Logo
image

অপৰাধ নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতা

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ৰাজ্যৰ আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনা কৰি অসমৰ পৰা অপৰাধ নিৰ্মূলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও অপৰাধ নিৰ্মূলত চূড়ান্ত ব্যৰ্থ হৈছে গৃহ বিভাগ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপৰাধ নিয়ন্ত্ৰণৰ খাটিৰত আৰক্ষীক এনকাউণ্টাৰ কৰাৰো নিৰ্দেশ দিছিল৷ ইয়াৰ পাছতে ৰাজ্যৰ আৰক্ষী বিভাগে ঠায়ে ঠায়ে অপৰাধীক এনকাউণ্টাৰ কৰি সংবাদ শিৰোনাম দখল কৰিছিল যদিও এনে কাৰ্যয়ো অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰাৰ কথা কৈ আহিছে যদিও অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্যৰ গৃহ বিভাগ চূড়ান্ত ব্যৰ্থ হৈছে৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে চতুৰ্থবাৰৰ বাবে শীৰ্ষস্থান লাভ কৰিছে৷ অসমত প্ৰতি এক লাখত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ১৫৪.৩, যিটো ৰাষ্ট্ৰীয় হাৰ ৫৬.৫তকৈ প্ৰায় তিনিগুণ বেছি৷ তদুপৰি বহু অপৰাধ পঞ্জীয়ন নোহোৱাকৈয়ে থাকি যায়৷ ইয়াৰ উপৰি চুৰি-ডকাইতি, হত্যা-অপহৰণ আদিৰ দৰে ঘটনাও নিতৌ বৃদ্ধি পাইছে৷ মূলতঃ জনসংখ্যা অনুপাতে পৰ্যাপ্তসংখ্যক আৰক্ষী নথকাৰ বাবেই আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে৷ তদুপৰি ৰাজ্যত যিমান আৰক্ষী আছে, তাৰ বুজনসংখ্যক আৰক্ষী প্ৰতিদিনে নিয়োজিত হয় ৰাজনৈতিক নেতাৰ সুৰক্ষা ব্যৱস্থাত৷ কাজেই জনসাধাৰণৰ সুৰক্ষা হৈ পৰে গৌণ৷ ইয়াৰ উপৰি আৰক্ষী বিভাগৰ এচাম দুৰ্নীতিপৰায়ণ লোকৰ সহযোগতো এচাম লোকে অপৰাধ সংঘটিত কৰিও মুকলি আকাশৰ তলত মুক্তমনে ঘূৰি ফুৰে৷ তদুপৰি ধন লৈ বহু থানাৰ আৰক্ষীয়ে অপৰাধজনিত কাৰ্য সংঘটিত কৰা লোকক নিৰন্তৰ অপৰাধ চলাই যাবলৈ সুবিধা কৰি দিয়াৰো বহু অভিযোগ আছে৷ কেতিয়াবা কাৰোবাৰ হেঁচাত এনে অপৰাধীৰ বিৰুদ্ধে অভিযান চলাব লগা হ’লেও অপৰাধীক আৰক্ষীয়েই আগতে জনাই নিৰাপদ অৱস্থানত ৰখাৰো অভিযোগ আছে৷

মন্ত্ৰী-আমোলা-বিষয়াৰে গিজ্‌গিজাই থকা গুৱাহাটী মহানগৰীতেই সম্প্ৰতি নিৰাপদ নহয় জনসাধাৰণ৷ দিন দুপৰতে চুৰি-ডকাইতি, হত্যা-ধৰ্ষণ, জুৱা আদি মহানগৰীত সুলভ ঘটনা হৈ পৰিছে৷ এটাৰ পাছত এটাকৈ লোমহৰ্ষক ঘটনা সংঘটিত হোৱাৰ পাছতো ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে জনসাধাৰণক সুৰক্ষাৰ নিশ্চিতি দিয়াৰ স্বাৰ্থত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই৷ উল্লেখ্য, মহানগৰীত প্ৰশাসনে ২৯৪টা চিচিটিভি সংস্থাপন কৰিছিল যদিও ইয়াৰে অধিকাংশ চিচিটিভিয়েই বিকল হৈ আছে৷ তদুপৰি মহানগৰবাসীৰ সুৰক্ষা ব্যৱস্থাৰ অংশৰূপে ৰাজ্যৰ আৰক্ষী বিভাগ আৰু গুৱাহাটী স্মাৰ্টচিটী লিমিটেডে ২০১৯ চনতে মহানগৰ নিৰীক্ষণ প্ৰকল্প নামেৰে এটা প্ৰকল্পৰ কাম হাতত লৈছিল যদিও ২,২৯৬ কোটি টকা ব্যয়েৰে ৪ হাজাৰ চিচিটিভি ইনষ্টল কৰাৰ কাম আজিও সম্পূৰ্ণ নহ’ল৷ কেৱল মুখত স্মাৰ্টচিটী, স্মাৰ্ট পুলিচৰ কথা ক’লেই ৰাইজে সুফল নাপায়, চৰকাৰে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ আৰু বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিলেহে জনসাধাৰণ উপকৃত হ’ব৷

চিচিটিভিৰ ব্যৱস্থা নথকা, আৰক্ষী-কনিষ্টবলৰ দুৰ্বল ভূমিকাৰ বাবেই কেৱল ৰাজ্যৰ আন ঠাইতেই নহয়, খোদ গুৱাহাটীতে দিন দুপৰতে ডকাইতি কৰিবলৈ সাহস কৰিব পাৰে, মানুহক বৰ্বৰভাৱে হত্যা কৰিব পাৰে৷

সংস্থাপনহীন বহু লোকে সহজলভ্য ধনৰ লোভত অসামাজিক কামত ভৰি দিছে৷ বহুজনে সমাজ ধবংসকাৰী নিচাজাতীয় দ্ৰব্যৰ চোৰাং ব্যৱসায় কৰিছে, জুৱাৰ পোহাৰ মেলিছে, আনকি দেহ ব্যৱসায়তো বহুজন লিপ্ত হৈছে৷  সময়ে সময়ে এনে দুই-এজনক আটক কৰিলেই এইবোৰ সমাজৰ পৰা নিৰ্মূল নহয়৷ চৰকাৰৰ চোৰাংচোৱা বিভাগ, আৰক্ষী-প্ৰশাসনে এনে অসামাজিক কাৰ্য ৰোধ কৰাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ ইয়াৰ উপৰি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ থানা এলেকাৰ ভিতৰত কিমান লোকে বাস কৰে, তাৰ সঠিক তথ্য থানাসমূহৰ হাতত থকাৰ ব্যৱস্থা কৰিব লাগে৷ এনে ব্যৱস্থাৰ অভাৱৰ বাবে বহু ঠাইত অপৰাধীয়ে ঘাটি পাতিবলৈ সক্ষম হৈছে৷