অনলাইন পৰীক্ষা
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনলাইনযোগে অনুষ্ঠিত আৰু ছেপ্টেম্বৰৰ প্ৰথমভাগত সমাপ্ত হোৱা স্নাতক ফাইনেল পৰীক্ষাৰ ফলাফল আজিপৰ্যন্ত ঘোষণা নোহোৱাত ছাত্ৰ-ছাত্ৰীসকল বিপাঙত পৰিছে৷ কিয়নো পৰৱৰ্তী স্তৰত উচ্ছ শিক্ষাত নামভৰ্তি কৰাৰ বাবে বিশ্ববিদ্যালয়সমূহে স্নাতক স্তৰৰ পৰীক্ষাৰ ফলাফল বা নম্বৰৰ তালিকা বিচাৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনলাইনযোগে অনুষ্ঠিত স্নাতক পঞ্চম ষাণ্বাসিকৰ পৰীক্ষাৰ ফলাফলো অক্টোবৰৰ প্ৰথম ভাগতহে দিয়া হৈছে৷ এই লেহেম কাৰ্যৰ বাবে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰণ বিভাগকেই কেৱল জগৰীয়া কৰা হয় যদিও ইয়াৰ আঁৰত আন গুৰুত্বপূৰ্ণ কাৰণ বহুতো থাকে৷ বিশ্ববিদ্যালয়ে উত্তৰ-বহীসমূহ পৰীক্ষা কৰোৱাৰ বাবে ঠায়ে ঠায়ে যিবোৰ কলেজত ‘পৰীক্ষা-মণ্ডল’ পাতি দিয়ে, সেইবোৰৰ পৰা সঠিক সময়ত উত্তৰ-বহীবোৰ ঘূৰি নাহে৷ ইয়াৰ কাৰণ হ’ল নিয়োজিত পৰীক্ষকসকলৰ বুজনসংখ্যকেই সময়মতে বহী পৰীক্ষা কৰি ঘূৰাই নিদিয়ে৷ স্বাভাৱিকতে পৰৱৰ্তী পৰ্যায়ত বিশ্ববিদ্যালয়ত কৰিবলগীয়া কামবোৰ সম্পূৰ্ণ হ’বলৈ সময়ৰ প্ৰয়োজন হয় আৰু পৰিণতিত ফলাফল ঘোষণা কৰোঁতে পলম হয়৷ এই প্ৰক্ৰিয়াটো প্ৰায় পৰম্পৰাগতভাৱেই চলি আহিছে আৰু সেয়েহে অতীততো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফলাফল ঘোষণা পলমকৈ হোৱা বাবে কতৃৰ্পক্ষ নিন্দিত হৈ আহিছে আৰু একাংশ ছাত্ৰ-ছাত্ৰীৰ মনৰ আশা অপূৰণ হৈ ৰৈছে৷ এইবাৰৰ কথাবোৰ আকৌ সম্পূৰ্ণ বেলেগ৷ এইবাৰৰ মূল জগৰীয়া হৈছে ক’ভিড-১৯ অতিমাৰী, যাৰ বাবে পলমকৈ অনলাইন পৰীক্ষা পাতিবলগীয়া হৈছে৷ সম্পূৰ্ণ এক নতুন পদ্ধতিৰে প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তৰ-বহীবোৰৰ ‘প্ৰিণ্ট আউট’ উলিয়াই ‘মণ্ডল’লৈ পঠিওৱা আৰু পৰীক্ষা কৰা উত্তৰ-বহীবোৰ ঘূৰি অহাৰ পাছত মাৰ্কছীট প্ৰস্তুত কৰালৈকে প্ৰায় অনভ্যস্ত ডিজিটেল কাৰ্যপন্থা এটা অৱলম্বন কৰা হৈছে, অথবা কৰিবলৈ বাধ্য হৈছে৷ গতিকে পলম হোৱাটো স্বাভাৱিক৷ কিন্তু, এই প্ৰক্ৰিয়া খৰতকীয়া কৰিব পৰা গ’লহেঁতেন, যদিহে ইয়াত জড়িত সকলোৰে পৰা পূৰ্ণ সহযোগিতা পালেহেঁতেন৷ সংশ্লিষ্ট স্থানৰ পৰা নিৰ্ধাৰিত সময়ত কামবোৰ নোহোৱাৰ ফলতেই পৰীক্ষাৰ্থীসকল বিপাঙত পৰিছে৷ পুনৰ উচ্ছ শিক্ষা গ্ৰহণৰ বাবে নোযোৱাসকলেও স্নাতক চাৰ্টিফিকেটখন নোপোৱাৰ বাবে চাকৰিৰ বাবে আৱেদন কৰিব পৰা নাই৷ ফলাফল ঘোষণাৰ বিলম্বনৰ দ্বাৰা সৃষ্ট খেলি-মেলিবোৰৰ উপৰি আন কেতবোৰ উপসৰ্গয়ো বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত ‘কিতাপ চাই লিখা অনলাইন পৰীক্ষা’টোক প্ৰহসনত পৰিণত কৰিবলৈ উদ্যত হৈছে৷ এক নিৰ্ভৰযোগ্য অথচ অনানুষ্ঠানিক তথ্য মতে, একাংশ পৰীক্ষকে পৰীক্ষা বহীৰ [প্ৰিণ্ট আউট] ভিতৰত প্ৰৱেশ নকৰাকৈয়ে [উত্তৰবোৰৰ বিপৰীতে কোনো নম্বৰ নিদিয়া, ভুল-শুদ্ধৰ আঁচ এডালো নমৰা] সন্মুখৰ পৃষ্ঠাত এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত সকলো পৰীক্ষাৰ্থীকে নম্বৰ দিছে৷ আকৌ একাংশ কলেজৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা-বহীৰ উত্তৰ হুবহু একেই; যেন তেওঁলোক একেলগে বহিছে [অথচ ঘৰত বহি পৰীক্ষা দিয়াৰ কথা!] আৰু কোনোবাই ‘শ্ৰুতলিপি’ দিছে৷ কিনি লোৱা উত্তৰ? বিশ্ববিদ্যালয় কতৃৰ্পক্ষ বিৰক্ত হৈছে, কিন্তু বিকল্প উপায় কিক্ক এনে ক্ষেত্ৰতেই আকৌ ছাত্ৰ-ছাত্ৰীৰ ক’ভিড স্থিতিৰ দোহাই দি কৰা নেৰানেপেৰা দাবীত স্নাতক চতুৰ্থ ষাণ্বাসিকৰ অনলাইন পৰীক্ষা পাতিবলৈ বিশ্ববিদ্যালয় বাধ্য হ’ল৷ নিয়ন্ত্ৰণ কতৃৰ্পক্ষকো ত্ৰাসি-মধুসূদন সোঁৱৰোৱা এইবোৰ কথা-কাণ্ডই সমগ্ৰ ব্যৱস্থাটোৰেই বিশ্বাসযোগ্যতাত প্ৰশ্নবোধক চিহ্নৰ অৱতাৰণা কৰা নাইনে?






