জলবায়ুৰ পৰিৱৰ্তন
ভাৰতত সাধাৰণতে জুনৰ পৰা আগষ্টলৈ এই সময়ছোৱা বাৰিষা ঋতু৷ এই সময়ছোৱাত অঞ্চলভেদে প্ৰবল বৰষুণ হয়৷ কিন্তু শেহতীয়াকৈ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা দেখা গৈছে৷ উদাহৰণস্বৰূপে চলিত বৰ্ষৰ কথাকেই ক’ব পাৰি৷ জুন-জুলাই মাহত দেশৰ কেইবাটাও অঞ্চলত বান সমস্যাই দেখা দিয়ে৷ কিন্তু চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈ পূৰ্বৰ দৰে বান সমস্যাই দেখা দিয়া নাই আৰু ইয়াৰ কাৰণ বৰষুণৰ মাত্ৰা হ্ৰাস পোৱা৷ পৰিৱেশ বিজ্ঞানীৰ মতে, জলবায়ুৰ পৰিৱৰ্তনৰ বাবেই ভাৰতত শেহতীয়াকৈ বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে আৰু এয়া এক উদ্বেগৰ কথা৷ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা বাবেই উষ্ণতাৰো তাৰতম্য ঘটা পৰিলক্ষিত হৈছে৷ উদাহৰণস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ কথাকেই উল্লেখ কৰিব পাৰি৷ সাধাৰণতে শাৰদীয় দুৰ্গোৎসৱৰ পাছত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত তাপমাত্ৰা হ্ৰাস পাবলৈ ধৰে আৰু সেইবাবেই এই সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ দেশৰ আন ঠাইৰ পৰা পৰ্যটকৰ আগমন ঘটে৷ কিন্তু এই বছৰ পৰিৱেশ আছিল সম্পূৰ্ণ বেলেগ৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো অক্টোবৰৰ মাজভাগলৈ তাপমাত্ৰা আছিল যথেষ্ট বেছি৷ বতৰ বিজ্ঞানীসকলৰ মতে, বিগত কেইবাবছৰৰ তুলনাত এইবাৰ অক্টোবৰ মাহত উত্তৰ-পূৰ্বাঞ্চলত তাপমাত্ৰা আছিল যথেষ্ট বেছি৷ অসমৰ ৰাজধানী চহৰ গুৱাহাটীত ১৫ অক্টোবৰৰ তাপমাত্ৰা আছিল ৩৭ডিগ্ৰী চেলছিয়াছতকৈও অধিক৷ তেনেদৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত ১৬ অক্টোবৰত তাপমান আছিল ৩৭.৮ ডিগ্ৰী চেলছিয়াছ৷ একেদৰে মিজোৰাম, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা আৰু নাগালেণ্ডতো অক্টোবৰ মাহৰ তাপমান পূৰ্বৰ বহু বছৰৰ তুলনাত আছিল অধিক৷ অসমত অৱশ্যে ২০ অক্টোবৰৰ পৰা ঠাইবিশেষে হোৱা বৰষুণৰ বাবে তাপমাত্ৰা কিছু হ্ৰাস পোৱা দেখা গৈছে৷
বিজ্ঞানীসকলৰ মতে, বিশ্বজুৰি গ্ল’বেল ৱাৰ্মিঙৰ যি সমস্যা দেখা গৈছে, সেই সমস্যাৰে প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলৰ এই তাপমাত্ৰাৰ বৃদ্ধি৷ অসমৰ তুলনাত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ লগতে চেৰাপুঞ্জী আদি ঠাইৰ তাপমান সাধাৰণতে যথেষ্ট কম হয়৷ তাৎপৰ্যপূৰ্ণ যে, চলিত বৰ্ষৰ অক্টোবৰৰ মাজভাগলৈ শ্বিলঙৰ তাপমাত্ৰা আছিল ২৮ৰ পৰা ৩০ ডিগ্ৰী চেলছিয়াছলৈ, যিটো আছিল বিগত কেইবাটাও বছৰৰ তুলনাত প্ৰায় ৭-৮ ডিগ্ৰী অধিক৷ চেৰাপুঞ্জীতো একেই পৰিৱেশ দেখা গৈছিল৷ দুৰ্গা পূজাৰ পাছৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত হোৱা পাতলীয়াৰ পৰা মজলীয়া বৰষুণে তাপমান হ্ৰাস কৰে যদিও অক্টোবৰ মাহলৈ অঞ্চলটোত বতৰৰ এই অস্বাভাৱিক পৰিৱৰ্তন উদ্বেগৰ কাৰণ হৈ পৰিছে৷ অঞ্চলটোত যান-বাহনৰসংখ্যা অত্যধিক বৃদ্ধি, বনাঞ্চলৰ পৰিসৰ হ্ৰাস পোৱা আদি কাৰকৰ বাবে জলবায়ুৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে৷ বতৰৰ এই অস্বাভাৱিকতাৰ বাবে কৃষি আৰু অৰ্থব্যৱস্থাত তাৰ প্ৰভাৱ পৰিব পাৰে৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় জলবায়ু ক্ষতিগ্ৰস্ততা মূল্যায়ন প্ৰতিবেদন অনুসৰি পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য জলবায়ু পৰিৱৰ্তনৰ বাবে বিপদসংকুল হিচাপে চিনাক্ত কৰা হৈছে৷ এই ৰাজ্যকেইখনৰ অন্যতম হৈছে অসম৷ ৰাষ্ট্ৰসংঘৰ সংস্থা ‘ইণ্টাৰগৱৰ্নমেণ্টেল পেনেল অন ক্লাইমেট চেইঞ্জ’ৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ কেইবাখনো চহৰত চলোৱা সমীক্ষাৰ পৰা এটা কথা জানিব পৰা গৈছে যে বিগত সাত দশকত উষ্ণতা সৰ্বাধিক বৃদ্ধি পাইছে ভাৰতৰ এখন চহৰত৷ চহৰখন হৈছে কলকাতা৷ এয়া কেৱল কলকাতাৰ সমস্যা হৈ থকা নাই৷ দ্ৰুত নগৰীকৰণৰ ফলত দেশৰ আন অঞ্চলতো উষ্ণতা বৃদ্ধি এক চিন্তাৰ কাৰণ হৈ পৰিছে৷ পৰিৱেশবিদৰ ভাষাত ইয়াক কোৱা হয় আৰবান হিট আইলেণ্ড এফেক্ট৷ দ্ৰুত নগৰীকৰণৰ ফলত বৃদ্ধি পাইছে উন্নয়নমূলক কাম-কাজ৷ সংকুচিত হৈছে বনাঞ্চল৷ যান-বাহন বৃদ্ধি পোৱা আৰু ৰেফ্ৰিজিৰেটৰ, শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰাদিৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত বৃদ্ধি পাইছে কাৰ্বনৰ নিঃসৰণৰ মাত্ৰা আৰু সেয়াই হৈ পৰিছে উষ্ণতা বৃদ্ধিৰ মূল কাৰক৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত যদি এনেদৰেই অস্বাভাৱিকভাৱে বতৰৰ পৰিৱৰ্তন হৈ থাকে, তেন্তে অনাগত দিনত পৰিৱেশ-পৰিস্থিতি অধিক জটিল হৈ পৰিব আৰু এনে পৰিৱেশৰ পৰা পৰিত্ৰাণৰ উপায় আমিয়েই উলিয়াব লাগিব৷






