দুৰ্নীতিমুক্ত অসম অলীক কল্পনা
শাসন ক্ষমতা দখল কৰিয়েই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ উপৰি দালালৰাজ নোহোৱা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ ইয়াৰ উপৰি গৰুৰ ছিণ্ডিকেট বন্ধ কৰাকে ধৰি ৰাজ্যখনৰ পৰা দুৰ্নীতি-অনিয়ম দূৰ কৰি ৰাজ্যখনক দেশৰ উন্নত পাঁচখন ৰাজ্যৰ এখন কৰাৰ সপোন দেখিছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই সপোন বাস্তৱায়িত হ’বনে? ব্ৰিটিছ শাসনৰ সময়তে ভাৰতত প্ৰশাসনক মাটি-বাৰী সম্পৰ্কীয় বিষয়ৰ লগতে ৰাজহ সংগ্ৰহত সহায়ৰ অৰ্থে বয়োজ্যেষ্ঠ লোকক গাঁওবুঢ়া হিচাপে নিযুক্তি দিছিল৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত গাঁওবুঢ়াৰ পদবীৰ গুৰুত্ব বৃদ্ধিহে পায়, যিহেতু গাঁওবুঢ়াসকলক মাননি দিয়াৰো ব্যৱস্থা কৰে৷ অসমতো গাঁওবুঢ়াসকলক অসম ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এটা অংশৰূপেই গণ্য কৰা হয়৷ তেওঁলোকে সংশি¡ষ্ট গাঁৱৰ মাটি-বাৰী সম্পৰ্কীয় বিবাদ, অপৰাধ আদি নিষ্পত্তিত জিলা প্ৰশাসনক সহায় কৰাৰ উপৰি ৰাজহ সংগ্ৰহতো মৌজাদাৰক সহায় কৰে৷ ইয়াৰ উপৰি সংশি¡ষ্ট অঞ্চলত হোৱা প্ৰাকৃতিক দুৰ্যোগ বা আন সমস্যাৰ সময়তো জিলা প্ৰশাসনক সহায়-সহযোগ কৰে৷ ইয়াৰ উপৰি গাঁওবুঢ়াৰ দায়িত্ব হ’ল সংশ্লিষ্ট অঞ্চলটোৰ জন্ম-মৃত্যুৰ তথ্য সংগ্ৰহ কৰা৷ কোনজন লোক কেতিয়া জন্মগ্ৰহণ কৰিলে বা কোনজন লোকৰ কেতিয়া মৃত্যু হ’ল তাৰ তথ্যও গাঁওবুঢ়াই ৰখা দৰকাৰ৷ তদুপৰি গাঁওবুঢ়াৰ ‘প্ৰমাণ-পত্ৰ’ দিয়াৰ ক্ষমতাই গাঁওবুঢ়াক এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ পদবীৰূপে প্ৰতিষ্ঠা কৰিছে৷ কিয়নো গাঁওবুঢ়াৰ প্ৰমাণ-পত্ৰখনেই স্থায়ী বাসিন্দাৰ প্ৰাথমিক দলিল৷ গাঁওবুঢ়া অৰ্থাৎ বৰ্তমানৰ গাঁওপ্ৰধানে অপৰাধ-দুৰ্নীতি নিয়ন্ত্ৰণত জিলা প্ৰশাসনক সহায়-সহযোগ কৰাৰ বাবে তেওঁলোকক জিলা প্ৰশাসনৰ চকু-কাণ আৰু নাক বুলিও অভিহিত কৰা হয়৷ কিয়নো কোনো এটা অঞ্চলত কিবা ঘটনা সংঘটিত হ’লে তাৰ প্ৰথম খবৰ পোৱা প্ৰশাসনৰ লগত সম্পৰ্কিত লোকজনেই হ’ল গাঁওবুঢ়া৷ কিন্তু বৰ্তমান বহুক্ষেত্ৰত প্ৰশাসনৰ চকু-কাণ-নাকৰূপে অভিহিত গাঁওবুঢ়াসকলৰ অৰ্থাৎ এতিয়াৰ নতুন নাম ‘গাঁওপ্ৰধান’সকলৰ কিমানে নিষ্ঠা আৰু সততাৰে পালন কৰিছে, সেয়াহে বিচাৰ্যৰ বিষয়৷ পূৰ্বে গাঁৱৰ গাঁওবুঢ়াৰ প্ৰতি মানুহৰ যি ধাৰণা আছিল এতিয়া সেই ধাৰণা সলনি হৈছে৷ যিহেতু গাঁওবুঢ়াসকলে চৰকাৰৰ ফালৰ পৰা মাহে মাননি পায়, আৰু বিভিন্ন অজুহাতত ধন ঘটাৰ পথ আছে, সেয়ে এতিয়া গাঁওবুঢ়াৰ পদবীক লৈও এচামে চলায় দৰদাম৷ ধন লৈ গাঁওবুঢ়া নিযুক্তি দিয়াৰ অভিযোগ বিভিন্ন সময়ত উঠি আহিছে৷ গাঁওবুঢ়াৰ একোটা পদৰ বাবে সম্প্ৰতি ৩০-৬৫ বছৰৰ লোকে আৱেদন কৰিব পৰাৰ ফলত পূৰ্বৰ বয়োজ্যেষ্ঠ গাঁওবুঢ়াৰ ঠাইত এতিয়া যুৱসমাজৰ হাতলৈ এই পদ গৈছে৷ এক লাখ টকাৰ পৰা জ্ঝ লাখ টকাপৰ্যন্ত এটা গাঁওবুঢ়া পদবীৰ বাবে ধন খৰচ কৰাৰো বাতৰি বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছে৷ ধন দি গাঁওবুঢ়া পদ লোৱা এইসকল লোকে গাঁৱৰ কি উন্নয়ন সাধিব? জিলা প্ৰশাসনৰ চকু-কাণ আৰু নাক বুলি অভিহিত কৰা এই স্তৰতেই যদি দুৰ্নীতি হয়, তেন্তে ৰাজ্যৰ পৰা দুৰ্নীতি নিৰ্মূল কৰা সম্ভৱ হ’বনে? উল্লেখ্য, অসমত প্ৰায় ৬ লাখ গাঁওবুঢ়া আছে৷ এইসকলৰ বহুজনে হয়তো নিষ্ঠাৰে আৰু সততাৰে ৰাইজৰ সেৱা আগবঢ়াই আছে, কিন্তু বহুজনে আকৌ দুৰ্নীতি-অনিয়মৰ লগত আকণ্ঠ নিমজ্জিত হৈছে৷ বহু অঞ্চলত গাঁওবুঢ়াৰ জ্ঞাতসাৰেই অসামাজিক কাৰ্য সংঘটিত হৈ আছে আৰু এইবোৰৰ পৰা ধন পোৱাৰ বাবে তেওঁ দেখিও নেদেখা, শুনিও নুশুনাৰ ভাও ধৰি অবাধ হাৰত দুৰ্নীতি কৰিবলৈ প্ৰৰোচিত কৰিছে৷ তদুপৰি গাঁওবুঢ়াসকলেই প্ৰমাণ-পত্ৰ দি বিদেশীকো স্বদেশী কৰিব পাৰে, কিয়নো তেওঁলোকে দিয়া প্ৰমাণ-পত্ৰখনেই স্থায়ী বাসিন্দাৰ প্ৰাৰম্ভিক দলিল৷ গতিকে ভোগসৰ্বস্ব সমাজত জাতি-মাটি-ভেটিৰ কথা চিন্তা কৰাতকৈ ধনৰ কথা চিন্তা কৰি বিদেশীক স্বদেশী কৰাটো অসম্ভৱ নহয়৷ হয়তো ইতিমধ্যে এনে ব্যৱস্থাৰ সুযোগ লৈ বহু লোক স্বদেশী হৈ গৈছে৷ দুৰ্নীতিৰ প্ৰতি শূন্যসহনশীল স্থিতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদিহে এই দিশত সতৰ্ক ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে প্ৰশাসনৰ লগত সম্পৰ্কিত প্ৰাথমিক স্তৰতেই দুৰ্নীতি-অনিয়মে সমাজখন ছানি ধৰিব৷






