Logo
image

উৎসৱৰ দিনত সৰ্বসাধাৰণৰ দুৰ্ভোগ

কৰ’না অতিমাৰীৰ বাবে বিগত বৰ্ষত উৎসৱ-পাৰ্বণ আদি উদ্‌যাপন কৰিব পৰা নাছিল সৰ্বসাধাৰণে৷ কৰ’নাসৃষ্ট পৰিস্থিতি সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণলৈ নাহিলেও প্ৰকোপ কিছু হ্ৰাস পোৱালৈ চাই নিষেধাজ্ঞা কিছু শিথিল কৰা হৈছে আৰু স্বাভাৱিকতে উৎসৱৰ আগমনে সকলোৰে মনত আনন্দৰ ভাব বিয়পাইছে৷ কিন্তু এই উৎসৱমুখৰ পৰিৱেশতো যেন বহুতে মন থাকিলেও আনন্দ উদ্‌যাপন কৰিব পৰা নাই৷ কাৰণ অতিমাত্ৰা মূল্যবৃদ্ধি৷ শাৰদীয় দুৰ্গোৎসৱৰ সময়তে পেট্ৰ’ল-ডিজেলৰ মূল্যই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে৷ ৰাজ্যত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য এশ টকাতকৈও অধিক৷ ডিজেলৰ মূল্যও এশ টকা হ’বলৈ কিজানি বেছি দিন নালাগিব৷ কেৱল পেট্ৰ’ল, ডিজেইলেইনে? ৰন্ধন গেছৰ পৰা আদি কৰি গেলামালৰ সামগ্ৰী আৰু শাক-পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক দুৰ্ভোগ ভোগাইছে৷ পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনত অধিষ্ঠিত বৰ্তমানৰ চৰকাৰখন কিন্তু জনসাধাৰণৰ এই দুখ-দুৰ্গতি দেখিও সম্পূৰ্ণ উদাসীন৷ পেট্ৰ’লৰ মূল্যবৃদ্ধি সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিজনে কৰা এক অবিবেচক মন্তব্য তাৰেই প্ৰমাণ৷ তেওঁ কৈছিল যে গাড়ী কিনা লোকৰ সংখ্যা বৃদ্ধিয়েই হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মূল কাৰণ৷ কৰ’না অতিমাৰীয়ে  জীৱন দুৰ্বিষহ কৰি তোলাৰ পাছত সাধাৰণ লোকসকলৰ মূৰত মূল্যবৃদ্ধিয়ে  ৰাম টাঙোন  মৰা সময়ত এজন দায়িত্বশীল জনপ্ৰতিনিধিৰ এনেধৰণৰ মন্তব্য শোভা নাপায়৷ প্ৰকৃততে ৰাজ্যখনৰ বজাৰ ব্যৱস্থাত চৰকাৰখনৰ কোনো নিয়ন্ত্ৰণ নোহোৱা হৈছে৷ আনহাতে, বহুক্ষেত্ৰত দেখা যায় যে চৰকাৰী পৃষ্ঠপোষকতাতে এচাম অসাধু ব্যৱসায়ীয়ে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি নিজৰ স্বাৰ্থ পূৰণ কৰি আছে৷

তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে কংগ্ৰেছৰ শাসনৰ সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীয়ে মূল্যবৃদ্ধিৰ বিষয়টোক মূল ইছ্যু হিচাপে লৈ  সৰ্বসাধাৰণৰ কাষ চপাৰ প্ৰয়াস চলাইছিল৷ এই কৌশলত তেওঁলোক সফলো হৈছিল৷ কিন্তু ক্ষমতালৈ অহাৰ পাছত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰৰ কথা দলটোৱে পাহৰি পেলালে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন যে বিগত সময়ছোৱাত কেৱল কৰ্প’ৰেট গোষ্ঠীক সন্তুষ্ট কৰাতহে ব্যস্ত থাকিল, সেই কথা বুজিবলৈ নি(য় কাৰো বাকী থকা নাই৷ ৰন্ধন গেছৰ [ঘৰুৱা] প্ৰতিটো চিলিণ্ডাৰৰ মূল্য আৰু কেইদিনমান পাছত হয়তো এহাজাৰ টকা হ’বগৈ৷ দৰিদ্ৰ শ্ৰেণীৰ লোকে হাজাৰটকীয়া চিলিণ্ডাৰ ক্ৰয় কৰিব নোৱাৰি বিকল্প ইন্ধনৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য হৈছে৷ কিন্তু পৰিৱৰ্তনৰ সপোন দেখুৱাই ক্ষমতা দখল কৰা চৰকাৰখন সাধাৰণ ৰাইজৰ এই দুখ-দুৰ্গতিৰ প্ৰতি একেবাৰে নিৰুদ্বেগ৷ ৰাজধানী চহৰ গুৱাহাটীত বৰ্তমান প্ৰতি কিলোগ্ৰামত সত্তৰ-আশী টকাৰ কমত কোনো পাচলি পাবলৈ নাই৷ সকলো ঠাইতে প্ৰতিবিধ পাচলি উভৈনদী হোৱা সত্ত্বেও মূল্যবৃদ্ধি অব্যাহত থকাৰ কাৰণ কি হ’ব পাৰে? এয়া এটা ডাঙৰ প্ৰশ্ন৷ কেইদিনমান পাছত অসমত পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ পুনৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে শাসকীয়-বিৰোধী দলৰ নেতাসকল সৰ্বসাধাৰণৰ কাষ চপাৰ চেষ্টা চলাব৷ কিন্তু নানা সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা ৰাজ্যবাসীক উৎসৱৰ সময়ত সকাহ দিয়াৰ সদিচ্ছা যে চৰকাৰৰ নাই সেই কথা চৰকাৰৰ কাম-কাজতে প্ৰতীয়মান হৈছে৷ ৰাজ্যত মূল্যবৃদ্ধি যদি এনেদৰেই নিয়ন্ত্ৰণৰ বাহিৰত থাকে, তেন্তে পৰৱৰ্তী সময়ত দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ জীৱন অধিক শোচনীয় হৈ পৰিব৷ এইক্ষেত্ৰত সকলোৱে বিচাৰে চৰকাৰৰ ইতিবাচক পদক্ষেপ৷