Logo
image

উপ-নিৰ্বাচন এক সকীয়নি হওক!

দুদিনৰ পাছতে অসমৰ পাঁচটাকৈ বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এই লৈ নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে৷ পৰীক্ষা পাতিব নোৱৰা চৰকাৰখনে নিৰ্বাচন বুলি ক’লে সকলো প্ৰতিকূলতাক অনুকূল কৰি ল’ব পাৰে৷ সেই শক্তি চৰকাৰৰ আছে৷ আমি বিগত দুটা বছৰত বহুবাৰ এনে দৃষ্টান্ত দেখি আহিছোঁ৷ বাৰু নিৰ্বাচন অনুষ্ঠিত হওক৷ ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থতে নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি ধৰি লৈছে ৰাজ্যখনৰ নাগৰিক সমাজে৷ সেয়ে সামাজিক মাধ্যমত দুই-এটা তাচ্ছিল্যভৰা মন্তব্যৰ বাদে চৰকাৰখন বৰ-বেছি সমালোচনাৰ সন্মুখীন হোৱা নাই৷ নিৰ্বাচন আহিলে প্ৰচাৰ চলোৱাটো প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাথমিক দায়িত্ব৷ প্ৰতিজন প্ৰাৰ্থীয়েই জয়ী হ’লে কি কৰি দিব, সেই কথা জনতাক ক’ব লাগে আৰু জনতাই প্ৰাৰ্থীজনৰ যোগ্যতাৰ ভিত্তিত নিৰ্বাচন কৰে৷ কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে যদি নিৰ্বাচনী আচৰণবিধি ভংগ কৰি প্ৰতিশ্ৰুতি দিয়াত উৎসাহ যোগায়,  তেন্তে বাকীসকলৰ বাবে কি থাকিব৷ নিৰ্বাচনৰ প্ৰচাৰৰ শেষ পৰ্যায়ত নিৰ্বাচন আয়োগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাননী জাৰি কৰিব লগা হ’ল৷ কাৰণ মুখ্যমন্ত্ৰীয়ে নিজৰ ক্ষমতাৰ অপ-প্ৰয়োগ কৰি ভোটাৰক আকৰ্ষণ কৰিবলৈ প্ৰতিশ্ৰুতি দিছিল৷ জাননীখন পায়ো মুখ্যমন্ত্ৰীক কোনো অনুসূচনা কৰা দেখা নগ’ল, বৰঞ্চ পুনৰ ‘নিৰ্বাচন আয়োগৰ কথা শুনি থ’ব লাগে’ ধৰণৰ আয়োগৰ সন্মানক লাঘৱ কৰিব পৰা এক মন্তব্যহে দিয়া দেখা গ’ল৷ কিন্তু শাসনৰ মুৰব্বীজনৰ সততাই জনগণলৈ সঠিক বাৰ্তা প্ৰেৰণ কৰে৷ তদুপৰি অসমৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষ দেখিবলৈ নোপোৱা কিছুমান ঘটনা বা দৃশ্য এইবাৰৰ উপ-নিৰ্বাচনত দেখিবলৈ পোৱা গ’ল৷ বলীউডৰ চিনেমাৰ কায়দাৰে বিপক্ষৰ লোকক ভয়-ভাবুকি দিয়া, মাৰ-পিট কৰা, চৰকাৰী পক্ষৰ দ্বাৰা বিৰোধীৰ কাৰ্যালয় ভাঙি চূৰমাৰ কৰা আদি ঘটনাই অসমৰ নিৰ্বাচনী পৰম্পৰালৈ অশুভ বাৰ্তা কঢ়িয়াই আনিছে, যিটো এইজন মুখ্যমন্ত্ৰীৰ দিনতে হৈছে৷

