Logo
image

টীম ইণ্ডিয়াৰ বিপৰ্যয়

ডুবাইৰ এটা বৃহৎ অংশ ভাৰতীয়, পাকিস্তানী আৰু বাংলাদেশীমূলৰ লোকৰ বসতিস্থল৷ তেওঁলোকে বিচাৰিছিল এই তিনিখন দেশৰ যিকোনো দুখন দেশৰ মাজত হওক টুৱেণ্টী২০ বিশ্বকাপৰ খিতাপৰ যুজ৷ কিন্তু ছুপাৰ টুৱেল্‌ভৰ পৰা ভাৰত আৰু বাংলাদেশ আঁতৰি যোৱাৰ পাছত ইংলেণ্ড,অষ্টেলিয়া আৰু নিউজীলেণ্ডৰ সৈতে ছেমিফাইনেলত এছিয়াৰ প্ৰতিনিধি হিচাপে আছে কেৱল পাকিস্তান৷ ২০০৭ চনৰ প্ৰথমবাৰৰ টুৱেণ্টী২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰত এইবাৰ নিজৰ প্ৰথম খেলত চিৰন্তন প্ৰতিদ্বন্দ্বী পাকিস্তানৰ হাতত পৰাস্ত হ’লেও এছিয়াৰ এইসকল ক্ৰিকেটপ্ৰেমীয়ে অন্তৰেৰে বিচাৰিছিল ফাইনেলত পুনৰ মুখামুখি হওক ভাৰত আৰু পাকিস্তানৰ৷ কিন্তু ভাৰতেও ছুপাৰ টুৱেল্‌ভতে প্ৰত্যাহ্বান সামৰাৰ পাছত বহু লোকৰ মাজত বিশ্বকাপৰ আকৰ্ষণ হ্ৰাস পাব৷ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলেও বিচাৰিছিল ভাৰত আৰু পাকিস্তান অন্ততঃ ছেমিফাইনেললৈ তিষ্ঠি থকাটো৷ কিন্তু পাকিস্তান আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পাছতে ভাৰতৰ বাবে একপ্ৰকাৰ ছেমিফাইনেলৰ পথ ৰুদ্ধ হৈছিল৷ পাকিস্তানৰ বিৰুদ্ধে হোৱা পৰাজয়ৰ পাছত নিউজীলেণ্ডৰ বিৰুদ্ধে হোৱা প্ৰতিদ্বন্দ্বিতা ভাৰতৰ বাবে আছিল কোৱাৰ্টাৰ ফাইনেলসদৃশ৷ কিন্তু প্ৰথম খেলৰ ভুল - ক্ৰটিবোৰ দ্বিতীয়খন খেলত শুধৰাব নোৱাৰিলে বিৰাট কোহলি বাহিনীয়ে৷ আফগানিস্তান, স্কটলেণ্ড আৰু নামিবিয়াৰ বিৰুদ্ধে অনায়াসে জয়ী হ’লেও নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়েই দলটোৰ বাবে সৰ্বনাশৰ কাৰণ হৈ পৰিছিল৷ বিশ্বকাপ আৰম্ভ হোৱাৰ আগলৈকে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে ভাৰতীয় ক্ৰিকেটাৰসকল দীৰ্ঘ সময় ইউনাইটেড আৰৱ এমীৰেটছতে আছিল৷ সেয়েহে দেশখনৰ আবহাৱাৰ সৈতে সহজ হ’ব নোৱৰাৰ অজুহাতো দেখুৱাব নোৱাৰে ক্ৰিকেটাৰসকলে৷ টুৰ্নামেণ্টখন আৰম্ভ হোৱাৰ সময়লৈকে ভাৰতকে গণ্য কৰা হৈছিল খিতাপৰ প্ৰবল দাবীদাৰ হিচাপে৷ এনে দল এটা বিশ্বকাপত বিপৰ্যস্ত হোৱাৰ কাৰণটোনো কি? বিভিন্নজনে বিভিন্ন ধৰণে ইয়াৰ বিশেষণ কৰিছে৷ কিন্তু এইবাৰৰ  টুৱেণ্টী২০ বিশ্বকাপত ভাৰতীয় দলৰ বিপৰ্যয়ৰ মূলতে দুৰ্বল ৰণকৌশল আছিল বুলি ক’লে তাত হয়তো বহুতেই সহমত প্ৰকাশ কৰিব৷ পাকিস্তান আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খেল দুখনত অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক সুযোগ দিয়া হোৱা নাছিল৷ আনহাতে, দ্বিতীয়খন খেলত অ’পেনাৰ ৰোহিত শৰ্মাৰ বেটিং অৰ্ডাৰ সলনি কৰি তেওঁক তিনি নম্বৰ স্থানত অৱতীৰ্ণ কৰোৱা হৈছিল৷ ভাৰতীয় দলত শেহতীয়াকৈ আগমন হোৱা যুৱ ক্ৰিকেটাৰসকলৰ যোগ্যতাক লৈ সন্দেহৰ কোনো অৱকাশ নাই৷ কিন্তু বিশ্বকাপৰ দৰে টুৰ্নামেণ্ট এখনত সদায় অভিজ্ঞতাই নিৰ্ণায়ক ভূমিকা ল’ব পাৰে৷ এই বিষয়টোত টীম মেনেজমেণ্ট সতৰ্ক হোৱা উচিত আছিল৷

