পখিলা খেদাৰ বয়সতে কিশোৰৰ বীভৎস মানসিকতা অতি চিন্তনীয়
পখিলা খেদাৰ বয়স, লুকা-চুৰি খেলাৰ বয়সতে দুটা ১১ বছৰীয়া কিশোৰ আৰু এটা ৯ বছৰীয়া শিশুৱে যৌন নিৰ্যাতন চলাই এজনী ৭ বছৰীয়া কণমানি কন্যা শিশুক শিলেৰে মূৰত মাৰি অতি নৃশংসভাৱে হত্যা কৰিলে৷ কাজেই সকলোৰে বাবে অকল্পনীয়, অবিশ্বাস্য ঘটনাটোৱে ৰাজ্যবাসীক জোকাৰি গৈছে৷ মানৱীয় প্ৰমূল্যৰ চৰম অৱক্ষয়ৰ ঘটনা এটাৰ পাছত এটাকৈ ঘটিবলৈ ধৰিছে একালত শান্তি বিৰাজ কৰা ৰাজ্যখনত৷ কেতিয়াবা যদি ড্ৰাগছ আসক্ত কিশোৰে ধনৰ বাবে নিজা ভগ্নীক থেতালি থেতালি হত্যা কৰিছে, কোনোবা দিনা নিচাসক্ত হৈ কিশোৰে নিজা মা, আইতাকক হত্যা কৰিছে৷ চুৰি, ডকাইতি, অপহৰণ, ধৰ্ষণৰ দৰে ঘটনাত কিশোৰ বা কমবয়সীয়া লোকৰ সংখ্যাও ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্যইও অসমত যুৱক-কিশোৰ অপৰাধীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ বিষয়ে কিছুদিনৰ আগতে প্ৰকাশ কৰিছে৷ তথ্য-প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশৰ ফলত এক আধুনিক জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় আহিলাসমূহ সহজলভ্য হোৱাৰ সুবাদত সভ্যতাৰ অগ্ৰগতি হৈছে বুলি ভবা যায় যদিও বহুক্ষেত্ৰত এইবোৰৰ অপব্যৱহাৰে সভ্যতাৰ বিপৰীতমুখী যাত্ৰাতহে ইন্ধন যোগোৱা পৰিলক্ষিত হৈছে৷ কলিয়াবৰৰ বীভৎস ঘটনাটোৰ আঁৰত আছিল কেইটামান অতি কমবয়সীয়া ল’ৰাই আজিৰ যুগৰ অতি প্ৰয়োজনীয় বুলি বিবেচিত হোৱা ম’বাইলৰ অপব্যৱহাৰ৷ যি সময়ত অপৰাধী কিশোৰ কেইটাৰ মনত ল’ৰালি কালত হোৱা চিন্তা, ক্ৰিয়া, কাৰ্যকলাপে ঠাই পাব লাগিছিল, সেই সময়ত তেওঁলোকে অভিভাৱকৰ পৰা লুকাই চুৰকৈ ম’বাইলযোগে লাভ কৰা পৰ্ণ ছবিৰ বিকৃত আনন্দ, উত্তেজনাইহে মনোজগত অধিকাৰ কৰিলে৷ কোৱা বাহুল্য, কেৱল পৰ্ণ ছবিৰ যোগেদি বিকৃত আনন্দ লাভ কৰাতে তেওঁলোক ক্ষান্ত নহৈ ইয়াক কাৰ্যকৰী কৰাৰ বাবে বাচি ল’লে এজনী কণমানি শিশুক৷ অৰ্থাৎ পখিলা খেদা, টাং গুটি খেলাৰ বয়সতে তেওঁলোকে এক ভয়ংকৰ ঘটনা সংঘটিত কৰিলেক্ক কিশোৰ কেইজনে কৰা এই অপৰাধৰ বাবে এতিয়া তেওঁলোকে ব্যৱহাৰ কৰা কেৱল ইণ্টাৰনেট সংযুক্ত ম’বাইলটোকে জগৰীয়া কৰা নহয়, ইয়াৰ লগত সংলগ্ন আছে সাম্প্ৰতিক সমাজৰ আন বহু দিশ, ধ্যান-ধাৰণা৷ প্ৰযুক্তিৰ বিকাশৰ লগে লগে সমাজ-সভ্যতাৰ অগ্ৰগতি হোৱাটো সকলোৱে স্বীকাৰ কৰে৷ প্ৰাচীন যুগত গুহাত মানুহে বাস কৰাৰ সময়ৰে পৰা জুইৰ আৱিষ্কাৰ, কৃষিকৰ্মৰ উদ্ভাৱন, চকাৰ আৱিষ্কাৰ আৰু ধাতুৰ ব্যৱহাৰ আদিয়ে মানৱ সভ্যতাক এখোজ দুখোজকৈ আগুৱাই লৈ যায়৷ সময়ৰ লগে লগে জীয়াই থকাৰ তাড়নাত বা অধিক উন্নত জীৱনৰ সন্ধানত উদ্ভাৱনী, সৃষ্টিশীল মানুহে আৰু নতুন নতুন আৱিষ্কাৰ কৰিবলৈ ল’লে৷ এনেদৰে শতিকাৰ পাছত শতিকা অতিক্ৰমি মানুহ আজিৰ অৱস্থাত উপনীত হৈছে৷ অষ্টাদশ শতিকাৰ পৰা ক্ৰমান্বয়ে বিজ্ঞানৰ নতুন নতুন সূত্ৰৰ আৱিষ্কাৰে মানৱ জীৱনত অভূতপূৰ্ব পৰিৱৰ্তন সাধিবলৈ আৰম্ভ কৰিলে৷ ৰে’ল ইঞ্জিনৰ আৱিষ্কাৰ, যোগাযোগ ব্যৱস্থা, যাতায়াত উন্নীতকৰণ কৰা, ৰেডিঅ’, টেলিভিছন, কম্পিউটাৰৰ উদ্ভাৱনৰ পৰা বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তা, নেন’ প্ৰযুক্তি, ৰবটিকছলৈকে বহু আৱিষ্কাৰ হ’ল আৰু এই আৱিষ্কাৰসমূহে নি(য়কৈ পৰ্যায়ক্ৰমে মানৱ জীৱনৰ গতিধাৰালৈকো বহু পৰিৱৰ্তন আনিলে৷ বিজ্ঞানৰ সূত্ৰৰ ওপৰত ভিত্তি কৰিয়েই মানুহৰ মাজত চাহিদা, আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি এটাৰ পাছত এটাকৈ নতুন প্ৰযুক্তিৰ সামগ্ৰী মানুহৰ মাজলৈ আহিছে৷ কিন্তু দেখা গৈছে যে এনে বহু প্ৰযুক্তিয়ে সৃষ্টি কৰা আহিলা কিছুমানে মানুহৰ মানসিকতাৰ উত্তৰণ ঘটোৱাৰ পৰিৱৰ্তে বৈষয়িক আৰাম, ভোগবাদতহে অধিক অৰিহণা যোগাইছে৷ বিজ্ঞান-প্ৰযুক্তি বহু আগবাঢ়িল যদিও আজিৰ সমাজত বিজ্ঞান মানসিকতা, যুক্তিবাদী, সংস্কাৰী মানুহৰ সংখ্যা আশা কৰা ধৰণে বৃদ্ধি পোৱা নাই৷ এনে হোৱাৰ বাবে আৰ্থ-সামাজিক বিকাশৰ গতিতো স্থবিৰতা আহি পৰিছে৷ ২১ শতিকাৰ এতিয়ালৈকে হোৱা সকলো উদ্ভাৱনৰ ভিতৰত হয়তো ম’বাইলটোৱে ভাৰতীয় লোকৰ মাজত সৰ্বাধিক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ কেৱল ছাত্ৰ, কিশোৰেই নহয় বয়স্ক লোকৰ বাবেও আজিৰ দিনত ম’বাইলটো আটাইতকৈ প্ৰিয় সংগী৷ হাটে-বজাৰে, স্কুল-কলেজ, অফিচ-কাছাৰী, ৰাজহুৱা স্থান য’তেই থাকক ত’তেই দেখা যায় আপোনমনে মানুহ ব্যস্ত হৈ আছে ম’বাইলটোৰ সৈতে৷ অতি কম মূল্যতে ইণ্টাৰনেট সংযোগ কৰাৰ সুবিধাৰ বাবে ম’বাইলৰ যোগেদি যি খবৰ, ছবি [পৰ্ণ ছবিলৈকে] বিচৰা তাক তৎকালেই পোৱা যায়৷ তাৰে সুবিধা লৈ বিশেষকৈ ২০২০ চনৰ পৰা আৰম্ভ হোৱা লকডাউনৰ বাবে আৰম্ভ হোৱা অনলাইন ক্লাছত নিয়োজিত দেশৰ কোটি কোটি ছাত্ৰই ম’বাইলৰ সু-ব্যৱহাৰৰ লগতে অপব্যৱহাৰৰ পূৰ্ণ সুযোগ লাভ কৰিছে৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত বহু ক্ষেত্ৰত অভিভাৱকৰ অজ্ঞতা, নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি বহু কিশোৰ ছাত্ৰই বিভিন্ন ম’বাইল গেম খেলাৰ পৰা পৰ্ণ ছবি চোৱাটো এক অভ্যাসত পৰিণত কৰিছে৷ ইয়াৰ পৰিণতিত কলিয়াবৰৰ ঘটনাৰ দৰে বীভৎস ঘটনা ঘটিছে, ম’বাইলত গেম খেলি বহু কিশোৰে আত্মহত্যা কৰিছে, বহুজন অপৰাধত জড়িত হৈ পৰিছে৷ সামাজিক অভিভাৱক, ঘৰখনৰ সদস্যসকলৰ অভিভাৱকত্ব, স্কুল-কলেজত কাউন্সেলিং আদিয়ে এনেবোৰ দুৰ্ভাগ্যজনক ঘটনাক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে৷






