Logo
image

‘ৰাইজৰ দল’-এ কাৰ ভোট পাব

... কেৱল অসমীয়াভাষীৰ মাজতেই আঞ্চলিক ৰাজনীতি সীমিত থাকিব বুলি প্ৰায় নিশ্চিতভাৱে ক’ব পাৰি৷ অথচ অসমীয়াভাষী আছে ৪৮ শতাংশমানহে৷ তাৰে ভিতৰতে আছে মিঞাসকল আৰু চাহ জনগোষ্ঠীৰ লোকসকল৷ মিঞা ভোট ঘাইকৈ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজতেই বিভক্ত হ’ব৷ সেইদৰে চাহ মজদুৰৰ ভোটো ঘাইকৈ বিজেপি আৰু কংগ্ৰেছৰ মাজতেই ভাগ ভাগ হ’ব৷ অৰ্থাৎ আঞ্চলিক দলৰ নিৰ্বাচনী ৰাজনীতি ২৫ শতাংশ[?]মান মূলসুঁতিৰ অসমীয়া মানুহৰ মাজতেই সীমাবদ্ধ থাকিব৷ তাতে কংগ্ৰেছো থাকিব, বিজেপিও থাকিব  ...

‘ৰাইজৰ দল’ সঁচাকৈয়ে ৰাইজৰ দল হ’বনে নাই সেইকথা সময়ে ক’ব৷ কিন্তু অসমৰ ৰাইজৰ জীৱন-মৰণৰ সমস্যাক লৈ যুগ যুগ ধৰি প্ৰধান প্ৰধান ৰাষ্ট্ৰীয় দলবোৰৰ উদাসীনতা, সুবিধাবাদ, লুটি-বাগৰ আদিয়ে এই সমস্যাবোৰৰ আশু সমাধান কৰিবলৈ আগ্ৰহী আৰু সক্ষম এক আঞ্চলিক ৰাজনৈতিক শক্তিৰ আৱশ্যকতা ৰাইজৰ বহুতকে অনুভৱ কৰাই আহিছিল৷ তেনে শক্তিৰ মৰ্যাদা অসম গণ পৰিষদে কেতিয়াবাই হেৰুৱাইছে৷ সেয়ে নতুন আঞ্চলিক শক্তিৰ উদ্ভৱ হৈছে৷ ইতিমধ্যে আত্মপ্ৰকাশ কৰা কেতবোৰ আঞ্চলিক দল এই নতুন ‘ৰাইজৰ দল’ত অন্তৰ্ভুক্ত হৈছে৷ তাৰো আগত আছু আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মূল উদ্যোগত কেইবাটাও সংগঠনে ‘অসম জাতীয় পৰিষদ’ৰ জন্ম দিছে৷ নিৰ্বাচনৰ পূৰ্বে এই দুই নৱগঠিত দলৰ মাজত মিত্ৰতা বা বুজাবুজিও অসম্ভৱ নহয়৷

দুই অক্টোবৰত দলটো ভূমিষ্ঠ হোৱাৰ দিনা ‘আমাৰ অসম’ত দলটোৰ এজন প্ৰধান খনিকৰ ভাস্কো ডি শইকীয়াৰ এটা নিবন্ধ প্ৰকাশ হৈছে৷ সেই নিবন্ধত অন্তৰ্ভুক্ত দুটামান উক্তি আৰু যুক্তিয়ে আমাক বেচ হতাশ কৰিছে আৰু এইবুলি ভবাইছে যে কৃষক মুক্তিৰ লগতে ৰাইজৰ দলৰো ৰাজনৈতিক পৰিপক্বতাৰ উচ্ছতম স্তৰ এইটোৱেই নেকি! অসমৰ সংগঠনসমূহৰ ভিতৰত কৃষক মুক্তিৰ প্ৰতিয়ে আমাৰ আস্থা সৰ্বাধিক আৰু আঞ্চলিক দলবোৰৰ ভিতৰতো ‘ৰাইজৰ দল’ৰ প্ৰতিয়ে আমাৰ শুভেচ্ছা সবাতোকৈ বেছি থাকিব৷ কিন্তু, শেহতীয়াকৈ কৃষক মুক্তি আৰু ‘ৰাইজৰ দল’ৰ কথা-বতৰা আৰু শইকীয়াৰ নিবন্ধৰ উক্তি-যুক্তিলৈ চাই এই সংগঠন আৰু দলৰ ভৱিষ্যৎ ক্ৰান্তিকাৰী ভূমিকাক লৈ আমাৰ সংশয় পূৰ্বতকৈ ডাঠ হৈছে৷

