Logo
image

টকাই কাম কৰিব বুলি সপোন দেখি থাকিমনে

Let your money work for you. বহুবছৰ আগতে দিল্লীত দেখিছিলোঁ কোনোবা এটা বেংকৰ নে ইনভেষ্টমেণ্ট কোম্পেনীৰ এডভাৰ্টাইজমেণ্ট৷ ইয়াতকৈ আকৰ্ষণীয় প্ৰস্তাৱ থাকিব পাৰেনে! আমাৰ বেছিভাগৰে সপোন হ’ল কোনো কাম নকৰাকৈ ভৰিৰ ওপৰত ভৰি তুলি বহি খোৱা৷ গতিকে সুন্দৰ টোপ৷ আপুনি কাম কৰিব নালাগে, আপোনাৰ টকায়ে আপোনাৰ হৈ কাম কৰিব৷

সপোন হ’লেই নহ’ব, সপোন সাম্ফল হ’বৰ সম্ভাৱনাও লাগিব৷ তেতিয়াহে প্ৰস্তাৱটো কিছুলোকে বিবেচনা কৰিব৷ ইয়াত সেই সম্ভাব্যতাটো আছে৷ হয়, টকাই কাম কৰে, টকাই টকা আনে৷ এটা পৰ্যায়ৰ পাছত টকাই চব কৰে৷ টকাই টকাও আনিব ধৰে৷ এনে স্পীডত আৰু স্কেলত টকাই টকা আনিব ধৰে যে প্ৰকৃত কষ্ট কৰি ঘটা টকাই ইয়াৰ লগত দৌৰিবই নোৱাৰে৷ আম্বানী বা আমাৰ হিমন্তলৈ চালে হ’ল– টকাৰে টকা আনি আছে৷ এয়ে পুঁজিবাদ৷ পুঞ্জীভূত টকাৰ চুম্বকীয় শক্তি আছে, আনৰ পৰাও টকা টানি অনাৰ৷

সেইটো বাৰু জনা কথা, টকাই টকা আনে৷ কিন্তু টকাই কাম কৰা ! টকাৰ কিবা হাত-ভৰি আছে নেকি কাম কৰি আৰু টকা ঘটিবলৈ? নে আছে মগজু? নাই, টকাই নিজে একো নকৰে৷ কিন্তু আপোনাৰ হাতত থকা টকাই আনক কাম কৰাব পাৰে৷ যাৰ প্ৰয়োজন আছে কিন্তু টকা নাই, তেওঁলোকে আপোনাৰ পৰা টকাকেইটাৰ আশাতে কাম কৰি দিব আৰু আপোনাৰ বাবে আৰু বেছি টকা আনি দিব৷ এয়ে হ’ল শ্ৰম যাক পুঁজিবাদত টকা দি ব্যৱহাৰ কৰিব পৰা যায়, বহুসময়ত শোষণো কৰা যায়৷

আপুনি মাক্সৰ্বাদ পঢ়ক-নপঢ়ক এয়ে মাক্সৰ্বাদৰ ভেটি৷ লগতে ষ্টক মাৰ্কেট বা ষ্টক বিজনেছৰো মূল নীতি৷ ক’ৰবাত কাৰবাৰ কিবা এটা সৰু বা ডাঙৰ প্ৰজেক্টৰ বাবে টকা বা পুঁজি নাথাকিলে, আন থকা কোনোবাই বিনিয়োগ কৰে, সেই টকাৰে কোনোবাই কাম কৰে, পাছত লাভ হ’লে বিনিয়োগ কৰাসকলে কাম নকৰাকৈয়ে ডিভিডেণ্ড বা প্ৰফিট খায়৷

কিন্তু যে এইটো টাটা বা বিৰলাৰ দৰে পুঁজিপতিয়েহে কৰে বা আমেৰিকা বা চীনাই কৰে তেনে নহয়৷ আপোনালোক যাৰ প্ৰভিডেণ্ড ফাণ্ড কটা যায় বা বেংকত টকা থাকে, আপোনালোকেও ইনভেষ্ট কৰি থাকে আৰু টকা দি টকা ঘটক নঘটক, ঘটাৰ মৰীচিকা খেদি থাকে৷

...

এইখিনিলৈকে নৰ্মেল কথা৷ প্ৰায় চবেই জানে৷ বিজনেছ বা ইক’নমিকছৰ বিষয়ে জনা বহুতেই মোতকৈ সাৱলীলভাৱে ক’ব পাৰিব৷ কিন্তু শেহতীয়াভাৱে এইটো মডেলেৰে টকা ঘটাত কিছুমান বেমেজালি [কেলেংকাৰী নহয় চাগৈ!] ঘটিবলৈ লৈছে৷ বাউমেন নামৰ এজনে মডাৰ্নিজ্‌ম নামৰ তেওঁৰ ক্লাছিক গ্ৰন্থত কেনেকৈ আধুনিক পুঁজিবাদে ঘোৰ সংকটৰ সৃষ্টি কৰিছে সুন্দৰকৈ ব্যাখ্যা কৰিছে৷

বৰ্তমান যুগত পুঁজি বা কেপিটেল অত্যন্ত পাতল আৰু উৰন্ত৷ অনলাইন ট্ৰেনজেকশ্বনৰ দিনত মুহূৰ্ততে ক’ৰবাৰ পৰা বৃহৎ পৰিমাণৰ ধন ক’ৰবাৰ পৰা উলিয়াই ক’ৰবাত ভৰাব পাৰি৷ সেয়ে আজিকালি ৰজাৰ পৰা প্ৰজা, ৰাজনীতিবিদৰ পৰা ব্যবসায়ী সকলো এই বৃহৎ ধনৰ শ্বেভ লিটাৰেলী! একোটা উদ্যোগেই নহয়, একোখন চহৰ , একোখন ৰাজ্য বা দেশো এনে উৰন্ত কেপিটেলক পাণ তামোল দি আদৰিবলৈ ব্যস্ত সমস্ত হৈ থাকে৷ লগতে সদা সন্ত্ৰস্ত হৈ থাকে কেনেবাকৈ কেপিটেল উলিয়াই লৈ যায় বুলি৷

তাৰ সুবিধা লয় fly by night operatorsবোৰে৷ এওঁলোকৰ নিৰ্দেশতে পৃথিৱীৰ অৰ্থনীতি চলি থাকে৷ তেওঁলোকৰ মুড সলনি হ’লেই ভাৰতৰ টকা নি আমেৰিকাত ভৰাব, আমেৰিকাৰ পৰা জাপানত বা ইউৰোপত৷ তেওঁলোকে বহু চৰ্ত আৰোপ কৰিব, এয়াৰপ’ৰ্ট লাগিব, মল লাগিব, ইত্যাদি৷ চব কৰাৰ পাছত এদিন হঠাতে কেপিটেল উলিয়াই নিব, তেতিয়া থাকি যাব কোনো ইক’নমিক এক্টিভিটী নথকা একোখন ঘোষ্ট চিটী... ছমাহৰ লকডাউনে গোটেই ভাৰতখনকে কৰাৰ দৰে ....

উপসংহাৰঃ কৰ’নাই আমাক এনে কিছুমান কথা বুজাৰ, হৃদয়ংগম কৰাৰ সুযোগ আনি দিছে৷ বুজোঁ বা নুবুজোঁ, শিকোঁ নে নিশিকোঁ আমাৰ কথা৷ মানে আমাৰ হৈ টকাই কাম কৰিব বুলি সপোন দেখি থাকিম নে নিজেই কৰিম...নিজ হাতে!