Logo
image

ইউৰোপত পঞ্চমটো ঢৌ, তথাপি চলিছে কাৰ্নিভেল

আমাৰ অসম, ১৩নৱেম্বৰঃ খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ‘কাৰ্নিভেল’অথবা উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ আগতেই ইউৰোপত ক’ভিডৰ পঞ্চম লহৰ আৰম্ভ হৈছে ৷ পিছে বৰদিন, নৱবৰ্ষৰ উৎসৱ উদ্‌যাপন নকৰাকৈ এইবাৰ ইউৰোপৰ বাসিন্দা কৰ’না ভাইৰাছৰ ভয়ত গৃহবন্দী হৈ থাকিবলৈ নাৰাজ৷ বৰং গৃহবন্দী হৈ থকাৰ বিপৰীতে ইউৰোপিয়ানে এইবাৰ ক’ভিড অতিমাৰীৰ সৈতে সহাৱস্থান কৰিয়েই তেওঁলোকৰ উৎসৱৰ বতৰ পাৰ কৰিব৷ তেওঁলোকে এইবাৰ বৰদিন, নৱবৰ্ষ উদ্‌যাপন নকৰাকৈ নেৰে৷ ক’ভিড থাকিলেও উৎসৱ পালন কৰিবই৷ তাৰবাবে তেওঁলোকে ক’ভিড প্ৰতিৰোধৰ বাবে ল’বলগীয়া সাৱধানতা অৱলম্বন কৰিব৷ ইউৰোপৰ বাসিন্দাই ক’ভিডৰ পঞ্চম ঢৌক উপেক্ষা কৰা বা সাহসেৰে সন্মুখীন হ’বলৈ ওলোৱাৰ মূল কাৰণ হৈছে প্ৰতিষেধক৷ বিগত প্ৰায় ১০ মাহত ইউৰোপৰ অধিকাংশ দেশত ক’ভিডৰ টিকাকৰণ প্ৰায় সম্পূৰ্ণ হৈ গৈছে৷ ইউৰোপৰ প্ৰায়বোৰ দেশতে টিকাকৰণ  ৮০-৯০ শতাংশ সম্পূৰ্ণ হৈছে৷ ইয়াৰ ফলত ইউৰোপত এতিয়া ক’ভিডৰ মৃত্যুভয় হ্ৰাস পাইছে৷ ভাৰতত বিশাল জনসংখ্যাৰ বাবে সকলোৰে টিকাকৰণ সম্পূৰ্ণ কৰাটো অতিশয় ব্যয়বহুল আৰু পৰ্বতসম প্ৰক্ৰিয়া৷ আনহাতে কম জনসংখ্যাৰ হোৱাৰ বাবে ইউৰোপত সকলো দেশেই যোৱা ১০ মাহত ক’ভিডৰ টিকাকৰণ প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ফলত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাব আৰু সংক্ৰমিত হ’লেও ক’ভিডৰ সংহাৰ অৰ্থাৎ ক’ভিডৰ ফলত হোৱা মৃত্যু তেনেই নূন্যতম হ’ব৷ ঘাইকৈ প্ৰতিষেধকৰ সাহসতে ইউৰোপবাসীয়ে এইবাৰ উৎসৱৰ বতৰত ক’ভিডৰ সৈতে সহাৱস্থান কৰিয়েই উৎসৱ পালন কৰিব৷ তাৎপৰ্যপূৰ্ণভাৱে, ইউৰোপৰ বহুকেইখন দেশত সম্প্ৰতি ক’ভিডৰ পঞ্চম ঢৌৰ সংক্ৰমণ আৰম্ভ হৈছে৷ বৃহস্পতিবাৰে এদিনতে ব্ৰিটেইনত ৫৩,০০০ ৰো অধিক ক’ভিডত সংক্ৰমিত হৈছে৷ জাৰ্মানীতো কালি  এদিনত সংক্ৰমিতৰ সংখ্যা ৫০,০০০১ অধিক৷ আনহাতে বিগত এপষেক ধৰি দৈনিক ৫০ হাজাৰৰো অধিকৰ সংক্ৰমণ হৈ আছে ৰাছিয়াত৷ পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ অন্তৰ্গত দেশসমূহ যেনে ইউক্ৰেইন, বেলাৰুছ আৰু মধ্য তথা পূব ইউৰোপৰ দেশসমূহ বিগত সময়ত ক’ভিডত বিশেষ ক্ষতিগ্ৰস্ত হোৱা নাছিল যদিও এইবাৰ তেনে দেশত ক’ভিডে ছানি ধৰিছে৷ পিছে কোনো এখন দেশৰ পৰাই অস্বাভাৱিক সংখ্যৰ মৃত্যুৰ সংহাৰৰ বাতৰি অহা নাই৷ ফ্ৰান্সে ইতিমধ্যে দেশখনত ক’ভিডৰ পঞ্চম ঢৌ আৰম্ভ হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰিছে৷ বুধবাৰে দেশখনৰ স্বাস্থ্যমন্ত্ৰী অলিভিয়েৰ ভেৰানে সেই ঘোষণা কৰে৷ পিছে এই পৰ্যন্ত ফ্ৰান্সতো ক’ভিডত মৃত্যুৰ হাৰ নূন্যতম, নগন্য৷ বুধবাৰ আৰু বৃহস্পতিবাৰে ফ্ৰান্সত দৈনিক সংক্ৰমণৰ সংখ্যা ক্ৰমে ১১,১২২ আৰু ১১,৮৩৩৷ পিছে দুদিনত এটাও মৃত্যুৰ খবৰ নাই৷ অথচ ক’ভিডৰ প্ৰথমটো ঢৌত ইটালি অতিমাৰীত উছন যোৱাৰ দৰে হৈছিল৷ উন্নত স্বাস্থ্যব্যৱস্থাৰে গৰ্বিত ইউৰোপত মৃতদেহ দ’ম বান্ধিছিল৷ থানবান হৈ গৈছিল স্বাস্থ্য ব্যৱস্থা৷ এইবাৰ পিছে তেনে আশংকা নাই৷ ক’ভিড থাকিলেও তাৰ সৈতে সকলোৰে সহাৱস্থান৷