Logo
image

কুকুৰে কামুৰিলে শীঘ্ৰেই এইকেইটা কাম কৰক

কুকুৰে ভুকিলে বহুতে আতংকিত হৈ দৌৰিবলৈ আৰম্ভ কৰে৷ এনে কৰিলে কুকুৰৰ কৌতূহল অধিক বৃদ্ধি পায় আৰু দৌৰিবলৈ ধৰা ব্যক্তিজনৰ পিছ লয়৷ এটা সময়ত ব্যক্তিজনক কুকুৰটোৱে আক্ৰমণ কৰে৷ কুকুৰৰ কামোৰ অতি যন্ত্ৰণাদায়ক আৰু মাৰাত্মক৷ ইয়াৰ পৰা জলাতংক ৰোগ হোৱাৰ আশংকা থাকে৷ কুকুৰে কামুৰিলে ৰেবিছ নামৰ এবিধ ভাইৰাছৰ পৰা সৃষ্টি হয় জলাতংক ৰোগৰ৷

জলাতংক আচলতে একপ্ৰকাৰৰ স্নায়ুৰোগ৷ ৰেবিছ ভাইৰাছ কুকুৰৰ লেলাউতিৰ পৰা ওলাই কামোৰা স্থানৰ জৰিয়তে মানুহৰ দেহত প্ৰৱেশ কৰে৷ এনেক্ষেত্ৰত যদি সময়মতে চিকিৎসা গ্ৰহণ কৰিব পৰা নাযায়, তেন্তে জলাতংক ৰোগত আক্ৰান্ত হোৱা লোকজনৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ সেয়েহে কুকুৰে কামোৰাৰ লগে লগে কেইটামান বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ উল্লেখ কৰা হ’ল কুকুৰে কামোৰাৰ পাছতে ল’বলগীয়া পদক্ষেপ সমূহ–

[১] প্ৰথমে কামোৰা স্থানডোখৰ কিছু সময় চেপি ধৰক৷ ইয়াৰ ফলত তেজ ওলোৱা বন্ধ হ’ব৷

[২] এখন পৰিষ্কাৰ টাৱেল বা কাপোৰেৰে ক্ষতস্থান পৰিষ্কাৰ কৰক৷ ইয়াৰ বাবে এণ্টিবেক্টেৰিয়েল চাবোনো ব্যৱহাৰ কৰিব পাৰে৷ ক্ষতস্থানডোখৰ পৰিষ্কাৰ কৰাৰ সময়ত বেছি ঘঁহা-ঘঁহি নকৰিব৷

[৩] ক্ষতস্থানডোখৰত এণ্টিবায়’টিক ক্ৰীম বা ওয়েণ্টমেণ্ট লগাই তাৰ পাছত এডোখৰ কাপোৰেৰে ভালদৰে বান্ধক৷ কুকুৰে কামোৰা স্থানডোখৰ মুক্ত হৈ থাকিলে জীৱাণুৰ সংক্ৰমণৰ আশংকা থাকে৷

[৪] প্ৰাথমিক চিকিৎসাৰ পাছত যিমান পৰা যায় সোনকালে চিকিৎসকৰ কাষ চাপি প্ৰয়োজনবোধে টিটেনাছ বেজী ল’বলৈ নাপাহৰিব৷ কুকুৰে কামোৰাৰ ২৪ ঘণ্টাৰ ভিতৰত এই বেজী লোৱা উচিত৷ পথৰ কুকুৰৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ মানি পৰৱৰ্তী দৰৱ, বেজী তথা অন্যান্য চিকিৎসা গ্ৰহণ কৰিবলৈ নাপাহৰিব৷