অখিল গগৈয়ে দিয়া ‘এক দল, এক পতাকা, এক প্ৰতীক’ৰ আহ্বান হেনো ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ আৰু ‘এচাম প্ৰগতিশীল’এ হেনো সেই আহ্বানৰ বিৰোধিতা কৰি ‘ঐক্যবদ্ধ আঞ্চলিক শক্তি’ৰ বিৰোধিতা কৰিছে! কোৱা বাহুল্য যে এনে প্ৰগতিশীল আমাৰ চকুত পৰা নাই আৰু শইকীয়ায়ো চকুত পেলাই দিয়া নাই৷ আমি নিজে অৱশ্যে ‘আমাৰ অসম’ৰ পাতত অখিল গগৈৰ সেই ঐতিহাসিকভাৱে ভুল আৰু বিভ্ৰান্তিকৰ আহ্বানৰ সমালোচনা কৰিছিলোঁ৷ নাজানো, শইকীয়াই আমালৈকে পোনাইছিলনে নাই৷ কিন্তু, পুনৰ দোহাৰি কওঁ যে আমাৰ দৰে প্ৰগতিশীলে ‘কা’বিৰোধী আন্দোলনৰ সময়ৰপৰাই ঐক্যবদ্ধতাৰ আৱশ্যকতাৰ কথা কৈ আহিছোঁ৷ আজিও ‘কা’বিৰোধী শক্তিবোৰ, বিশেষকৈ সঁচা আঞ্চলিক শক্তিবোৰ, ঐক্যবদ্ধ হোৱাটোকে আমি কামনা কৰোঁ৷ কিন্তু, ঐক্যবদ্ধ হোৱা আৰু একাকাৰ হোৱা একে কথা নহয়৷ আছুৰ লগত একাকাৰ হ’বলৈ গ’লে কৃষক মুক্তিৰ উপাদানখিনিৰ স্বকীয়তা বাচি নাথাকে৷ সৌভাগ্যক্ৰমে, ‘এক দল, এক পতাকা, এক প্ৰতীক’এ ‘একাকাৰ’ কৰি স্বকীয়তাৰ বিনাশ সাধিব বুলি কৃষক মুক্তিয়ে নুবুজিলেও আছুৱে বুজিছে৷

‘বীৰ লাচিত সেনা’ৰ দৰে কম প্ৰভাৱী সংগঠনৰ সৈতে ‘এক দল, এক পতাকা, এক প্ৰতীক’ কৰা আৰু আছুৰ দৰে বিয়াগোম সংগঠনৰ সৈতে একেটা কামকে কৰা একে কথা নহয়৷ নেতৃত্ব পৈণত হ’লে কৃষক মুক্তিৰ উপাদানে বীৰ লাচিত সেনাৰ দৰে সংগঠনৰপৰা অহা উপাদানবোৰক প্ৰগতিশীলতাৰ ৰঙেৰে ৰঞ্জিত কৰিব পাৰিব৷ কিন্তু, আছুৰ লগত একাকাৰ হ’লে নিজৰেই প্ৰগতিশীলতা হেৰুওৱাৰ দুৱাৰ মুকলি হৈ থাকিব৷

এআইইউডিএফ দলক লৈ কৃষক মুক্তি আৰু ‘ৰাইজৰ দল’ৰ মনোভাব আৰু নীতি আমাৰ বাবে অবোধগম্য৷ ‘উজনিত বিজেপিয়ে হিন্দু ভোটৰ মেৰুকৰণ’ কৰাৰ সম্ভাৱনাটোৱেই এ আই ইউ ডি এফ দলক লৈ ‘ৰাইজৰ দল’ৰ নীতিগত স্থিতি নিৰ্ধাৰণ কৰিব নেকি? কৃষক মুক্তি আৰু ‘ৰাইজৰ দল’এ নিৰহ-নিপানীকৈ সাব্যস্ত কৰিব পাৰিব লাগিব যে এ আই ইউ ডি এফ বিজেপিৰ দৰেই সাম্প্ৰদায়িক দল৷ পাৰিবনে? এই দলটোৱে হিন্দুৰ বিৰুদ্ধে, অসমীয়াৰ বিৰুদ্ধে কি কি সাম্প্ৰদায়িক আৰু উচটনিমূলক বক্তব্য ৰাখি আহিছে? আৰ এছ এছৰ ‘হিন্দুৰাষ্ট্ৰ’ৰ দৰে ‘মুছলিম ৰাষ্ট্ৰ’ৰ ঘোষিত উদ্দেশ্য এওঁলোকৰ আছে নেকি? ‘কা’ৰ দৰে আই এম ডি টিও আজি বাহাল হৈ আছে নেকি? মুঠতে, যুক্তি আৰু তথ্যৰ আধাৰত কৃষক মুক্তি আৰু ‘ৰাইজৰ দল’এ এই কথা প্ৰতিষ্ঠিত কৰি দেখুৱাব লাগিব যে এ আই ইউ ডি এফ বিজেপিৰ সমানেই বিপজ্জনক দল৷ কৃষক মুক্তিয়ে পাহৰিলে নচলে যে শাসক পক্ষৰ হেজিমনিয়ে ৰাইজৰ বৃহৎ অংশৰ চেতনাক প্ৰভাৱিত কৰি ৰাখে৷ কৃষক মুক্তিৰ দৰে সংগঠনৰ কামেই হ’ব লাগে সেই বিভ্ৰান্তিকৰ চেতনাৰ ৰাহুগ্ৰাসৰপৰা ৰাইজক মুক্ত কৰা৷ ‘উজনিৰ ৰাইজ এ আই ইউ ডি এফ’ৰ বিৰুদ্ধে– এনে যুক্তিৰ আধাৰত কৃষক মুক্তিৰ নীতিগত অৱস্থান নিৰ্ধাৰিত হোৱা অনুচিত৷

