মূল্যবৃদ্ধি
কৰ’না অতিমাৰীয়ে সৰ্বসাধাৰণক আৰ্থিকভাৱে বাৰুকৈ বিপৰ্যস্ত কৰাৰ পাছত এতিয়া বয়বস্তুৰ অত্যধিক মূল্যবৃদ্ধিয়ে সকলোকে জুৰুলা কৰিছে৷ তাৰ বিপৰীতে কৰ’নাসৃষ্ট সমস্যাৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ বিপৰীতে ক্ষমতাত থকা চৰকাৰখনৰ মন্ত্ৰী-বিধায়কসকলে কেতবোৰ উদ্ভট মন্তব্যৰে দায় সৰাৰ চেষ্টা চলোৱাটো অতি দুৰ্ভাগ্যজনক৷ কিছুদিন পূৰ্বে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মন্তব্য কৰিছিল যে পেট্ৰ’লজাত সামগ্ৰীত আৰোপ কৰা অতিৰিক্ত কৰৰ ধনেৰে চৰকাৰে দেশবাসীক বিনামূলীয়াকৈ ক’ভিডৰ ভেক্চিন প্ৰদান কৰাৰ লগতে আন চৰকাৰী আঁচনিবোৰ কাৰ্যকৰী কৰা হৈছে৷ আনহাতে, অসম ৰাজ্যিক বিজেপিৰ সভাপতিজনে কৈছিল যে ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ সময়ত ঘোষণা কৰা লকডাউনৰ বাবে বয়-বস্তুৰ উৎপাদন হ্ৰাস পোৱাৰ বিপৰীতে বস্তুৰ চাহিদা বৃদ্ধি পোৱাৰ বাবেহে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে আৰু এই মূল্যবৃদ্ধি দীৰ্ঘস্থায়ী নহয়৷ ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ এই মন্তব্য কিমান যুক্তিসংগত তাক সৰ্বসাধাৰণে বুজি নোপোৱাকৈ থকা নাই৷ যদি শাক-পাচলিক উদাহৰণ হিচাপে লোৱা হয়, তেন্তে দেখা যাব যে বছৰটোৰ এই সময়ছোৱাত অসমত শাক-পাচলিৰ উৎপাদন যথেষ্ট বেছি হয়৷ পাচলি বজাৰলৈ গ’লেই এই কথা অনুমান কৰিব পৰা যায়৷ বজাৰত শাক-পাচলি উভৈনদী হোৱাৰ পাছতো মূল্যবৃদ্ধি হয় কিয়? প্ৰকৃততে বজাৰৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণেই নাই আৰু এই কথা ঢাকিবলৈকে মন্ত্ৰী-বিধায়কসকলৰ মুখৰ পৰা ওলায় কেতবোৰ আচহুৱা মন্তব্য৷
কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীজনে কৈছে যে পেট্ৰ’লজাত সামগ্ৰীত আৰোপ কৰা কৰৰ ধনেৰে দেশবাসীক কৰ’নাৰ ভেক্চিন প্ৰদান কৰা হৈছে৷ এফালে চৰকাৰে কয় বিনামূলীয়াকৈ ভেক্চিন প্ৰদানৰ কথা, আনফালে কোৱা হয় ৰাইজৰ পৰা লোৱা কৰৰ ধনেৰেহে ভেক্চিন প্ৰদান কৰাৰ কথা৷ দেশৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান কি পৰ্যায় পাইছেগৈ মন্ত্ৰীজনৰ মন্তব্যই তাৰ প্ৰমাণ নহয়নে? দেশত পেট্ৰ’লৰ প্ৰতি লিটাৰৰ মূল্য ইতিমধ্যে এশৰ ঘৰ পাৰ হৈছে৷ ডিজেলৰ প্ৰতি লিটাৰৰ মূল্যয়েও অতি শীঘ্ৰে হয়তো শতক সম্পূৰ্ণ কৰিব৷ তেনেদৰে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্যও এহাজাৰ টকাৰ কাষ চাপিছে৷ চৰকাৰৰ ফালৰ পৰা প্ৰায়েই কোৱা শুনা যায় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিবলগীয়া হয়৷ কিন্তু বিশেষজ্ঞসকলৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কৰৰ লগতে পৰিবহণ ব্যয়, ডীলাৰৰ কমিছন, ৰাজ্য চৰকাৰৰ কৰ আৰু আন আনুষংগিক ব্যয়বোৰ ধৰিলেও প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য এশ টকা হ’ব নোৱাৰে৷ তাৎপৰ্যপূৰ্ণ যে চুবুৰীয়া দেশ বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটানত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ভাৰতৰ তুলনাত কম৷ ভাৰতৰ পৰা তৈলজাত সামগ্ৰী আমদানি কৰিও ভূটান আৰু শ্ৰীলংকাৰ দৰে দেশে ভাৰততকৈ কম মূল্যত নিজ দেশত সেই সামগ্ৰী বিক্ৰী কৰে৷ এটা কথা স্বীকাৰ্য যে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পাই থাকিলে পৰিবহণ ব্যয়ো বৃদ্ধি পাব আৰু পৰিবহণ ব্যয় বৃদ্ধি পালে বয়-বস্তুৰ মূল্যও বৃদ্ধি পাই থাকিব৷ পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যৰ বাবে ইতিমধ্যে বাছ ভাৰা আদিও অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ এইবোৰ জানি-বুজিও চৰকাৰ-প্ৰশাসন নিৰ্বিকাৰ হৈ আছে৷ আৰু কেইদিনমান পাছত অসমত পাঁচটা বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷ বিভিন্ন প্ৰতিশ্ৰুতিৰে সাধাৰণ লোকক আকৰ্ষিত কৰাৰ বাবে ইতিমধ্যে উঠিপৰি লাগিছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক৷ সৰ্বসাধাৰণৰ অভাৱ-অভিযোগ দূৰ কৰাত এইসকল নিৰ্বাচিত জনপ্ৰতিনিধিৰ কিমান সদিচ্ছা আছে, সেয়া তেওঁলোকৰ বিগত সময়ছোৱাৰ কাৰ্যকলাপেই প্ৰমাণ কৰা নাইনে?






