Logo
image

সীমা বিবাদ নিষ্পত্তি হ’বনে

সীমা সমস্যা অসমৰ এক দীৰ্ঘদিনীয়া সমস্যা৷ অসমৰ ভূমি চুবুৰীয়া মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশে দখল কৰি সেইবোৰ অঞ্চল তেওঁলোকৰ নিজৰ ৰাজ্যৰ অধীনলৈ নিছে৷ আনকি প্ৰতিবছৰে সীমান্ত অঞ্চলৰ অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই অধিগ্ৰহণ কৰি অসমৰ লোকক নিৰ্যাতন কৰাৰো বাতৰি প্ৰকাশ পাই আহিছে৷ সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে, ৬৯ হাজাৰ হেক্টৰ ভূমিতকৈও অধিক ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰি আছে৷ সীমান্ত অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্যসমূহে যিমান গুৰুত্ব আৰোপ কৰে, অসমে কিন্তু সম্পূৰ্ণ আওকণীয়া মনোভাবহে পোষণ কৰে৷ যাৰ বাবে সীমান্তৰ সমস্যা ৰাজ্যত এক গুৰুতৰ সমস্যাৰূপে দেখা দিছে৷ অসমৰ কোনো এখন চৰকাৰে ৰাজ্যৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই চুবুৰীয়া ৰাজ্যসমূহে আগ্ৰাসী ৰূপ ধাৰণ কৰি অসমৰ বুজন পৰিমাণৰ ভূমি দখল কৰি সেইবোৰ ভূমি তেওঁলোকৰ ৰাজ্যৰ অংশ বুলি প্ৰতিপন্ন কৰি আহিছে৷ সীমা সমস্যাক লৈয়ে ৰাজ্যত সময়ে সময়ে দুখন ৰাজ্যৰ নিৰাপত্তা বাহিনীৰ মাজত গুলীয়াগুলি হৈ আহিছে যদিও পৰিস্থিতি শাম কটাৰ পাছত ৰাজ্য চৰকাৰ সেই বিষয়ত যেন নীৰৱ হৈ পৰে৷প্ৰকৃতিৰ ৰম্যভূমিৰূপে পৰিচিত অসম-মেঘালয় সীমান্তৰ লাম্পি অঞ্চল মেঘালয়ে সম্পূৰ্ণ নিজৰ কৰি লোৱাৰ প্ৰয়াস বহুদিনৰ পৰা অব্যাহত ৰাখিছে বুলি সময়ে সময়ে সেই অঞ্চলৰ অধিবাসীয়ে অভিযোগ কৰি আহিছে৷ উল্লেখ্য, ২০১০ চনতে লাম্পি অঞ্চলত সীমা বিবাদক লৈ দুয়ো ৰাজ্যৰ আৰক্ষী-নিৰাপত্তা বাহিনীৰ প্ৰচণ্ড গুলীয়াগুলি হৈছিল৷ পাছত দুয়ো ৰাজ্যৰ শীৰ্ষ পৰ্যায়ত হোৱা আলোচনাৰ অন্তত পৰিস্থিতি শাম কাটে যদিও এতিয়াও সেই অঞ্চলত মেঘালয়ৰ আগ্ৰাসন অব্যাহত আছে বুলি অভিযোগ পোৱা যায়৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি, মেঘালয়ে তাৰ বাসিন্দাক বিদ্যুৎ, পানী যোগান ধৰাৰ উপৰি সকলোধৰণৰ সা-সুবিধা আগবঢ়োৱাৰ বাবেই পূৰ্বে অসমৰ অন্তৰ্ভুক্ত বহু গাঁও সম্প্ৰতি মেঘালয়ৰ লগত চামিল হৈছে৷ যিহেতু অসমৰ বাসিন্দাই অসম চৰকাৰৰ পৰা বিশেষ সুবিধা নাপায়, সেয়ে দুখীয়া লোকসকলে মেঘালয় চৰকৰে আগবঢ়োৱা সুবিধা লাভ কৰি জীৱন-জীৱিকাৰ পথ বিচাৰি পাইছে৷ লাম্পিত আছে প্ৰায় ৯০০ হেক্টৰ ভূমি৷ কিন্তু এই ভূমিভাগৰ প্ৰায়ভাগ চৰকাৰী ভূমি নাইবা বনভূমি৷ এই অঞ্চলত পূৰ্বতে অতি কমসংখ্যক লোক আছিল যদিও পাছলৈ বিভিন্ন ঠাইৰ লোকে আহি ভূমি অবাধে দখল কৰি গছ-গছনি ধবংস কৰিছে আৰু কৃষিকাৰ্য কৰি বসতি স্থাপন কৰিছে৷ অভিযোগ অনুসৰি লাম্পিৰ ১৩খন গাঁৱৰ আটাইকেইখনেই এসময়ত অসমৰ অন্তৰ্ভুক্ত আছিল যদিও এতিয়া মাত্ৰ তিনিখন গাঁৱহে অসমৰ লগত আছে, বাকী দহখন গাঁও ইতিমধ্যে মেঘালয়ৰ লগত চামিল হৈছে৷ বিবদমান এই লাম্পি অঞ্চলতে মঙলবাৰে অসম আৰু মেঘালয়ৰ দুই মুখ্যমন্ত্ৰী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পাছত এক আলোচনাত মিলিত হয়৷ দুয়ো ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে হোৱা আলোচনাত ১২টা বিবদমান স্থান সন্দৰ্ভতো সমাধান সূত্ৰ উলিওৱাৰ উদ্দেশ্যে আলোচনা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি বিবদমান ১২টা স্থানৰ ৬টা স্থানৰ সীমা সমস্যা সমাধানৰ বাবে দুয়ো ৰাজ্যৰ মন্ত্ৰীক লৈ সমিতি গঠন কৰে আৰু এই ৬টা স্থানৰ সমস্যা শীঘ্ৰে সমাধান হ’ব বুলি ব্যক্ত কৰে৷ অৱশ্যে, লাম্পিৰ সীমা সমস্যা সন্দৰ্ভত কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয়৷ যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সীমা সমস্যা সমাধান কৰিব পাৰে, তেন্তে সেয়া হ’ব ড॰ শৰ্মাৰ বৃহৎ সাফল্য আৰু অসমৰ জনগণৰ কল্যাণৰ দিশত এক বৃহৎ খোজ৷ সকলো নিৰ্ভৰ কৰিব চৰকাৰৰ সদ্দিচ্ছা ওপৰত৷ ৰাজ্যৰ সীমা সমস্যাৰ সমাধান হয় নে নহয়, সেই কথা সময়েহে ক’ব৷