দিল্লীৰ পৰা দিছপুৰলৈ সৰ্বত্ৰ প্ৰদূষণ, পৰিৱেশৰ অৱক্ষয়
দেশৰ ৰাজধানী চহৰ দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত দিনকদিনে পৰিস্থিতিৰ অৱনতি ঘটিছে৷ ক’ভিড-১৯ অতিমাৰীৰ বাবে বিগত দুটা বছৰত দেশবাসী লকডাউনৰ সৈতে অভ্যস্ত হৈ পৰিছিল যদিও শীতৰ আৰম্ভণিৰ লগে লগে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে স্কুল-কলেজ বন্ধ ঘোষণা, চৰকাৰী চাকৰিয়ালৰ বাবে ‘ৱৰ্ক ফ্ৰম হ’ম’ৰ দৰে নিৰ্দেশ প্ৰদান কৰাৰ লগতে ‘লকডাউন’ ঘোষণাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ উল্লেখ্য ইয়াৰ পূৰ্বেও শীতৰ সময়ত দিল্লীৰ অভাৱনীয় বায়ু প্ৰদূষণৰ বাবে ক্ৰিকেটৰ ‘টেষ্ট মেচ’ বাতিল কৰা হৈছিল, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দিল্লী ভ্ৰমণ পিছুৱাই দিয়া হৈছিল৷ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকে খেতি চপোৱাৰ পাছত পথাৰত থকা নৰা, খেৰৰ আৱৰ্জনা পুৰি ৰবিশস্যৰ বাবে কৃষিভূমি প্ৰস্তুত কৰে৷ একেৰাহে দীৰ্ঘসময়ৰ বাবে আৱৰ্জনা পোৰাৰ বাবে এই ধোঁৱাই বায়ুমণ্ডলত এক ডাঠ প্ৰলেপৰ সৃষ্টি কৰে আৰু ভূমিৰ পৰা অলপ ওপৰতে প্ৰদূষিত বায়ু জমা হৈ প্ৰদূষণৰ সৃষ্টি কৰে৷ লক্ষণীয়ভাৱে প্ৰায় একে সময়তে দেৱালী আৰু অন্যান্য উৎসৱ-পাৰ্বণৰ সময়ত আতচবাজী, ফটকা, বোমা আদি ব্যৱহাৰ কৰাৰ বাবে বায়ু ক্ৰমশঃ অধিক প্ৰদূষিত হয় আৰু পৰিস্থিতি অধিক দুৰ্বিসহ কৰি তোলে৷ ইতিমধ্যে দিল্লীৰ এই পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে দিল্লীৰ সমীপৱৰ্তী ৰাজ্যকেইখনতো প্ৰদূষণ হ্ৰাস কৰাৰ বাবে মুখ্যমন্ত্ৰীসকলৰ মাজত বহুলানি আলোচনা অনুষ্ঠিত হৈছে যদিও এই পৰ্যন্ত কোনো সমাধান সূত্ৰ ওলোৱা নাই৷ তদুপৰি দিল্লীৰ সমীপৱৰ্তী গাজিয়াবাদ, নয়দা, ফৰিদাবাদ, গুৰুগ্ৰাম আদি ঔদ্যোগিক অঞ্চলত থকা হাজাৰ হাজাৰ উদ্যোগে এই অস্বাভাৱিক প্ৰদূষণত ইন্ধন যোগাই আহিছে৷ তথাকথিত উন্নয়নৰ নামত যধে-মধে বনাঞ্চল ধবংস, গছ-গছনি কাটি উদ্যোগ স্থাপনৰ ফল দিল্লী আৰn ¸সমীপৰ ৰাজ্যৰ লোকসকলে ভোগাৰ পাছত এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কি ব্যৱস্থা ল’ব তাক লৈ উৱাদিহ পোৱা নাই৷ আনকি পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকলে ৰবিশস্যৰ বাবে কৃষিভূমি উলিওৱাৰ উদ্দেশ্যে নৰা জ্বলাই দিয়াটোক দিল্লী চৰকাৰে দোষাৰোপ কৰিছে যদিও কোনোপক্ষই ইয়াৰ সমাধান কি হ’ব তাক লৈ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণত ব্যৰ্থ হৈছে৷ বিজ্ঞান-প্ৰযুক্তিৰ চৰম উন্নতিৰ সময়ত এনে এটা বিষয়ৰ সমাধান কৰিব নোৱাৰাটো লজ্জাজনক বুলি অভিহিত কৰিব পাৰি৷ ইফালে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ দৰে বিয়াগোম নেতা-বিষয়া, নীতি নিৰ্ধাৰকসকলে বসবাস কৰা ৰাজধানী চহৰ তথা দেশৰ হৃৎপিণ্ড দিল্লীৰ এই ভয়াৱহ প্ৰদূষণৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো কেন্দ্ৰ চৰকাৰৰো এক ব্যৰ্থতা ৰূপে পৰিগণিত