Logo
image

প্ৰতিবাদৰ নামত অনিৰ্দিষ্টকাললৈ কোনোৱে দখল কৰিব নোৱাৰিব ৰাজহুৱা স্থান

আমাৰ অসম, ০৮ অক্টোবৰঃ ