Logo
image

‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শৰ্মালৈ বিশেষ বঁটা

আমাৰ অসম, ০৭ অক্টোবৰঃ ‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শৰ্মালৈ আগবঢ়োৱা হৈছে সাংবাদিকতাৰ বিশেষ বঁটা৷ এই বঁটা আগবঢ়াইছে নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফ’ৰামে৷ উল্লেখ্য, নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ উদ্যোগত যোৱা ছবছৰে অসমৰ সংবাদ জগতত বিশেষ অৱদান আগবঢ়াই অহা এজন বিশিষ্ট সাংবাদিকক বিশিষ্ট চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিকতা বঁটা আৰু এজন যুৱ সাংবাদিকক বিশিষ্ট নাট্যকৰ্মী জগত চন্দ্ৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰি অহা হৈছে৷ ২০২০ বৰ্ষৰ বাবে ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিকতা বঁটা ‘আমাৰ অসম’ কাকতৰ জ্যেষ্ঠ সাংবাদিক, কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ গৌতম শৰ্মালৈ আগবঢ়োৱা হৈছে৷ জগত চন্দ্ৰ গগৈ সোঁৱৰণী সাংবাদিকতা বঁটা আছাম টক্‌ছৰ কাৰ্যবাহী সম্পাদক দেৱজিত তালুকদাৰলৈ আগবঢ়োৱা হৈছে৷ ১০ অক্টোবৰ, শনিবাৰে উত্তৰ গুৱাহাটীস্থিত আউনীআটী সত্ৰৰ সভাগৃহত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰদান কৰা হ’ব এই বঁটা৷ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সাহিত্যিক ড॰ পীতাম্বৰ দেৱ গোস্বামী৷ বঁটা প্ৰদান অনুষ্ঠানত ডাঃ অঞ্জনজ্যোতি চৌধুৰী, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন, ‘অসমীয়া প্ৰতিদিন’ কাকতৰ মুখ্য সহযোগী সম্পাদক অচু্যত পাটোৱাৰীৰ উপৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি  নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ সভাপতি ৰঞ্জন দত্ত, কাৰ্যকৰী সভাপতি ৰাজকমল চাংকাকতি আৰু সম্পাদক কৌশিক দাসে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে৷