ৰঙা ফিটাৰ মেৰপাক বনাম সু-প্ৰশাসন
এখন ৰাষ্ট্ৰ বা ৰাজ্যৰ উন্নতিৰ ক্ষেত্ৰত সু-প্ৰশাসনে বিশেষ ভূমিকা পালন কৰে৷ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত শীৰ্ষস্থান লাভ কৰা ৰাজ্যকেইখনলৈ চালে দেখা যায় যে সংশ্লিষ্ট ৰাজ্যকেইখনে শিক্ষা, স্বাস্থ্য, পৰিৱেশ সুৰক্ষা আদিৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ লগতে বিভিন্ন প্ৰকল্প, আঁচনি আদি ৰূপায়ণত বাকী ৰাজ্যসমূহৰ তুলনাত যথেষ্ট আগবাঢ়ি থাকে৷ বিগত সময়ছোৱাত বিভিন্ন ৰাষ্ট্ৰীয় সংস্থা, বিভাগ আদিৰ দ্বাৰা প্ৰকাশিত তালিকাসমূহৰ মতে অসমে প্ৰায়বোৰ দিশতে শোচনীয় প্ৰদৰ্শন কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰিত্বৰ পদ গ্ৰহণ কৰাৰ পাছতে অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে যদিও বিজেপিৰ যোৱা পাঁচবছৰীয়া শাসনৰ পৰা বৰ্তমানলৈকে যি গতিধাৰা, সেয়া অব্যাহত থাকিলে এয়া কিমানদূৰ বাস্তৱায়িত হ’ব সেয়া সন্দেহৰ বিষয়৷ অৱশ্যে ৰাজ্যত নতুন চৰকাৰখনে শপত লোৱাৰ পাছত বিভিন্ন বিভাগত দালালৰাজ বন্ধ কৰা, ছিণ্ডিকেট বন্ধ কৰাৰ বাবে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাসমূহে এক পৰিৱৰ্তিত প্ৰশাসনৰ ইংগিত বহন নকৰাকৈ থকা নাই৷ অসমত সু-প্ৰশাসনৰ মূল প্ৰাচীৰ বা অন্তৰায় হ’ল চৰকাৰী কাৰ্যালয়সমূহত প্ৰচলিত মান্ধাতাযুগীয় পৰিচালন পদ্ধতি, যি যুগ যুগ ধৰি ফাইলৰ ৰঙা ফিটাৰ মেৰপাকদাল অধিক জটিল কৰি তুলিছে৷ জিলা উপায়ুক্তৰ কাৰ্যালয়, পৰিবহণ বিষয়াৰ কাৰ্যালয়, শিক্ষা বিভাগ, জলসিঞ্চন, জনস্বাস্থ্য, স্বাস্থ্য, সমাজ কল্যাণ, জলসম্পদ, গড়কাপ্টানী, উদ্যোগ বিভাগৰ কাৰ্যালয়ৰ পৰা কৃষি বিভাগ, ভূমি সংৰক্ষণ, ৰাজহ বিষয়াৰ কাৰ্যালয়লৈকে কোনটোত ৰঙা ফিটাৰ মেৰপাক নাই/ জিলা, মহকুমা কাৰ্যালয়ৰ তুলনাত ৰাজ্যৰ বিভিন্ন বিভাগৰ মুখ্য কাৰ্যালয়, সঞ্চালকালয় আৰু সু-প্ৰশাসনৰ মূল ভেটি থাকিব লগা সচিবালয়ত এই ৰঙা ফিটাৰ মেৰপাকদাল অতি জটিল আৰু যঁটবন্ধা৷ এই যঁট খুলিবলৈ চেষ্টা কৰা মানেই টেবুলে টেবুলে উপঢৌকন বা ঘোচ দিয়াটো এক প্ৰকাৰ বাধ্যতামূলক৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নথকা নহয় যদিও সেয়া এপাচি শাকত এটা জালুকৰ দৰে৷ সু-প্ৰশাসনৰ ক্ষেত্ৰত বহু সময়ত হেঙাৰ স্বৰূপে দেখা দিয়ে বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰীৰ মাজত সমন্বয়হীনতা, সহযোগিতাৰ অভাৱ, দক্ষতা-দায়বদ্ধতা, নিষ্ঠাৰ অভাৱ ইত্যাদি৷ মোটা কমিচনৰ বিনিময়ত ঠিকাদাৰৰ বিলৰ ধন মোকলোৱা, বিভিন্ন প্ৰকল্প আঁচনিৰ নামত ভুৱা বিল প্ৰস্তুত কৰি ধন আত্মসাৎ কৰা আদি কামবোৰত বিভিন্ন কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ সহযোগিতা অবিহনে সম্ভৱ কেতিয়াও নহয়– সেয়া সকলোৰে জ্ঞাত৷ পেঞ্চন, শিক্ষক কৰ্মচাৰীৰ প্ৰমোচন, পে-ফিক্সেচন, আয়ৰ প্ৰমাণ-পত্ৰ লাভ, বিভিন্ন ধৰণৰ পঞ্জীয়ন সকলোতে চলে অবাধ দুৰ্নীতি৷ এচাম লোকে এটা কাৰ্যালয়লৈ বহুবাৰ গৈয়ো ফাইলৰ ৰঙা ফিটাৰ মেৰপাকদাল খুলিবলৈ ব্যৰ্থ হোৱাৰ বাবে উপায়হীন হৈ দালালৰ সহায় লয়৷ দালালে নিষ্ঠা-একাগ্ৰতা [?]