ফেচবুক– গণতন্ত্ৰৰ শত্ৰু, নিকৃষ্টতম আৱেগৰ বাহক
২০২১ চনৰ শান্তিৰ নোবেল বঁটাপ্ৰাপক ফিলিপাইনৰ সাংবাদিক মাৰিয়া ৰেচাই ছ’চিয়েল মিডিয়াক [যিবোৰ আমেৰিকাত উদ্ভৱ হোৱা আৰু তাৰ পৰা নিয়ন্ত্ৰিত বহুজাতিক কোম্পানী] বিশেষকৈ ফেচবুকক গণতন্ত্ৰৰ শত্ৰু বুলি অভিহিত কৰিছে৷ শান্তিৰ নোবেল বঁটা সাংবাদিকক দিয়া হ’ল কিয়? নৰৱে’ৰ নোবেল কমিটীৰ অধ্যক্ষ বেৰিট ৰেইচ এণ্ডাৰছেনে কৈছে যে তেওঁলোকে দীঘলীয়া সময় ধৰি মত প্ৰকাশৰ অধিকাৰক সুৰক্ষিত কৰি ৰাখি গণতন্ত্ৰক জীয়াই ৰখাত অৰিহণা আগবঢ়োৱাজনক সন্মানিত তথা পুৰস্কৃত কৰাৰ কথা চিন্তা কৰি আছিল৷ শান্তিৰ বাবে গণতান্ত্ৰিক শাসন মজবুত হৈ থকাটো জৰুৰী৷ গণতন্ত্ৰৰ বাবে যথাৰ্থ তথ্য বা ‘ফেক্ট’ জনসাধাৰণৰ সন্মুখত উন্মোচন কৰা আৱশ্যক আৰু এই ‘ফেক্ট’ জনসাধাৰণক জনোৱাৰ কামটো কৰে সাংবাদিকসকলে৷ সাংবাদিকে গণতন্ত্ৰ ৰক্ষা কৰি শান্তি বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়েহে এইবাৰ মাৰিয়া ৰেচাৰ লগতে ৰাছিয়াৰ সাংবাদিক ডিমিট্ৰি মুৰাতৱক শান্তিৰ নোবেল বঁটা দিয়া হৈছে৷ গণতন্ত্ৰ জীয়াই থকাৰ বাবে মত প্ৰকাশৰ অধিকাৰ জীয়াই থকা জৰুৰী আৰু মত প্ৰকাশৰ অধিকাৰ জীয়াই থকা মানেই হ’ল প্ৰকৃত, যথাৰ্থ, সত্য তথ্য জনাৰ অধিকাৰ৷মাৰিয়া ৰেচাৰ ফিলিপাইনত এতিয়া গণতন্ত্ৰ সংকটাপন্ন৷ ফিলিপাইনৰ গণতন্ত্ৰৰ ইতিহাস বৰ এটা উল্লেখনীয় নহয়৷ ফিলিপাইনত একনায়কত্ববাদী শাসকৰ শাসনেই চলিছে সৰহভাগ সময়৷ এতিয়া ফিলিপাইনত নিৰ্বাচিত ৰাষ্ট্ৰপতি ৰড্ৰিগ ডুটেৰ্টেৰ একপ্ৰকাৰ একনায়কত্ববাদী শাসন চলিছে আৰু সেই শাসনৰ স’তে যঁুজি মাৰিয়া ৰেচাই নিজৰ সাংবাদিকতাৰ কাম কৰি আছে৷ মাৰিয়াৰ ‘ৰাপলাৰ’ অনলাইন প্ৰকাশন ফিলিপাইনৰ আটাইতকৈ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান৷ এই ‘ৰাপলাৰ’আৰম্ভ হৈছিল এটা ফেচবুক পেজ হিচাপে৷ মাৰিয়াই ২০১৬ চনৰ পৰাই অভিযোগ তুলি আহিছে যে ফেচবুক প্ৰকৃত আৰু সত্য তথ্য প্ৰচাৰৰ বাটৰ হেঙাৰ হৈ আছে৷ ফেচবুক ব্যৱহাৰকাৰীৰ সৰহভাগেই আমেৰিকাৰ বাহিৰৰ৷ ফিলিপাইনৰ ৯৭ শতাংশ লোক ফেচবুকৰ সদস্য, কিন্তু ফেচবুকৰ জৰিয়তে ফিলিপাইনত চৰকাৰী উদ্যোগত অসত্য বাতৰি আৰু অপপ্ৰচাৰ চলি আছে আৰু এই অপপ্ৰচাৰে শাসকৰ স্বাৰ্থহে ৰক্ষা কৰি আছে৷ ২০১৬ চনত এক অনুসন্ধানমূলক সাংবাদিকতাৰে মাৰিয়াই ২৬টা ভুৱা ফেচবুক একাউণ্টৰ পম খেদিছিল৷ এই অনুসন্ধানৰ ফলত দেখা গৈছিল যে এই ২৬টা একাউণ্টে বিয়পাই দিয়া অপপ্ৰচাৰে ৩০ লাখ মানুহক প্ৰভাৱান্বিত কৰিছিল৷ মাৰিয়াই এই অনুসন্ধানৰ সমগ্ৰ বিষয়টো ফেচবুকক জনাইছিল যদিও ফেচবুক মৌন হৈ আছিল৷ মাৰিয়াই যেতিয়া ফেচবুকৰ মালিক জাকাৰবাৰ্গক কৈছিল যে ফিলিপাইনৰ ৯৭ শতাংশ মানুহে ফেচবুক ব্যৱহাৰ কৰে আৰু এই মাধ্যমটো ঘৃণা, অবিশ্বাস বিয়পাবলৈ ব্যৱহূত হৈ আছে৷ মাৰিয়াই জাকাৰবাৰ্গক ফিলিপাইনত ফেচবুকৰ ভূমিকা চাই যাবলৈ আমন্ত্ৰণ জনাইছিল৷ জাকাৰবাৰ্গে মাৰিয়াৰ সেই আমন্ত্ৰণ গুৰুত্ব দিয়া নাছিল৷ অভিযোগ আছে যে জাকাৰবাৰ্গে মাৰিয়াক সুধিছিল ফিলিপাইনৰ বাকী ৩ শতাংশ মানুহে কি কৰি আছে৷ অৰ্থাৎ জাকাৰবাৰ্গৰ মূল উদ্দেশ্য হ’ল ফেচবুকৰ সদস্য সংখ্যা বঢ়োৱা, মুনাফা বঢ়োৱা৷ ফিলিপাইনৰ গণতন্ত্ৰ ৰক্ষা বা প্ৰকৃত তথা যথাৰ্থ তথ্য আৰু বাতৰি প্ৰচাৰৰ প্ৰতি ফেচবুকৰ সামান্যতমো আগ্ৰহ নাই৷ ২০১৬ চনত মাৰিয়াই ফেচবুকক জনাইছিল যে ফেচবুকত তেওঁৰ বিৰুদ্ধে প্ৰতি ঘণ্টাত ৯০টা ঘৃণা তথা প্ৰতিহিংসাৰে ভৰা পোষ্ট আহি আছে৷ তেতিয়া ফেচবুকে কিবা ব্যৱস্থা লোৱাৰ সলনি কৈছিল যে তেওঁ যিহেতু ৰাজহুৱা জীৱনৰ স’তে জড়িত মহিলা, গতিকে তেনেকুৱা হ’বই৷ ফেচবুকে মাৰিয়াক হত্যাৰ ভাবুকি দিয়া, তেওঁক বেশ্যা বুলি কোৱাসকলৰ পক্ষতহে থিয় দিছিল৷ ইউনেস্ক’ই মাৰিয়াৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জৰিয়তে সংঘটিত ৫ লাখ আক্ৰমণৰ এটা অধ্যয়ন চলাইছিল৷ দেখা গৈছিল যে ইয়াৰে ৬০ শতাংশৰেই উদ্দেশ্য আছিল মাৰিয়াৰ বিশ্বাসযোগ্যতা সম্বন্ধে সন্দেহ সৃষ্টি কৰা৷ বাকী ৪০ শতাংশ আছিল ভাবুকি গালি-গালাজ৷ ইয়াৰ আঁৰত প্ৰধানকৈ আছিল ফিলিপাইনৰ শাসকৰ পৰিচালনাত চলা ছ’চিয়েল মিডিয়াৰ অপপ্ৰচাৰক বাহিনী৷ মাৰিয়াই জানিছিল যে শাসকে তেওঁৰ আৰু ৰাপলাৰৰ বিস্বাসযোগ্যতাৰ প্ৰতি জনসাধাৰণৰ মনত সন্দেহ সৃষ্টি কৰিব বিচাৰিছে৷ মাৰিয়াই কৈছে, ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেচবুক হ’ল গণতন্ত্ৰ ধবংস কৰা আৰু ভুৱা তথ্য তথা বাতৰি প্ৰচাৰৰ প্ৰধান হোতা৷ আমেৰিকাৰ জীৱবিজ্ঞানী ই অ’ উইলছনৰ গৱেষণাৰ উদ্ধতি দি মাৰিয়াই কৈছে– মানুহৰ প্ৰধান সমস্যা হ’ল, আমি এতিয়া এনেকুৱা এটা সময়ত বাস কৰিছোঁ য’ত একে সময়তে প্ৰস্ত যুগৰ জান্তৱ আৱেগ-অনুভূতি, মধ্যযুগীয় সামাজিক অনুষ্ঠান আৰু ভগৱানৰ দৰে ক্ষমতাশালী প্ৰযুক্তিৰ সহাৱস্থান ঘটিছে৷ ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়াই কেৱল নিজৰ ব্যৱসায়ীক স্বাৰ্থৰ বাবেই মানুহৰ জৈৱিক দুৰ্বলতাসমূহক ব্যৱহাৰ কৰি আছে৷ মাৰিয়াই কৈছে যে আমি তথ্য-প্ৰযুক্তিৰ বাবে হিৰোচিমাত ঘটা আণৱিক বিস্ফোৰণৰ দৰে এক তথ্য বিস্ফোৰণৰ সমুখীন হৈছোঁ৷ মানুহৰ স্বভাৱত থকা আটাইতকৈ বেয়াখিনিয়ে যাতে আমাৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব নোৱাৰে তাৰ বাবে সকলো একগোট হ’ব লাগিব৷ মাৰিয়াই সকলোকে ভাবি চাবলৈ অনুৰোধ জনাই কৈছে– ছ’চিয়েল মিডিয়াই মানুহৰ স্বভাৱত থকা আটাইতকৈ জঘন্যখিনিক, নিকৃষ্টখিনিক অনুপ্ৰাণিত কৰে আৰু এই মাধ্যমবোৰে তেনে সদস্য গোটাই নিজৰ ব্যৱসায়িক স্বাৰ্থপূৰণ কৰে৷ একনায়ক শাসনৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি থকা মাৰিয়াই নোবেল বঁটা পোৱাৰ পাছত তেওঁ ফেচবুক আৰু ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কৈ থকা কথাবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ মাৰিয়াৰ অভিযোগবোৰ গুৰুতৰ৷ গণতন্ত্ৰ আৰু মানৱ জাতিৰ ভৱিষ্যতৰ বাবে এইসমূহৰ মীমাংসা হোৱাটো জৰুৰী৷






