নিৰ্বাচনে মোনা ভৰাই ৰং আনিছে
উপ-নিৰ্বাচনত শাসনত থকা দলটো সুবিধাজনক স্থিতিত থাকে৷ এইবাৰ অসমত বিজেপি দল আৰু অধিক সুবিধাজনক স্থিতিত আছে, কাৰণ চৰকাৰখন গঠন হৈছে মাথোন৷ চৰকাৰখনৰ প্ৰায় সম্পূৰ্ণ কাৰ্যকাল বাকী আছে৷ উপ-নিৰ্বাচনত পাঁচোটা সমষ্টিতে পৰাজিত হ’লেও বিজেপি চৰকাৰ অহা পাঁচ বছৰলৈ বৰ্তি থকাটো প্ৰায় খাটাং৷ অৰ্থাৎ এই পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনে দিছপুৰৰ ক্ষমতাৰ অংকটোত কোনো আউল লগাব নোৱাৰে৷ এই পাঁচটা সমষ্টিৰ ভোটাৰে আগতেই জানে যে অহা পাঁচ বছৰলৈ বিজেপি চৰকাৰ থাকিব৷ গতিকে ভোটাৰে সিদ্ধান্ত ল’ব লাগিব যে তেওঁ চৰকাৰী পক্ষৰ বিধায়ক এজন তেওঁলোকৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাটো বিচাৰে নে বিৰোধী পক্ষৰ এজনক বিচাৰে৷ ভোটাৰে জানে যে এইটো উপ-নিৰ্বাচনত তেওঁৰ ভোটে চৰকাৰ সলাব নোৱাৰে৷ যিখিনি ভোটাৰৰ বিশেষ এটা ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য আছে, সেইখিনি ভোটাৰে জয়-পৰাজয়ৰ সম্ভাৱনালৈ বিশেষ কাণ নিদি আনুগত্যৰ খাটিৰতেই একোটা দলক ভোট দিব৷ নিৰ্বাচনৰ ফলাফল নিৰ্ধাৰণ কৰিব যিখিনি ভোটাৰ কোনো ৰাজনৈতিক দলৰ প্ৰতি আনুগত্যশীল নহয় আৰু তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ ৰেহৰূপ চাই আৰু কিছুমান মুকলিকৈ আলোচনা হোৱা তথা কিছুমান মুকলিকৈ আলোচনা নোহোৱা কাৰকৰ ওপৰত ভিত্তি কৰি কাক ভোট দিব সেই সিদ্ধান্ত লয়৷
মৰিয়নি, থাওৰা আৰু ভৱানীপুৰত ভোটাৰে কেইদিনমান আগতে জয়ী কৰাই পঠোৱাজনেই পুনৰ নিৰ্বাচনী প্ৰাৰ্থী৷ মাত্ৰ তেওঁলোক এইবাৰ দল সলাই শাসনাধিষ্ঠিত বিজেপি দলৰ প্ৰাৰ্থী৷ এটা দৃষ্টিকোণৰ পৰা ভোটাৰৰ বাবে সিদ্ধান্ত তেনেই সহজ৷ তেওঁলোকে যিজনক তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ বিধানসভালৈ পঠাইছিল, তেওঁ এইবাৰ শাসক দলৰ এজন হৈ আহিছে৷ সমষ্টিৰ প্ৰতিনিধিজন চৰকাৰী পক্ষৰ হ’লেই সমষ্টিটোৰ লাভ৷ তদুপৰি তেওঁৰ মন্ত্ৰী হোৱাৰ সম্ভাৱনাও আছে৷ গতিকে শাসক দলৰ প্ৰাৰ্থীৰূপে তেওঁলোকে ভোটাৰৰ ভোট লাভ কৰিব৷ আন এক দৃষ্টিকোণৰ পৰা চালে এওঁলোকে ভোটাৰৰ বিশ্বাসক, আস্থাক প্ৰতাৰণা কৰিছে৷ মাত্ৰ কেইদিনমান আগতে তেওঁলোক যিবোৰৰ বিৰোধী আছিল, আজি ঠিক সেইবোৰৰ সমৰ্থক আৰু যিবোৰৰ সমৰ্থক আছিল, আজি সেইবোৰৰ বিৰোধী৷ গতিকে এনেকুৱা স্থিতিহীন লোকক ভোটাৰে সমৰ্থন জনাবলৈ আগ্ৰহী নহ’ব৷ এই দুটা দুমূৰৰ দৃষ্টিকোণৰ মাজত বা এই দুটা দৃষ্টিকোণৰ বাহিৰেও আন বহু দৃষ্টিকোণেৰে ভোটাৰে কাক ভোট দিব সেই সিদ্ধান্ত ল’ব পাৰে৷ দল-বাগৰাজনক ভোটাৰে বিপুল ভোটেৰে জয়ী কৰাব পাৰে, যেনেকৈ জালুকবাৰী সমষ্টিৰ ভোটাৰে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনক ২০১৬ চনত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাৰ পাছত বিপুল সমৰ্থন জনাইছিল৷ একেদৰে দল-বাগৰাজনক ভোটাৰে খাৰিজ কৰাৰো বহু উদাহৰণ আছে৷
