Logo
image

ৰাজকন্যাৰ পৰা ফিল’বাৰী কাণ্ডলৈ... এখন অৱনমিত সমাজৰ প্ৰতিফলন

অসমত বিগত কেইমাহমান ধৰি সংবাদ পত্ৰ, টিভি চেনেল, ৱেব মিডিয়া আদিত অগ্ৰাধিকাৰ পোৱা কিছুমান ঘটনা বা কাণ্ডই ৰাজ্যখনৰ ভৱিষ্যতৰ গতিধাৰা সম্পৰ্কে সচেতন সকলো লোককে ভবাই তুলিছে৷ দালালৰাজ, ছিণ্ডিকেট, দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা আদিয়ে সংবাদ মাধ্যমৰ শিৰোনাম অধিকাৰ কৰাৰ সময়তে সমান্তৰালকৈ ঘটি থকা আন কেতবোৰ অবাঞ্চিত ঘটনাই সামগ্ৰিকভাৱে ৰাজ্যখনৰ সামাজিক অৱক্ষয়ৰ ৰূপটোক পূৰ্ণৰূপত প্ৰতিফলিত কৰিছে৷ অভিজাত হোটেল তাজ ভিভাণ্টাত কঠোৰ [?] চৰকাৰৰ দ্বাৰা ঘোষিত এছঅ’পিক অংগুষ্ঠ প্ৰদৰ্শন কৰি মাজনিশালৈকে ধনাঢ্য, ৰাজ অনুগ্ৰহপ্ৰাপ্ত ব্যক্তিৰ দ্বাৰা আয়োজিত বাৰ্থডে পাৰ্টীত টেঁটুলৈকে মদ্যপান কৰি ৰাজপথৰ সমীপত শুই থকা শ্ৰমিকৰ ওপৰেদি গাড়ী চলালে মডেলিং জগতৰ এগৰাকী প্ৰখ্যাত মডেল ৰাজকন্যাই৷ ৰাজকন্যাৰ গাড়ীৰ খুন্দাত মূৰৰ ঘাম মাটিত পেলাই জীৱন নিৰ্বাহ কৰা এজন শ্ৰমিকে দুয়োখন ভৰি হেৰুৱাৰ লগতে বাকী কেইজনো গুৰুতৰভাৱে জখম হ’ল৷ এই ঘটনাৰ আলম লৈয়ে বহু নাটকীয় ঘটনাৰ সৃষ্টি হ’ল; ক্ৰমান্বয়ে উন্মোচিত হ’ল নীতি-নিৰ্দেশনা, আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি চলি থকা কেতবোৰ অকথিত, অপ্ৰকাশিত দিশ৷ ইতিমধ্যে মদাহী মডেল ৰাজকন্যাই এই ঘটনাৰ বাবে কাৰাবাস খাটিবলৈ বাধ্য হৈছে আৰু পূৰ্বতেও তেওঁ কৰা একে ধৰণৰ ঘটনাৰ বাবে পুনৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ শ্ৰমিকসকলক নিৰ্মমভাৱে গাড়ীৰে খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰা ৰাজকন্যাৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লোৱাটো সকলোৰে কাম্য আছিল আৰু বহু বাধা-বিঘিনিৰ মাজেদি আৰক্ষীয়ে তাক নোলোৱাকৈ থকা নাই৷ কিন্তু যেতিয়াই চি চি টিভিৰ ফুটেজ আহিল তেতিয়াহে বহুতৰে সান্দহ খোৱাৰ বালি ওৰ পৰাৰ উপক্ৰম হ’ল৷ অভিজাত হোটেলৰ চিচিটিভিৰ ফুটেজত যেতিয়া আইন, নীতি-নিয়ম শৃংখলাত জড়িত একাংশ ব্যক্তিৰেই উপস্থিত এছ অ’ পি উলংঘা কৰি থকাটো একপ্ৰকাৰ নিশ্চিত হ’ল, তেতিয়াই তদন্তৰ গতি স্থবিৰ হৈ পৰিল৷ সেয়া যেন এক সকাহত পৰিণত হ’ল পাৰ্টীৰ আয়োজক পুঁজিপতি ব্যৱসায়ীজনৰ বাবে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অভিজাত হোটেলত বাৰ্থডে পাৰ্টী আয়োজনত নিশ্চয় কোনো বাধা নাই৷ কিন্তু বাধা আছে নিৰ্দিষ্ট সময় অতিক্ৰম নকৰাটো, মদ্যপান কৰি গাড়ী নচলোৱাটো ইত্যাদি৷ সময়ৰ লগে লগে এই ঘটনা পাহৰণিৰ গৰ্ভত লোপ পাব৷ এতিয়া হৈ থকা হৈ-চৈ সমূহো নাইকিয়া হৈ পৰিব৷ সমাজখনৰ ছিষ্টেমটোও এতিয়া এনেভাৱে চলিছে যে মদ খাই দুৰ্ঘটনা কৰা, আনকো মৃত্যুমুখলৈ ঠেলি দিয়া এক