Logo
image

বিশ্বৰ সবাতোকৈ ধনী দেশ এতিয়া চীন

আমাৰ অসম, ১৬নৱেম্বৰঃ আমেৰিকাক অতিক্ৰম কৰি এছিয়াৰ ছুপাৰ পাৱাৰ চীন বিশ্বৰ আটাইতকৈ চহকী দেশত পৰিণত হৈছে৷ বিশ্বৰ চহকী দহখন দেশৰ ‘বেলেঞ্চ শ্বিট’ অৰ্থাৎ সম্পদৰ হিচাপ-নিকাচ পৰীক্ষা কৰি মেককিন্‌ছ এণ্ড কোম্পানীয়ে এই তথ্য প্ৰকাশ কৰিছে৷ যোৱা দুটা দশকত চীনে অভাৱনীয়ভাৱে সম্পদ আহৰণ কৰি বিশ্বৰ সকলো দেশকে পিছলৈ ঠেলি আৰু দীৰ্ঘদিন ধৰি বিশ্বৰ সবাতোকৈ চহকী দেশ হৈ থকা আমেৰিকাক অতিক্ৰম কৰি এই অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে৷ এতিয়া চীনৰ মুঠ সম্পদৰ পৰিমাণ হৈছে ১২০ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ৷ যোৱা ২০ বছৰত চীনে ১১৩ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ সম্পদ আহৰণ কৰিছে৷ ২০০০ চনলৈকে চীনৰ মুঠ সম্পদৰ পৰিমাণ আছিল ৭ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ৷ ২০০০ চনত বিশ্ব বাণিজ্য সংস্থাত যোগদান কৰাৰ পৰা চীনে সম্পদ আহৰণৰ ক্ষেত্ৰত অস্বাভাৱিক উত্থান ঘটাই দুটা দশকৰ ভিতৰত বিশ্বৰ সবাটোকৈ চহকী দেশত পৰিণত হৈছে৷  সম্প্ৰতি দ্বিতীয় স্থানলৈ অৱনমিত হোৱা আমেৰিকাৰ মুঠ সম্পদৰ পৰিমাণ ৯০ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ৷ উল্লেখ্য, কোনো এখন দেশক মুঠ সম্পদৰ দিশৰ পৰা কৰা বিচাৰত বিত্ত অৰ্থাৎ টকা পইচাৰ [মুদ্ৰা] হিচাপে নাথাকে৷ এই হিচাপ হৈছে একোখন দেশত বিভিন্ন খণ্ডত থকা মুঠ সম্পদৰ মূল্যৰ পৰিমাণ৷ মেককিন্‌ছে এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা শেহতীয়া হিচাপ অনুসৰি বিশ্বৰ সকলো ৰাষ্ট্ৰৰ মুঠ সম্পদৰ পৰিমাণ সম্প্ৰতি ৫১৪ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ৷ ২০০০ চনত সেই পৰিমাণ আছিল ১৫৬ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ৷ বিগত কুৰি বছৰত সমগ্ৰ বিশ্বতে সম্পদৰ পৰিমাণৰ অভাৱনীয় উত্থান ঘটিছে৷ এই ক্ষেত্ৰত চীনৰ উত্থান ৰকেটৰ দৰে দ্ৰুতবেগী আৰু সম্পূৰ্ণৰূপে ঊৰ্ধমুখী৷ মেককিন্‌ছেই প্ৰকাশ কৰা অনুসৰি এতিয়া বিশ্বৰ মুঠ সম্পদৰ ৬৮ শতাংশই ‘ৰিয়েল ইষ্টেট’ খণ্ডৰ৷ অন্যান্য খণ্ডসমূহ হৈছে আন্তঃগাঠনি, ‘মেচিনেৰী’,‘ইকুইপমেণ্টছ’ আৰু কম পৰিমাণে ‘ইণ্টেলেকচুৱেল প্ৰপাৰ্টি, আৰু ‘পেটেণ্ট’৷ চীনৰ এতিয়াৰ মুঠ সম্পদৰ ৬৮ শতাংশই ‘ৰিয়েল ইষ্টেট’ খণ্ডৰ, য’ৰ ৩৫ শতাংশ হৈছে ভূমি আৰু ৩৩ শতাংশ হৈছে গৃহনিৰ্মাণ৷ বাকী সম্পদ হৈছে ১১ শতাংশ আন্তঃগাঠনি, ৮ শতাংশ বিনিযোগ, ৮ শতাংশ অন্যান্য সম্পদ, ৬ শতাংশ ‘মেচিনেৰী’ আৰু ‘ইকুইপমেণ্টছ’ খণ্ডৰ৷ তাৎপৰ্যপূৰ্ণ যে, বিগত ২০ বছৰত আমেৰিকাৰ সম্পদৰ পৰিমাণো পূৰ্বৰ তুলনাত দুগুণ হৈছে৷ কিন্তু ৰিয়েল ইষ্টেট খণ্ডৰ ঘৰ-বাৰীৰ মূল্য আশানুৰূপভাৱে বৃদ্ধি নোহোৱাত আমেৰিকা দ্বিতীয় স্থানলৈ অৱনমিত হয়৷ উল্লেখ্য, ২০০৮ চনৰ বিশ্ব মহামন্দা আমেৰিকাত আৰম্ভ হৈছিল আৰু তাৰ গুৰি আছিল ৰিয়েল ইষ্টেট খণ্ড৷ ইয়াৰ ফলতে ২০০৮ চনৰ পাছৰ পৰা বিগত ১২ বছৰত আমেৰিকাত ঘৰ-দুৱাৰৰ চাহিদা আৰু মূল্য দুয়োটাই কম৷ ইয়াৰ বিপৰীতে চীন আৰু অন্যান্য দেশত বিগত ২০ বছৰত ‘ৰিয়েল ইষ্টেট’ খণ্ডত সম্পত্তিৰ মূল্য ৫০ শতাংশ বৃদ্ধি হৈছে৷ ইয়াৰ ফলত সাধাৰণ লোকৰ বাবে বাসগৃহ ক্ৰয় কৰাতো অসাধ্য যেন হৈ পৰিছে৷ প্ৰসংগতঃ উল্লেখ্যযোগ্য ‘নেট ৱৰ্থ’ বা মুঠ সম্পদৰ দিশৰ পৰা একোখন ৰাষ্ট্ৰৰ সম্পদৰ পৰিমাণ ধাৰ্য কৰা হয়৷ এইক্ষেত্ৰত দেশখনত থকা মুঠ সম্পত্তিৰ পৰিমাণৰ পৰা তেওঁলোকৰ ধাৰ-দেনা অৰ্থাৎ ‘লায়েবিলিটিজ’ বিয়োগ কৰা হয়৷ ‘নেট ৱৰ্থ’ অৰ্থাৎ মুঠ সম্পদৰ পৰিমাণ নিৰ্ধাৰণ কৰিলেহে প্ৰকৃততে কিমান চহকী তাৰ যোগ্য বিচাৰ কৰা হয়৷ কিয়নো এই বিচাৰ তুলনামূলক নহয় আৰু বৃদ্ধিৰ হাৰ ইত্যাদি ইয়াত বিচাৰ্য নহয়৷ ইয়াৰ বিপৰীতে দেশ এখন প্ৰকৃততে কিমান পৰিমাণৰ মুঠ সম্পদৰ অধিকাৰী সেৱা ‘নেট ৱৰ্থ’ৰ জৰিয়তে জানিব পৰা হয়৷