১৯৮৩ চনৰ বিশ্বকাপ চেম্পিয়ন ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱৰ মতে, একাংশ ক্ৰিকেটাৰৰ দেশৰ হৈ খেলাৰ পৰিৱৰ্তে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আই পি এল] ফ্ৰেঞ্চাইজী লীগক অধিক অগ্ৰাধিকাৰ দিয়াৰ মানসিকতাই দলটোৰ বিপৰ্যয়ৰ মূল কাৰণ৷ আনহাতে, টুৱেণ্টী২০ বিশ্বকাপৰ পাছতে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্বৰ পৰা অব্যাহত লোৱা ৰবি শাস্ত্ৰীৰ মন্তব্য এইক্ষেত্ৰত যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ শাস্ত্ৰীৰ মতে, বৰ্তমানৰ ভাৰতীয় দলটো কোনোগুণে কম শক্তিশালী নহয়৷ বিগত পাঁচ বছৰত দলটোৱে বিভিন্ন দেশত শৃংখলা জয় কৰাটোৱে তাৰ প্ৰমাণ৷ কিন্তু ক’ভিডসৃষ্ট সমস্যাৰ বাবে দীৰ্ঘ সময় জৈৱ-সুৰক্ষিত পৰিৱেশত থকাৰ বাবে ক্ৰিকেটাৰসকল ক্লান্ত হৈ পৰিছিল৷ প্ৰশিক্ষকজনৰ মতে, দলটোত ‘এক্স ফেক্টৰ’ৰ অভাৱ স্পষ্ট আছিল আৰু তাৰ প্ৰভাৱ পৰিছিল দলটোৰ প্ৰদৰ্শনত৷ ক্ৰিকেটাৰৰ এনে অৱস্থাৰ বাবে বিদায়ী প্ৰশিক্ষকজনে প্ৰকাৰান্তৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডকে জগৰীয়া কৰিছে৷ তেওঁৰ মতে, ক্ৰিকেটাৰসকল যন্ত্ৰ নহয়৷ তেওঁলোককো প্ৰয়োজন পৰ্যাপ্ত বিশ্ৰামৰ৷ শাস্ত্ৰীৰ এই মন্তব্যক বি চি চি আয়ে গুৰুত্ব সহকাৰে লয় নে নলয় সেয়া সময়েহে ক’ব৷ ৰবি শাস্ত্ৰীৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব ল’ব ৰাহুল দ্ৰাবিড়ে৷ আনহাতে, ৰোহিত শৰ্মাক টুৱেণ্টী২০ দলৰ নতুন অধিনায়কৰ দায়িত্ব দিয়া হ’ব বুলি ইতিমধ্যে ইংগিত পোৱা গৈছে৷ ভাৰতীয় জুনিয়ৰ দলৰ লগতে ভাৰতীয় ‘এ’ দলৰ প্ৰশিক্ষক হিচাপে ইতিমধ্যে বিচক্ষণতাৰ পৰিচয় দিছে ‘মিষ্টাৰ ডিপেণ্ডেবল’ দ্ৰাবিড়ে.৷ অষ্ট্ৰেলিয়াত হ’বলগীয়া পৰৱৰ্তী  টুৱেণ্টী২০ বিশ্বকাপলৈ মাজতে এঘাৰ মাহ বাকী৷ সময় বৰ বেছি নাই৷ আনহাতে, ইউনাইটেড আৰব এমীৰেটছৰ পৰিৱেশৰ সৈতে অষ্ট্ৰেলিয়াৰ পৰিৱেশৰ যথেষ্ট প্ৰভেদ আছে৷ দ্ৰাবিড় আৰু ৰোহিত শৰ্মাৰ যুটিয়ে পৰৱৰ্তী বিশ্বকাপৰ বাবে দলটোক কেনেদৰে সাজু কৰে, সেয়া হ’ব লক্ষণীয়