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদিনা থাওৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলাই এখন সমস্যাৰ তালিকা পাঠ কৰা দেখা গ’লঃ মথাউৰিৰ দুয়োকাষে ছাইড বান্ধ বনাব লাগে, মথাউৰিটো পকীপথলৈ ৰূপান্তৰ কৰিব লাগে, দিচাং আৰু দিহিঙৰ ওপৰত দুখন দলং লাগে, টেঙাপানীত এখন পশু চিকিৎসালয় লাগে, পশ্চিম পানী দিহিং অঞ্চলৰ ৰাইজক শীঘ্ৰে পট্টা দিব লাগে, চাপৰিবোৰত ওখ ভেটি নিৰ্মাণ কৰিব লাগে আৰু তাত চালিৰ ব্যৱস্থা কৰি সৌৰশক্তিচালিত পোহৰৰ ব্যৱস্থা কৰিব লাগে, বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাত সৌৰশক্তি সংযোগী বেৰাৰ ব্যৱস্থা কৰিব লাগে, পকিমাৰী উপ-স্বাস্থ্যকেন্দ্ৰটো চিকিৎসালয়লৈ ৰূপান্তৰিত কৰিব লাগে, টেঙাপানী বলিয়া বাবা থানখনৰ উন্নয়ন কৰি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব লাগে, ইয়ালৈ যোৱা পথ-দলঙৰ কাম আধৰুৱা হৈ আছে, সেইবোৰৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগে, দিচাং নৈৰ ওপৰত বলমা ঘাটত দলং নিৰ্মাণ কৰিব লাগে, ধাই আলিৰ পৰা ৰূপহীবামলৈ মডেল চিকিৎসালয়ৰ পথ নিৰ্মাণ কৰিব লাগে, লুইতপৰীয়া জনজাতি উচ্ছ মাধ্যমিক বিদ্যালয়খনক উচ্ছতৰ মাধ্যমিকলৈ উন্নীত কৰিব লাগে, ককিলামাৰী শনিবৰীয়া বজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব লাগে, মিলনপুৰত দুখনকৈ ভাগি পৰা দলঙৰ কাম শীঘ্ৰে আৰম্ভ কৰিব লাগে৷ এই তালিকা মুখ্যমন্ত্ৰীৰ হাতত দিছে ক্ষমতাশালী দলটোৰ সদস্যই৷ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্য চলাই থাকোঁতে এই তালিকা যুগুত কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আদায় কৰিছে৷ এইসমূহ সমস্যা সমগ্ৰ ৰাজ্যখনৰ সমস্যা নহয় বা থাওৰা সমষ্টিটোৰো সামগ্ৰিক সমস্যা নহয়৷ এইসমূহ উক্ত সমষ্টিটোৰ মাত্ৰ পশ্চিম পানী দিহিং অঞ্চলৰ [বোধকৰোঁ এটা পঞ্চায়ত] সমস্যা৷ অথচ যিজন মুখ্যমন্ত্ৰীয়ে এইসমূহ সমস্যা পাঠ কৰি গ’ল, সেইজনেই বিগত দুটা দশকে ৰাজ্যখনত শিক্ষা, স্বাস্থ্য, গড়কাপ্টানী [লোকনিৰ্মাণ], বিত্ত আদি বিভাগৰ মন্ত্ৰী হৈ চৰকাৰ চলাই আছিল৷ উক্ত সমষ্টিটোও চৰকাৰী পক্ষৰ বিধায়কেই দখল কৰি আছিল৷ চৰকাৰ তথা বিধায়কৰ কামৰ প্ৰতি বিতুষ্ট হৈ থাওৰাৰ জনতাই চৰকাৰী বিধায়কজনক প্ৰত্যাখ্যান কৰি বিৰোধীৰ বিধায়কজনক জয়ী কৰাইছিল৷ কিন্তু ৰাজ্যবাসীৰ বাবে অতি উদ্বেগৰ কথা যে উন্নয়নৰ দোহাই দি বিৰোধীৰ বিধায়কজনেই চৰকাৰী দলত যোগদান কৰিলে৷ কিন্তু বিগত সময়ত কিয় সমস্যাসমূহ সমাধান নহ’ল তাৰ ব্যাখ্যা কিন্তু নহ’ল৷ কিয় মিচিং স্বায়ত্তশাসিত পৰিষদেও মিচিং অধ্যুষিত অঞ্চলটোৰ উন্নয়ন কৰিব নোৱাৰিলে, তাৰো উত্তৰ নাই৷ পুনৰ নিৰ্বাচনত পূৰ্বে দিয়াৰ দৰেই কিছুমান প্ৰতিশ্ৰুতি দিবলৈ গৈয়ে মুখ্যমন্ত্ৰীয়ে যিখন সমস্যাৰ তালিকা পাঠ কৰিলে, সি কিন্তু অতি চিন্তনীয় হিচাপেই বিবেচিত হৈছে৷ এইধৰণৰ সমস্যাৰেই এতিয়া ৰাজ্যবাসী ভাৰাক্ৰান্ত৷ স্বাধীনতাৰ ৭৫ বছৰেও অকণমান খোৱাপানী, বিদ্যুৎ, এটা বাসোপযোগী ঘৰৰ অভাৱত মানুহে হাহাকাৰ কৰি থাকিব লগা হৈছে আৰু সেইবোৰ সমস্যাৰ ওপৰতে প্ৰতিবাৰেই তাণ্ডৱ নৃত্য কৰি ৰাজনৈতিক দলসমূহে প্ৰতিটো নিৰ্বাচন পাৰ কৰি আহিছে৷ আৰু নিজৰ প্ৰাৰ্থীজনক জিকাবৰ কাৰণে ধনবল-বাহুবলৰ আয় লৈ আহিছে৷ এনে পৰিস্থিতিৰ সলনি হোৱাটো ৰাজ্যবাসীয়ে বিচাৰে৷ এইবাৰৰ উপ-নিৰ্বাচন শাসক দলৰ বাবে এক সকীয়নি হওক৷ সেই আশাই কৰে এতিয়া সচেতন ৰাজ্যবাসীয়ে৷