হৈছে৷ ভয়াৱহ বায়ু প্ৰদূষণে হাওঁফাওঁ কেন্দ্ৰিক, শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি কৰিছে, দিন দুপৰতে দিল্লীক অন্ধকাৰ নগৰীত পৰিণত কৰিছে, চকু-মুখৰ ৰোগ বৃদ্ধি কৰিছে৷ মহানগৰখনত হোৱা ভয়াৱহ প্ৰদূষণক লৈ উচ্ছতম ন্যায়ালয়েও গভীৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কৃষকসকলে আৱৰ্জনা পোৰা নিয়ন্ত্ৰণত ব্যৰ্থতা, দেৱালীৰ সময়ত আতচবাজীৰ নিয়ন্ত্ৰণক উপেক্ষা কৰা আদিৰ বাবে ভৎৰ্সনা কৰিছে৷ কিন্তু প্ৰশ্ন হ’ল– মহামান্য উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ, ভৎৰ্সনা আদিয়ে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবনে? স্বয়ং দেশৰ নীতি নিৰ্ধাৰণকাৰী, সৰ্বময়কৰ্তাসকল বসবাস কৰা স্থানতে যদি এই হাৰত প্ৰদূষণ হয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে দেশৰ আন নগৰ-মহানগৰসমূহত ই কিমানদূৰ নিয়ন্ত্ৰিত হ’ব সেয়া সহজে অনুমেয়৷জৈৱ-বৈচিত্ৰ্যৰ অন্যতম লীলাভূমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বনজ সম্পদসমূহ দেশৰ বাবেই এক গৌৰৱৰ বিষয়৷ কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য চহৰ গুৱাহাটী এতিয়া ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত৷ গুৱাহাটীৰ বায়ু সূচাংক মান অথবা এয়াৰ কোৱালিটী ইনডেক্স-উদ্বেগজনক৷ দীৰ্ঘকাল জুৰি ফৰলেনযুক্ত পথ নিৰ্মাণৰ কাম অসমত ইমূৰৰ পৰা সিমূৰলৈ চলি থকাৰ বাবে বায়ু প্ৰদূষণ এতিয়া ৰাজ্যৰ প্ৰায়বোৰ নগৰতে বৃদ্ধি পাইছে৷ পথ নিৰ্মাণৰ লগতে অবাধ হাৰত বনধবংস, অন্য উদ্যোগ, প্ৰকল্পৰ ফলত মাটি, গেদ আদিয়ে নদ-নদীসমূহ, খাল-বিল পুতি পেলাইছে৷ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা ওলোৱা অধ্যয়নক পৰিৱেশ সম্পৰ্কীয় আলোচনী ‘ডাউন টু আৰ্থ’-এ প্ৰকাশ কৰি কৈছে যে ২০০১ চনৰ পৰা ২০২০ চনৰ ভিতৰত অসমত ১৪.ৰ শতাংশ বনাঞ্চল হ্ৰাস পাইছে, যি সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক৷ দিল্লীয়ে হওক, উত্তৰ-পূৰ্বাঞ্চলেই হওক পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত বনাঞ্চলৰ ভূমিকা কি তাক বহলাই কোৱাৰ প্ৰয়োজন নাই৷ বিগত কেইবছৰমানত অসমত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন ঘটিছে৷ অক্টোবৰ মাহতো পাৰাস্তম্ভ ৩০ ডিগ্ৰী ছেলছিয়াছৰ ওপৰত আছে৷ অসমত বৰষুণৰ পৰিমাণ এই বছৰত বহু পৰিমাণে হ্ৰাস পালে৷ অসমৰ দৰে এখন কৃষিপ্ৰধান ৰাজ্যত বৰষুণৰ ঘাটিৰ পৰিমাণ ২২ শতাংশ৷ সতৰ্ক চৰকাৰৰ [?] চকুৰ সন্মুখতে অবাধ হাৰত বনধবংস হৈছে, ডবকা, গেৰুকামুখত পথ নিৰ্মাণ, বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবে টাৱাৰ নিৰ্মাণৰ নামত হাজাৰ হাজাৰ গছ কটা হ’ব৷ মুঠতে উন্নয়নৰ নামতে হওক, আন্তঃগাঁথনি নিৰ্মাণৰ নামতে হওক সৰ্বত্ৰ চলিছে বনধবংস, পৰিৱেশৰ অৱক্ষয়৷ দিল্লীৰ পৰা দিছপুৰলৈ সেয়েহে প্ৰদূষণ, জলবায়ুৰ অস্বাভাৱিকতাই জীৱকূললৈ সংকট কঢ়িয়াইছে৷






