Logo
image

সাম্প্ৰদায়িকতা আৰু বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদ!

বিজেপি চৰকাৰে আচলতে কি কৰিব বিচাৰিছে? মুখেৰে অসমীয়া জাতিৰ উন্নতিৰ কথা কয়, অসমীয়া ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ কথা কয়, বিকাশৰ কথা কয়৷ বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কয় আৰু বাস্তৱত অসমীয়াৰ বিৰুদ্ধে ব্যাপক চক্ৰান্ত ৰচনা কৰে৷ এফালে অসমীয়াৰ ঐতিহ্য আৰু সভ্যতাৰ যুঁজ বুলি আৱেগিক কৰে আৰু আনফালে ‘নাগৰিকত্ব সংশোধনী আইন’ প্ৰণয়ন কৰি অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰাৰ কৌশল ৰচনা কৰে৷ অসমীয়া জাতিৰ ৬ বছৰীয়া আন্দোলনৰ ফচল অসম চুক্তিৰ দুটা দফা ৫ আৰু ৬ প্ৰৱৰ্তন কৰিবলৈ বাৰে বাৰে দাবী কৰি আহিলেও বিগত ৩৬ বছৰে চৰকাৰে সময় নাপায় অথচ অসমৰ মাটিত বিদেশীক আনি বহুৱাবলৈ আইন প্ৰণয়নৰ বিৰুদ্ধে অসমীয়া জাতিয়ে সৰ্বাত্মক প্ৰতিৰোধ গঢ়ি তোলাৰ পাছতো মানুহক হত্যা কৰি, জে’ল-জৰিমনা বিহি আইন প্ৰণয়ন কৰে৷ অসমৰ জনতাই বিগত এশ বছৰতকৈও অধিক কাল অসমৰ ভূখণ্ডলৈ হোৱা অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে৷ এই প্ৰতিবাদৰ ফলত অসমীয়া জাতিয়ে বহুতো ক্ষতিৰ সন্মুখীন হৈছে৷ নিজৰ জীৱন আহুতি দিছে, কিন্তু অনুপ্ৰৱেশৰ সমস্যা সমাধান কৰাটো দূৰৰ কথা নতুনকৈ হিন্দু বাংলাদেশীক আনি অসমৰ সমাজ জীৱন দুৰ্বিষহ কৰি তোলাৰ বাবে আগবাঢ়িছে৷ অসমৰ বৌদ্ধিক তথা সংগ্ৰামী মহলে বাৰে বাৰে কৈ আহিছিল যে ভাৰতত নাগৰিকত্ব আইন প্ৰণয়ন হোৱাৰ পাছত বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি হ’ব৷ আজি সেয়ে হৈছে, দুৰ্গা পূজাৰ পেণ্ডেল লণ্ডভণ্ড কৰি মানুহ হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ এতিয়া ভাৰতৰ হিন্দু মৌলবাদী সংগঠন বিজেপি-আৰএছএছে ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে যে বাংলাদেশত হিন্দুৰ সুৰক্ষা নাই, সেয়ে তেওঁলোকক ভাৰতলৈ লৈ আহিব লাগে৷ আনহাতে, এই অজুহাততে ভাৰতত মুছলমানৰ সুৰক্ষা বিঘ্নিত কৰাৰ চক্ৰান্তত নামি পৰিছে মৌলবাদী সংগঠন৷ এক অৰাজক পৰিস্থিতিৰ ফালে দুয়োখন দেশ গতি কৰাৰ পূৰ্বজাননী যেন লাগিছে৷ ভাৰতে নিজৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক আঘাত হানি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পৰিৱৰ্তে যি তিনিখন দেশত সংখ্যালঘু হিন্দু অসুৰক্ষিত বুলি প্ৰচাৰ কৰিছে, সেই তিনিখন দেশক কূটনৈতিক প্ৰক্ৰিয়াৰে হেঁচা প্ৰয়োগ কৰিও সাম্প্ৰদায়িক সুৰক্ষা নিশ্চিত কৰিব পাৰিলেহেঁতেন৷ বিশেষকৈ যিখন বাংলাদেশ প্ৰতিষ্ঠা কৰাত ভাৰতৰ ভূমিকা আছে, সেই বাংলাদেশক পাৰিলেহেঁতেন৷ কিন্তু বিজেপি চৰকাৰৰ মূল উদ্দেশ্য কাকো সুৰক্ষা প্ৰদান কৰা নহয়৷ দেশৰ সুৰক্ষা বিঘ্নিত কৰি, সকলোকে এক নিৰাপত্তাহীন পৰিৱেশৰ মাজত ৰাখি শাসনৰ গাদীহে সুৰক্ষিত কৰা তেওঁলোকৰ লক্ষ্য৷