চিৰাচৰিত সাধাৰণ প্ৰক্ৰিয়াত পৰিণত হৈছে৷ অভিভাৱকে কেতিয়াও নিবিচাৰে যে তেওঁলোকৰ সন্তান অবাটে যাওক, অপকৰ্ম কৰক, আইন-শৃংখলা ভংগ কৰক৷ কিন্তু বহু অভিভাৱকৰ নিজৰ ভুল, অভিভাৱকত্বহীনতা আৰু সন্তানৰো নিজৰ স্বভাৱ-চৰিত্ৰৰ দোষৰ বাবে আজিৰ অসমৰ সমাজখন অতি দ্ৰুতগতিত অৱনমিত হৈছে৷ ৰাজকন্যাৰ বাতৰিয়ে সংবাদ মাধ্যম তোলপাৰ লগাই থকাৰ সময়তে তিনিচুকীয়া জিলাৰ ফিল’বাৰীত ঘটিল অন্য এক অতি দুৰ্ভাগ্যজনক ঘটনা৷ এচাম ছাত্ৰ আৰু ছাত্ৰনেতাই এগৰাকী শিক্ষয়িত্ৰীক আঠু লৈ ছাত্ৰ-ছাত্ৰীক সাষ্টাংগে প্ৰণিপাত জনাবলৈ বাধ্য কৰালে৷ পৰৱৰ্তী পৰ্যায়ত সামাজিক মাধ্যমযোগে এই কাৰ্যৰ দৃশ্যাংশ ভাইৰেল হৈ পৰাত সকলোৱে এনে কাৰ্যক একেমুখে গৰিহণা দিয়াত বাধ্য হৈ ছাত্ৰ সংগঠনসমূহে শিক্ষয়িত্ৰীগৰাকীক ক্ষমা খুজিলে যদিও গুৰুৱে শিষ্যৰ সন্মুখত আঠু কাঢ়ি ক্ষমা বিচৰাটো অসমত এক ট্ৰেজিক তথা বিৰল ঘটনাৰূপে চিহ্নিত হ’ল৷ ‘গুৰু সাক্ষাতঃ পৰম ব্ৰহ্ম’ বুলি শিক্ষক দিৱসৰ দিনা সন্মান যচা হয় শিক্ষকসকলক৷ অৱশ্যে এচাম শিক্ষকৰ অপকৰ্ম, নিজৰ দায়িত্বৰ প্ৰতি অৱহেলা আদিৰ বাবে শিক্ষক সমাজৰ প্ৰতিও আঙুলি উঠিছে যদিও আজিৰ অসমত শিক্ষকসকল এতিয়াও সন্মানৰ পাত্ৰ হৈ আছে৷ কিন্তু যি কাৰণতেই নহওক, ফিল’বাৰী কাণ্ডৰ পাছত এগৰাকী শিক্ষাগুৰুৱে নতজানু হৈ নিজেই পঢ়ুওৱা ছাত্ৰ-ছাত্ৰী আৰু একাংশ ছাত্ৰনেতাৰ ওচৰত আঠু লোৱাটোৱে শিক্ষাগুৰুৰ মান-মৰ্যাদাক অধিক অৱনমিত কৰিলে৷ প্ৰণিধানযোগ্য অসম হয়তো এনে এখন ৰাজ্য য’ত সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক ছাত্ৰ-সংগঠন আছে৷ আছু, এজেৱাই, চিএন, আটাছু, আটছা, আমছু, আক্ৰাছু, আছা আদি ছাত্ৰ সংগঠনসমূহৰ লগতে ৰাজ্যৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ নামত সুকীয়া ছাত্ৰ সংগঠন আছে৷ সঁচা অৰ্থত এই ছাত্ৰ সংগঠনসমূহে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশত যদি ব্ৰতী হ’লহেঁতেন তেন্তে হয়তো অসমৰ শৈক্ষিক পৰিৱেশেই সলনি হ’লহেঁতেন৷ কিন্তু ইয়াৰ পৰিৱৰ্তে এই সংগঠনসমূহৰ ‘এৰিয়া অৱ ইণ্টাৰেষ্ট’ৰ ভিন্নতাৰ বাবে ‘ছাত্ৰ সংগঠন’ নামটোৰ কিমান সঠিক ৰূপত প্ৰযোজ্য হৈছে সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে৷ এতিয়া যিমানেই চাফাই নিদিয়ক, ছাত্ৰ সংগঠনৰ নেতাৰ সন্মুখতে এগৰাকী বৰ্ষীয়ান শিক্ষয়িত্ৰীৰ চৰম অপমান হৈ পৰিছে অসমৰ সমাজখনৰ বাবে ভয়ংকৰ সংকেত৷ ৰাজ্যকন্যাৰ পৰা ফিল’বাৰীকাণ্ডলৈকে ঘটি থকা ঘটনাসমূহৰ লগতে ৰাজ্যৰ চুকে-কোণে ঘটি থকা এনে বহু বিক্ষিপ্ত ঘটনাসমূহে সকলোৰে বাবে এখন অনাহূত অসমীয়া সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰা দেখি চিন্তাশীল লোকৰ মাজত প্ৰশ্নৰ উদ্ৰেক হৈছে আৰু কিমানলৈ অৱনমিত হ’ব আমাৰ সমাজখন!