Logo
image

শাসকৰ হাতৰ পৰা হাথৰসৰ তেজৰ চেঁকুৰা আঁতৰিবনে?

 একবিংশ শতিকাতো নাৰী ধৰ্ষণৰ বলি হৈ থকাটো আৰু সেই ঘটনাবোৰত আমি প্ৰতিক্ৰিয়া দিবলগীয়া হোৱাটো আমাৰ বাবে আটাইতকৈ দুখ লগা কথা৷ শাৰদীয় দুৰ্গোৎসৱ সমাগত৷ কেইদিনমান পাছতেই দেৱী দুৰ্গাক পূজা কৰা হ’ব৷ এইখন দেশত এফালে দুৰ্গাদেৱীক পূজা কৰা হয় আৰু আনফালে নাৰী  ধৰ্ষিতা হয়৷ এইখন দেশতেই হিন্দু ধৰ্ম, পূজা-পাতলৰ কথা বেছিকৈ উচ্ছাৰিত হয়, ধৰ্ম-কৰ্মৰ কথা কোৱা হয়৷ তেনেকুৱা এখন দেশতে প্ৰায় নিতৌ নাৰী ধৰ্ষণৰ বলি হয় আৰু সেই ধৰ্ষণৰ ঘটনাক গাপ দিয়াৰো চেষ্টা কৰা হয়৷ অপৰাধীক বচাবলৈ চেষ্টা কৰা হয়৷ ধৰ্ষণৰ বলি হৈ মৃত্যুক সাবটি লোৱা মনীষা বাল্মিকীৰ মৃতদেহ পুলিচে পৰিয়ালৰ ওচৰত চমজাই নিদিয়াকৈ তথা পৰিয়ালক চাবলৈ নিদিয়াকৈ নিশাৰ আন্ধাৰত দাহ কৰে৷ এয়া কেনেধৰণৰ কথা? কিয় মনে মনে উত্তৰ প্ৰদেশ চৰকাৰ তথা তাৰ পুলিচ প্ৰশাসনে এই কাম কৰিলে? তেওঁলোকে কি লুকুৱাব বিচাৰিছে? যদি এয়া ধৰ্ষণ নহয়, তেন্তে সমগ্ৰ ঘটনাটো কিয় transparent নহ’ল৷ মিডিয়াক  কিয় ক’ভাৰ কৰিবলৈ দিয়া হোৱা নাই? শুনিছোঁ ঘটনাত জড়িত চাৰিগৰাকী দোষীক পুলিচে আটক কৰিছে৷ কিন্তু তেওঁলোকে শাস্তি পাব জানো! কিয়নো এনে বহু ঘটনাত আমি দেখা পাওঁ যে দীৰ্ঘদিন আদালতত গোচৰ চলে৷ বছৰ বছৰ ধৰি চলা গোচৰৰ পাছতো কেতিয়াবা দোষীয়ে শাস্তি পায় বা কেতিয়াবা সাৰি যায়৷ কিন্তু মই ভাবোঁ এনেধৰণৰ ধৰ্ষণৰ ঘটনা বা নাৰীক কৰা অপমান তথা শাৰীৰিক নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত যদি দোষী প্ৰমাণিত হয়, তেনেহ’লে তৎক্ষণাত Capital punishment দিয়া উচিত৷ তাত কোনো ক্ষমাৰ কথা নাহে৷ ধৰ্ষণকাৰী চিনাক্ত হ’লেই লগে লগে শাস্তি হোৱা উচিত৷ দলিত নাৰী বা সাধাৰণ শ্ৰেণীৰ নাৰী হ’ল বুলিয়েই যে শ্ৰেণীবিভাজন কৰি সেই ঘটনাক গুৰুত্বসহকাৰে লোৱা নহ’ব তেনে হোৱা উচিত নহয়৷ সকলো নাৰী সমান৷ সকলো নাৰী প্ৰকৃতি, মাতৃ৷ অতি পৰিতাপৰ বিষয় যে এতিয়া আমাৰ সমাজত শিক্ষিতৰ সংখ্যা বাঢ়িছে যদিও মানুহৰ মানসিকতা সলনি হোৱা নাই৷ আজিও জাত-পাত, উচ্ছবৰ্ণ-নিম্নবৰ্গ, দলিত-ব্ৰাহ্মণ বিষয়বোৰত বহু মানুহ ব্যস্ত হৈ আছে৷ প্ৰথমে মানুহৰ এই মানসিকতা সলনি কৰাৰ প্ৰয়োজন৷ কঠোৰ আইন বলৱৎ কৰিলেও নাৰী সুৰক্ষিত নহ’ব, যেতিয়ালৈ আমি সুশিক্ষাৰে পৰিপুষ্ট নহওঁ৷ তদুপৰি অভিভাৱকে ঘৰৰ আইন কঠোৰ কৰিব লাগিব৷ নাৰীক সন্মান কৰাৰ শিক্ষা অভিভাৱকে ঘৰৰ পৰাই দিব লাগিব৷ তেতিয়াহে ধৰ্ষণ ৰোধ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি৷ উত্তৰ প্ৰদেশৰ হাথৰসত সংঘটিত হৈছে পৃথিৱীৰ বিৰল ঘটনা৷ সম্ভৱতঃ প্ৰথমবাৰৰ বাবে ধৰ্ষিতাৰ পৰিয়ালৰ নাৰ্ক’ টেষ্টৰ দাবী তোলা হৈছে৷ মোবাইল ফোন কাঢ়ি নিয়া হৈছে৷ চৰকাৰ-প্ৰশাসন এই ঘটনাক লৈ একেবাৰেই সংবেদনশীল নহয়৷ ধৰ্ষিতাৰ ঘৰৰ সন্মুখত শাসক দলৰ নেতা-পালিনেতাই ভাবুকি দিছে৷ ধৰ্ষিতাই ন্যায় পোৱাৰ দাবী তোলাৰ পৰিৱৰ্তে ধৰ্ষণকাৰীক সুৰক্ষা দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে৷ হাথৰসৰ ঘটনাটো গাপ দিয়াৰ হাজাৰ চেষ্টা কৰা হৈছে যদিও মিডিয়াই পাৰ্যমানে এই ঘটনাক ফাদিল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ এইক্ষেত্ৰত তনুশ্ৰী পাণ্ডে আৰু প্ৰতিমা মিশ্ৰৰ দুঃসাহসক আমি চেল্যুট জনাবই লাগিব৷ তেওঁলোকে নিজৰ জীৱনৰ কথা নাভাবি এনে এখন ঠাইত বাহৰ পাতি এই সমগ্ৰ ঘটনাক বৰ্হিবিশ্বলৈ উলিয়াই অনাৰ প্ৰয়াস কৰিছে৷ আমি এনে সাংবাদিকতা বিচাৰোঁ৷ এনে সাহসী নাৰী বিচাৰোঁ৷ আশা কৰোঁ মনীষা তথা তেওঁৰ পৰিয়ালে ন্যায় পাব৷ প্ৰশ্ন হয়– শাসকৰ হাতৰ পৰা হাথৰসৰ তেজৰ চেঁকুৰা আঁতৰিবনে৷