ইংৰাজীত এষাৰ কথা আছে– ‘যিয়ে কেৱল শ্বেইক্সপীয়েৰক জানে তেওঁ শ্বেইক্সপীয়েৰক নাজানে৷’ একেদৰে ভাৰতীয় ৰাজনীতি আৰু গোলকীয় ৰাজনীতিক হিচাপত নলৈ কেৱল অসমৰ ভিত্তিতে ৰাজনীতি কৰিবলৈ গ’লে সেই ৰাজনীতি শুদ্ধ আৰু সফলকাম হ’ব নোৱাৰে৷ বৃহৎ নদীবান্ধ, ‘কা’ আইন, অবৈধ বিদেশীৰ সমস্যা আদিকে ধৰি অসমৰ সকলো সমস্যা অকল অসমৰ ৰাজ্য চৰকাৰেই সমাধান কৰিব নোৱাৰে৷ উদাহৰণস্বৰূপে, সংসদত ‘কা’ আইন বাতিল কৰিব লাগিলে অসমৰ চৈধ্যজন সাংসদে [কেউজন ‘ৰাইজৰ দল’ৰপৰা নিৰ্বাচিত হ’লেও] অকলে সেই কাম কৰিব নোৱাৰে৷ বাঁওপন্থীকে ধৰি আন সহানুভূতিশীল দলৰ সহযোগ লাগিব আৰু ৰাষ্ট্ৰীয় স্তৰত বিজেপিক দুৰ্বল কৰাৰ বাবেও কাম কৰিব লাগিব৷ সেয়ে অসমৰ নিৰ্বাচনত বিজেপিৰ সমান দূৰত্বতে কংগ্ৰেছকো ৰাখিব খোজাটো অসাৰ বচন মাত্ৰ– তাৰ কোনো বাস্তৱসন্মত ৰাজনৈতিক মূল্য নাই৷

দিল্লীত আপ দলে বিজেপি-কংগ্ৰেছ উভয়কে পৰাস্ত কৰি চৰকাৰ গঠন কৰিছিল৷ কিন্তু, অসমৰ জনগাঁথনি আৰু সাম্প্ৰতিক ৰাজনৈতিক পটভূমিয়ে ‘ৰাইজৰ দল’ বা ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ বাবে তেনে এক পৰিস্থিতি তৈয়াৰ কৰি ৰখা নাই৷ অসমৰ আঞ্চলিক দলে হিন্দীভাষী, বাংলাভাষী আৰু আন অনা-অসমীয়াভাষীৰ ভোট পোৱাৰ সম্ভাৱনা প্ৰায় শূন্য৷ কেৱল অসমীয়াভাষীৰ মাজতেই আঞ্চলিক ৰাজনীতি সীমিত থাকিব বুলি প্ৰায় নিশ্চিতভাৱে ক’ব পাৰি৷ অথচ অসমীয়াভাষী আছে ৪৮ শতাংশমানহে৷ তাৰে ভিতৰতে আছে মিঞাসকল আৰু চাহ জনগোষ্ঠীৰ লোকসকল৷ মিঞা ভোট ঘাইকৈ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজতেই বিভক্ত হ’ব৷ সেইদৰে চাহ মজদুৰৰ ভোটো ঘাইকৈ বিজেপি আৰু কংগ্ৰেছৰ মাজতেই ভাগ ভাগ হ’ব৷ অৰ্থাৎ আঞ্চলিক দলৰ নিৰ্বাচনী ৰাজনীতি ২৫ শতাংশ[?]মান মূলসুঁতিৰ অসমীয়া মানুহৰ মাজতেই সীমাবদ্ধ থাকিব৷ তাতে কংগ্ৰেছো থাকিব, বিজেপিও থাকিব৷ 

অৰ্থাৎ কংগ্ৰেছৰ সৈতে কোনো বুজা-বুজিলৈ নাহিলে বিশেষভাৱে ‘ৰাইজৰ দল’ আৰু সাধাৰণভাৱে সমূহ আঞ্চলিক ৰাজনৈতিক শক্তিৰ নিৰ্বাচনী ফলাফল শোকাৱহ হোৱাটো ধুৰূপ আৰু বিজেপি পুনৰ ক্ষমতাসীন হোৱাটোও নিশ্চিত৷ অসম-অসমীয়াৰ স্বাৰ্থতে কৃষক মুক্তি আৰু ৰাইজৰ দলে বিজেপিবিৰোধী ভোটৰ বিভাজন যেনে-তেনে বন্ধ কৰাৰ হকে কাম কৰিব লাগিছিল৷ এই বিপদ-শংকুল সময়তো সেই প্ৰজ্ঞা অদৃশ্য৷ জাতিৰ বাবে মৰ্মান্তিক!