নিৰ্বাচনত কেতিয়াবা দলটো মুখ্য হৈ পৰে, প্ৰাৰ্থীজন হৈ পৰে গৌণ৷ বিশেষকৈ যেতিয়া একোটা দলৰ সপক্ষে ঢৌ আহে, বা একোটা দলৰ বিপক্ষে অধিষ্ঠানবিৰোধী ঢৌ আহে, তেতিয়া নাম-গোন্ধ নোহোৱা প্ৰাৰ্থী এজনো ঢৌত উটি নিৰ্বাচিত হ’ব পাৰে বা প্ৰবল প্ৰতাপীজনো অধিষ্ঠানবিৰোধী ঢৌৰ কোবত নিঃচিহ্ন হৈ যাব পাৰে৷ বহু সময়ত আকৌ দলটো গৌণ হৈ পৰে আৰু প্ৰাৰ্থীজনহে হৈ পৰে মুখ্য৷
ভোটাৰ এজনে কাক ভোট দিব সেই সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াটো গাণিতিক বা সৰলৰৈখিক আৰু যৌক্তিক নহয়৷ মানুহৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্তিয়াটোত অযুক্তিৰ এটা ডাঙৰ ভূমিকা থাকে৷ বিশ্বাস, আস্থা, আৱেগ, লোভ, বিদ্বেষ, খং, ভালপোৱা আদি এশ-এবুৰি অনুভূতিয়ে মানুহৰ সিদ্ধান্ত গ্ৰহণ কৰা প্ৰক্তিয়াটোত ব্যাপক প্ৰভাৱ পেলায়৷ এই অনুভূতিবোৰ অপৰিমেয়, এইবোৰ বস্তুনিষ্ঠ হিচাপ-নিকাচৰ পৰিসীমাৰ বাহিৰৰ বস্তু৷ গতিকে ৰাজনৈতিক দলবোৰেও, যিটো দল জয়ী হ’ব বুলি কিছু আগতীয়া লক্ষণ ফুটি উঠে, সেই দলবোৰেও ভোটাৰৰ সিদ্ধান্ত সন্দৰ্ভত এশ শতাংশ নিশ্চিত হ’ব নোৱাৰে; গতিকে দলবোৰে শেষ মুহূৰ্তলৈ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখে৷ শেষ মুহূৰ্ততো খেলৰ ফলাফল সলনি হৈ যাব পাৰে৷ এই অনি(য়তা নিৰ্বাচনৰ বৈশিষ্ট্য আৰু সেয়েহে নিৰ্বাচনৰ প্ৰতি সকলোৰে এই আকৰ্ষণ৷
নিৰ্বাচনৰ মূল আকৰ্ষণ কি? দলৰ নীতি-আদৰ্শ, দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, ঘোষণ-পত্ৰ নে খেলৰ অনিশ্চয়তাৰ মজা, কোন হাৰিব কোন জিকিব তাক লৈ হোৱা উত্তেজনা, নিৰ্বাচনী প্ৰচাৰৰ নামত হোৱা উৎসৱমুখৰতা আৰু মনোৰঞ্জন? আৰু সেই সকলোখিনি– যিখিনি লোকচক্ষুৰ আগতে সংঘটিত হয়, যিখিনি সংঘটিত হোৱা বুলি সকলোৱে জানে, কিন্তু যিখিনি একান্তই গোপন, নিৰ্বাচনৰ অ’পেন ছিক্ৰেট, সিও নিৰ্বাচনৰ আন এক মজা৷ নিৰ্বাচন এক বহুমাত্ৰিক কাৰবাৰ৷
এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তিনিওখন আসনত জয়ী হ’লে বিজেপিৰ আসনৰ সংখ্যা হ’বগৈ ৬২খন৷ কিছুদিনৰ ভিতৰতে হ’বলগা মাজুলীৰ আসনখনো পালে বিজেপিৰ আসনৰ সংখ্যা হবগৈ ৬৩খন৷ তাৰপাছতো বিজেপিক অকলে একক সংখ্যাগৰিষ্ঠতা পাবলৈ আৰু এখন আসন লাগিব৷ এই ৬৪নং আসনখন বিজেপিয়ে কেতিয়া কেনেকৈ যোগাৰ কৰিব?






