৰতি পূৰ্বৰ তুলনাত আস্থা হ্ৰাস পাইছে৷ দেশে-বিদেশে সংবাদ মাধ্যমৰ এনে গতিধাৰা চলি থকাৰ সময়তে দুজনকৈ সাংবাদিকক ন’বেল শান্তি বঁটাৰে বিভূষিত কৰাটোৱে নিশ্চয়কৈ সুস্থ-সবল জনমত সৃষ্টিত নিয়োজিত সাংবাদিকসকলক অনুপ্ৰাণিত কৰিব৷ মাৰিয়া আৰু ডিমিট্ৰীলৈ শান্তিৰ সৰ্বোচ্ছ সন্মান আগবঢ়োৱা সম্পৰ্কত ন’বেল কমিটীৰ অধ্যক্ষ এণ্ডাৰচনে কৈছে যে দুয়োগৰাকী সাংবাদিক এনে এক বিশ্বৰ প্ৰতিনিধি, য’ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ কাৰণে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে৷ মুক্ত, স্বতন্ত্ৰ আৰু তথ্য আধাৰিত সাংবাদিকতাই ক্ষমতাৰ ৰাগীত বলীয়ান হোৱাসকলৰ লগতে অন্যায়, উৎপীড়ন, তোষণৰ বিৰুদ্ধে সৱল ভূমিকা ল’ব পাৰে৷ ফিলিপিন্‌ছ আৰু ৰাছিয়াৰ এই দুয়োজন সাংবাদিকে এই ক্ষেত্ৰত লোৱা ভূমিকা অতি প্ৰশংসাৰ যোগ্য বুলি ন’বেল কমিটীয়ে মন্তব্য কৰিছে৷ উল্লেখ্য নিউজ ৱেবছাইট ‘ৰেপলাৰ’ৰ সহ-প্ৰতিষ্ঠাক মাৰিয়াই ৰেপলাৰৰ যোগেদি ফিলিপিনছৰ ৰাষ্ট্ৰপতি ৰড্ৰিগ’ ডুটেৰ্টেৰ কাৰ্যকালত সংঘটিত বিভিন্ন অপকৰ্ম, হত্যাকাণ্ড, ড্ৰাগছৰ অবৈধ ব্যৱসায়ক উদঙাই দিছিল৷ সামাজিক মাধ্যমক শুদ্ধ প্ৰকৃতভাৱে ব্যৱহাৰ কৰি তথ্যসমৃদ্ধ বাতৰিৰে তেওঁ সাহসিকতাৰে বাতৰি প্ৰকাশ কৰাৰ বাবে শাসকপক্ষ শলঠেকত পৰে৷ ৰাছিয়াৰ শক্তিশালী, স্বতন্ত্ৰ বাতৰি কাকত ‘নভায়া গেজেট’ৰ অন্যতম প্ৰতিষ্ঠাপক ডিমিট্ৰীয়ে ভ্লাডিমিৰ পুটিনৰ দৰে অতি শক্তিশালী শাসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হৈছে৷ প্ৰণিধানযোগ্য এইখন কাকতৰ ৬জনকৈ সাংবাদিকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ৰহস্যজনকভাৱে৷ বিশ্বৰ প্ৰান্তে প্ৰান্তে চৰকাৰ নিয়ন্ত্ৰিত সংবাদ মাধ্যমে বিশ্বাসযোগ্যতা হেৰুৱাৰ মুহূৰ্তত বা সংবাদক এচামে টিআৰপিৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ সময়ত এই দুই বৰেণ্য সাংবাদিকলৈ বিশ্বৰ সবাতোকৈ শ্ৰেষ্ঠ সন্মান ন’বেল বঁটা প্ৰদান বহু প্ৰশ্নৰ উত্তৰ ৰূপে পৰিগণিত হৈছে৷ কিছু বছৰৰ পূৰ্বে বিশ্বখ্যাত গায়ক বব ডিলানক সাহিত্যৰ ন’বেল বঁটা প্ৰদান কৰা হৈছিল৷ সাহিত্যত ন’বেল বঁটা এজন গীতিকাৰ, সংগীতজ্ঞই পাব বুলি কোনেও ভবা নাছিল৷ ঠিক তেনেদৰে শান্তিৰ ন’বেল বঁটা সাংবাদিকে লাভ কৰাটো বহুতৰে বাবে অকল্পনীয়৷ কিন্তু সুস্থ, সবল জনমত সৃষ্টিৰে শান্তি প্ৰতিষ্ঠাৰ বাবে নিজৰ জীৱনক আওকাণ কৰি যুঁজ দিয়া দুই সাংবাদিকক শান্তিৰ ন’বেল বঁটা প্ৰদান কৰি তেওঁলোকক বিৰল স্বীকৃতি দিয়াৰ লগতে ন’বেল কমিটীও ধন্য হ’ল৷