Logo
image

পদাৰ্থ বিজ্ঞানত কৃষ্ণগহ্বৰ, ব্ৰহ্মাণ্ডৰ গৱেষণাৰ বাবে মহিলা গৱেষকসহ ৩ বিজ্ঞানীক নোবেল

আমাৰ অসম, ০৭ অক্টোবৰঃ ব্ৰিটিছ বিজ্ঞানী ৰ’জাৰ পেনৰ’জ আৰু জাৰ্মান বিজ্ঞানী ৰেইনহাৰ্ড গেঞ্জেল তথা মাৰ্কিন এন্দ্ৰিয়া গেজক ২০২০ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ ব্লেক হ’ল অথবা কৃষ্ণ গহ্বৰ আৰু মিল্কিৱে অৰ্থাৎ হাতীপতিৰ বহু অন্ধকাৰ গোপন তথ্য গৱেষণাৰ জৰিয়তে মুকলি কৰিবলৈ সক্ষম হোৱাৰ বাবেই এই তিনিগৰাকী পদাৰ্থবিদক চলিত বছৰৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা বুলি মঙলবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে জনাইছে৷ নোবেল কমিটীয়ে জনোৱা অনুসৰি ব্ৰিটিছ পদাৰ্থবিদ ৰ’জাৰ পেনৰ’জে এইবাৰৰ নোবেল বঁটাৰ আৰ্থিক পুৰস্কাৰৰ অৰ্ধেক ধনৰাশি লাভ কৰিব৷ তেওঁ কৃষ্ণ গহ্বৰ সৃষ্টি আৰু আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সাধাৰণ তত্বৰ বিষয়ে গৱেষণা কৰিছিল৷ আনহাতে, আৰ্থিক পুৰস্কাৰৰ অৰ্ধেক ধনৰাশি আন দুজন বিজ্ঞানী ক্ৰমে ৰেইনহাৰ্ড গেঞ্জেল আৰু এন্দ্ৰিয়া গেজৰ মাজত সমভাৱ বিতৰণ কৰা হ’ব৷ দুয়ো আমাৰ হাতীপতিৰ কেন্দ্ৰত থকা অতিকায় সংকুচিত এবিধ পদাৰ্থ আৱিষ্কাৰ কৰিছিল৷ 

ৰয়েল ছুইডিছ একাডেমীয়ে এইবাৰৰ পদাৰ্থবিদ্যাৰ নোবেলৰ বিজয়ীৰ নাম ঘোষণা কৰি জনাইছে যে বিশ্বব্ৰহ্মাণ্ডৰ অন্যতম বৃহৎ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ব্লেকহ’ল সন্দৰ্ভত কৰা গৱেষণামূলক আৱিষ্কাৰৰ বাবে এইবাৰৰ পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ ‘ৰ’জাৰ পেনৰ’জে আপেক্ষিকতাবাদৰ সাধাৰণ তত্বৰ যোগেদি কৃষ্ণগহ্বৰ সৃষ্টি হোৱাৰ অজানা তথ্য আৱিষ্কাৰ কৰিছে৷ আনহাতে, ৰেইনহাৰ্ড গেঞ্জেল আৰু এন্দ্ৰিয়া গেজে আমাৰ হাতীপতিৰ কেন্দ্ৰস্থলত থকা অতিশয় প্ৰকাণ্ড, সদায় অদৃশ্য থকা কিন্তু প্ৰকাণ্ড ওজনসৰ্বস্ব এক পদাৰ্থ আৱিষ্কাৰ কৰিলে, যি নক্ষত্ৰৰ কক্ষপথ নিৰ্ধাৰণ কৰে’–বিবৃতিত এইদৰে কয় একাডেমীয়ে৷ 

এই সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি ৰয়েল ছুইডিছ একাডেমীয়ে কয় যে ৰ’জাৰ পেনৰ’জে কৃষ্ণগহ্বৰ যে এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সাধাৰণ তত্বৰ প্ৰত্যক্ষ পৰিণতি সেয়া প্ৰমাণ কৰিবলৈ সৰল অংকৰ প্ৰণালী ব্যৱহাৰ কৰিছিল৷ প্ৰসংগতঃ উল্লেখযোগ্য, এলবাৰ্ট আইনষ্টাইনে কেতিয়াও কৃষ্ণগহ্বৰ থকা বুলি বিশ্বাস কৰা নাছিল৷ কিন্তু ১৯৬৫ চনত, আইনষ্টাইনৰ মৃত্যুৰ ১০ বছৰ পাছত ৰ’জাৰ পেনৰ’জে প্ৰমাণ কৰিছিল যে, কৃষ্ণগহ্বৰ সৃষ্টি হোৱাতো সম্ভৱ৷ তেওঁ কৃষ্ণগহ্বৰৰ সন্দৰ্ভত সবিশেষ ব্যাখ্যা কৰিছিল আৰু তাৰ অভ্যন্তৰত এটা গহ্বৰ এককভাৱে থকাতো প্ৰমাণ কৰিছিল৷ আইনষ্টাইনৰ পৰৱৰ্তী সময়ত ৰ’জাৰ পেনৰ’জৰ এই ব্যাখ্যা আপেক্ষিকতাবাদ সূত্ৰৰ প্ৰতি সৰ্ববৃহৎ অৱদান বুলি ব্যাখ্যা কৰিছে নোবেল কমিটীয়ে৷ আনহাতে, ৰেইনহাৰ্ড আৰু এন্দ্ৰিয়াৰ গৱেষণা সন্দৰ্ভত একাডেমীয়ে কয় যে ’৯০ৰ দশকৰ আৰম্ভণিৰ পৰা তেওঁলোকে এটা জ্যোতিৰ্বিজ্ঞানীৰ দলক নেতৃত্ব দিছিল৷ তেওঁলোকে আমাৰ হাতীপতিৰ কেন্দ্ৰত থকা ‘ছেগিটাৰিয়াছ এ’ নামৰ অঞ্চলটোক লৈ গৱেষণা কৰিছিল৷ এই গৱেষণাৰ বাবে দুয়ো বিশ্বৰ বৃহত্তম টেলিস্কোপটো ব্যৱহাৰ কৰিছিল আৰু হাতীপতিৰ কেন্দ্ৰত থকা গেছ আৰু ধূলিকণাৰ মাজেৰেও পৰ্যবেক্ষণ কৰিব পৰাৰ প্ৰণালী আৱিষ্কাৰ কৰি লৈছিল৷ তেওঁলোকে হাতীপতিৰ মাজত থকা সৰ্বাধিক উজ্বল নক্ষত্ৰটোৰ কক্ষপথ আঁকি তাৰ গতিপথ হাতীপতিয়ে নিৰ্ধাৰণ কৰা বুলি আৱিষ্কাৰ কৰিছিল৷