ৰে বিষয়া-কৰ্মচাৰীৰ সহযোগেৰে সমাধান কৰি বহু ক্ষেত্ৰত বিভিন্ন ব্যক্তিক আশ্বস্ত কৰে৷ এনেদৰেই বিভিন্ন কাৰ্যালয়ত দালালৰাজে একপ্ৰকাৰ আনুষ্ঠানিকতা লাভ কৰে৷
শেহতীয়াকৈ নৱগঠিত অসম চৰকাৰে অফিচ-কাৰ্যালয়লৈ প্ৰশাসনিক গতিশীলতা অনা, দালালৰাজৰ অৱসান ঘটোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ সেই মৰ্মে ৰাজহ বিভাগৰ ভূমি সম্পৰ্কীয় কাম-কাজৰ প্ৰতিবন্ধকতা, জটিলতা দূৰ কৰাৰ বাবে ‘মিছন বসুন্ধৰা’ প্ৰয়োগৰ পাছত আৰম্ভ কৰিব ‘প্ৰজেক্ট সম্ভাৱনা’৷ এই প্ৰজেক্টৰ জৰিয়তে জনতা ভৱনৰ বিভিন্ন বিভাগত যোৱা ছমাহ ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি থকা সকলো ফাইলৰ কাম সম্পূৰ্ণ হ’ব৷ ইতিমধ্যে এই আঁচনি কাৰ্যকৰী কৰাৰ বাবে ‘আৰ টিপি এছ’ আৰু ‘পি এফ চি’ নামৰ পৰ্টেলৰ যোগেদি বিভিন্ন লোকে নিজৰ ফাইলৰ তথ্য অৱগত কৰিব পাৰিব৷ তদুপৰি ‘কৃতজ্ঞতা’ নামৰ প্ৰজেক্টৰ যোগেদি পেঞ্চন পাবলগীয়া ব্যক্তিসকলৰ তথ্য যোগান, পেঞ্চনাৰৰ তথ্যসমূহ সঞ্চালকালয়ৰ পৰিৱৰ্তে এ জি অফিচলৈ প্ৰেৰণ কৰা আদি ব্যৱস্থাসমূহ এক আশাৰ বতৰা বুলি অভিহিত কৰিব পাৰি৷ দুৰ্নীতি-অনিয়ম ৰোধ কৰা, স্বচ্ছ-দক্ষ প্ৰশাসন সৃষ্টি কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত লোৱা ব্যৱস্থাসমূহ সঠিকভাৱে অগ্ৰসৰ হ’লে অসমৰ প্ৰশাসন যন্ত্ৰলৈ পৰিৱৰ্তন অহাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিন্তু প্ৰশ্ন হ’ল– যিখিনি বিষয়া-কৰ্মচাৰীৰ দ্বাৰা ইমানদিনে চলি থকা ব্যৱস্থা এটা হঠাৎ সলনি হ’বনে? প্ৰতিদিনে ঘৰলৈ পকেট গধুৰ কৰি উভতি যোৱাটো এটা অভ্যাসত পৰিণত কৰা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে হঠাৎ সেই স্বভাৱ পৰিৱৰ্তন কৰিবনে? ঘোচ নহ’লে ফাইল লৰচৰ কৰিবলৈ মন নকৰা, ৰঙা ফিটাৰ মেৰপাৰ খুলিবলৈ মন নকৰা বিষয়া-কৰ্মচাৰীসকলৰ মানসিকতা পৰিৱৰ্তন হোৱাটো বৰ সহজ নহ’ব সেয়া অনুমেয়৷ জনতা ভৱনৰ বহু কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীয়ে সময়মতে কাৰ্যালয়লৈ নাহে, পাবলগীয়া ছুটী, কেজুৱেল লিভ্ আদিৰ ক্ষেত্ৰতো নিয়মসমূহ সঠিকভাৱে পালন কৰা নহয়৷ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে বহু দিশ উন্মোচিত হ’ব৷ সু-প্ৰশাসনৰ স্বাৰ্থত, ৰঙা ফিটাৰ মেৰপাক খোলাৰ স্বাৰ্থত ৰাজ্যৰ প্ৰশাসনিক মুৰব্বীসকলেও সঠিকভাৱে দায়িত্ব পালনত ব্যৰ্থ হৈছে৷ যোগ্য, দক্ষ কৰ্মচাৰী-বিষয়াক পুৰস্কৃত কৰা, অযোগ্য-দুৰ্নীতিগ্ৰস্তজনক শাস্তি দিয়াৰ দৰে ব্যৱস্থায়েও প্ৰশাসনক সঠিক দিশে আগুৱাই নিব৷