ধৰ্মীয় উন্মাদনা সৃষ্টিৰে সাম্প্ৰদায়িক বাতাৱৰণ সৃষ্টি কৰি অহাৰ পাছত এইবাৰ বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ত আঘাত হানিবলৈ যেন এক নতুন শক্তিৰ সঞ্চয় কৰিছে দুষ্কৃতিকাৰীয়ে৷ বৰাকৰ অসমীয়া বেনাৰ-ফলকত ক’লা ৰং সানি যি উন্মাদনাৰ সৃষ্টি কৰিবলৈ যত্ন কৰা হৈছে, এই কাৰ্যত আৰএছএছৰ কৰ্মী জড়িত থকাৰ কথা বাতৰিকাকত তথা সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশ হৈছে৷ চৰকাৰেও এই কাৰ্য ৰোধ কৰিবলৈ যি কঠোৰ ব্যৱস্থা ল’ব লাগিছিল, সেয়া লোৱা নাই৷ ৰাইজৰ হেঁচাত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিও আৰক্ষীয়ে এৰি দিয়া ঘটনাই এই ঘটনাত চৰকাৰৰ সহযোগ থকাৰ কথা ইতিমধ্যে বিভিন্ন পক্ষই সন্দেহ কৰিছে৷

বৰাকত যি পন্থা অৱলম্বন কৰিছে, সেই পন্থা যদি ব্ৰহ্মপুত্ৰ উপত্যকাত বাঙালী ভাষাৰ বিৰুদ্ধেহ্ল লয়, তেতিয়াহ’লে কি পৰিস্থিতিৰ উদ্ভৱ হ’ব সেই কথা চৰকাৰ প্ৰশাসনে অনুধাৱন নকৰাটো অতি আচৰিত কথা হৈছে৷ আচলেতে এই সমগ্ৰ ঘটনা চৰকাৰৰ নীতি মতেই যে হৈছে সেয়া নিশ্চিত৷ কাৰণ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে সংবিধানত বিশেষ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব বুলি অসম চুক্তিত লিপিবদ্ধ কৰাৰ পাছতো আজিকোপতি সেই ব্যৱস্থা লোৱা নহ’ল৷ ফলস্বৰূপে আজি অসমীয়া ভাষাই নহয় ইয়াৰ সংস্কৃতি, ঐতিহ্য-পৰম্পৰা সকলো গভীৰ সংকটৰ দিশত গতি কৰিছে৷ বিজেপিয়ে ৰাষ্ট্ৰীয়তাবাদৰ নামত সমগ্ৰ আঞ্চলিকতাবাদ-জাতীয়তাবাদ ধবংস কৰি এক দেশ এক ভাষা, এক দেশ এক ধৰ্ম, এক দেশ এক সংস্কৃতি আৰু সৰ্বশেষ এক দেশ এক শাসন ব্যৱস্থাৰ দিশে গতি কৰা দেখা গৈছে৷ কিন্তু ভাৰত বৈচিত্ৰ্যৰ মাজত ঐক্য বিৰাজ কৰা এখন দেশ৷ নানা ভাষা, নানা সংস্কৃতি, নানা পৰম্পৰাক সন্মান আৰু যথোচিত গুৰুত্ব প্ৰদান নকৰিলে ভৱিষ্যতে সৃষ্টি হ’ব পৰা যিকোনে পৰিস্থিতিৰ বাবে ইতিহাসে আৰএছএছ-বিজেপিকে জগৰীয়া কৰিব৷ কাৰণ দেশ প্ৰথম তাৰপাছতহে দল বা মতাদৰ্শ৷ অসমৰ ক্ষেত্ৰতো সেয়ে সত্য, অসমীয়া ভাষাক যিমানেই ক্ষতি কৰিবলৈ যত্ন কৰিব, সিমানেই কহিনুৰ হৈ জিলিকি পৰিব৷ বৰাকৰ ঘটনা এক স্বাভাৱিক ঘটনা নহয়৷ ই নিকৃষ্ট ৰাজনীতিৰ এক অংশ৷ আজিৰ ৰাজনৈতিক ব্যৱস্থাৰ ফচল৷ ইয়াক প্ৰতিহত কৰিবলৈ হ’লে সাম্প্ৰদায়িক চক্ৰান্তত ভৰি দিলে নহয়, সকলো জাতিপ্ৰেমী, সকলো ভাষাপ্ৰেমী ঐক্যবদ্ধ হৈ প্ৰকৃত শত্ৰুৰ বিৰুদ্ধে যুঁজ দিব লাগিব৷