Logo
image

বজ্ৰপাতৰ পৰা ৰক্ষা পৰিবলৈ কি কি কৰিব?

আমাৰ অসম বিশেষঃ বাৰিষা বৰষুণৰ সৈতে বজ্ৰপাত হোৱাটো স্বাভাৱিক৷ শেহতীয়াকৈ গোলকীয় উষ্ণতা আৰু সঘনাই হোৱা জলবায়ু পৰিৱৰ্তনৰ ফলত বজ্ৰপাতৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এনে ক্ষেত্ৰত বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বিশেষজ্ঞসকলে আগবঢ়াইছে এইবোৰ উপায়–

[১] সঘনাই বজ্ৰপাত হৈ থাকিলে মুকলি বা ওখ ঠাইত নাথাকিব৷

[২] ওখ গছ বা বিদ্যুতৰ খুঁটাত বজ্ৰপাত হোৱাৰ আশংকা অধিক৷ সেয়ে বিজুলী-ঢেৰেকনিৰে বৰষুণ পৰিলে ওখ গছ বা বিদ্যুৎ খুঁটাৰ পৰা আঁতৰি থাকক৷

[৩] অতিপাত বিজুলী-ঢেৰেকনি মাৰিলে খিৰিকীৰ কাষলৈ নাযাব৷ খিৰিকী বন্ধ কৰি ৰাখিব৷ ঘৰৰ বাহিৰ নহ’ব৷

[৪] বজ্ৰপাত বা বিজুলী-ঢেৰেকনিৰে হোৱা বৰষুণৰ সময়ত পানীৰ পাইপ-টেপ, চিৰিৰ ৰেলিং আদি স্পৰ্শ নকৰিব৷ আনকি লেণ্ডলাইন ফোন ব্যৱহাৰ কৰাৰ পৰাও বিৰত থাকিব৷

[৫] বিদ্যুৎসংযুক্ত যন্ত্ৰপাতি ব্যৱহাৰ নকৰিব৷ টিভি, ফ্ৰীজ আদি বন্ধ থাকিলেও হাতেৰে নুচুব৷ ঢেৰেকনি মাৰিলেই টিভি-ফ্ৰীজৰ বিদ্যুৎ বিচ্ছিন্ন কৰিবলৈ নাপাহৰিব৷

[৬] বজ্ৰপাতৰ সময়ত গাড়ীত থাকিলে যিমান পৰা যায় নিৰাপদ স্থানত অৱস্থান কৰক৷ গাড়ীৰ গ্লাছত হাত নলগাব৷

[৭] বজ্ৰপাতৰ সময়ত খালী ভৰিৰে বা বৰষুণত তিতা চামৰাৰ জোতা পিন্ধি থকাটো বিপজ্জনক৷

[৮] বজ্ৰপাতত কোনো লোক আহত হ’লে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াত অৱহেলানকৰিব৷

[৯] বিজুলী-ঢেৰেকনিৰ সময়ত ম’বাইল ফোনৰ ছুইচ অফ কৰি ৰাখিব৷