Logo
image

এছ বি আইৰ নতুন অধ্যক্ষ দীনেশ খাড়া

আমাৰ অসম, ০৮ অক্টোবৰঃ ভাৰতীয় ষ্টেটবেংকৰ নতুন অধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ কৰিছে দীনেশ কুমাৰ খাড়াই৷ আজি দেশৰ সৰ্ববৃহৎ বিত্তীয় প্ৰতিষ্ঠানটোৰ পূৰ্বৰ অধ্যক্ষ ৰজনীশ কুমাৰৰ পৰা খাড়াই অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে৷ উল্লেখ্য যে খাড়াই তিনিবছৰীয়া কাৰ্যকালৰ বাবে ভাৰতীয় ষ্টেটবেংকৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিব৷ স্মৰ্তব্য যে ১৯৮৪ত দীনেশ কুমাৰ খাড়াই ভাৰতীয় ষ্টেটবেংকৰ  এগৰাকী প্ৰৱেছনাৰী বিষয়াৰূপে যোগদান কৰিছিল৷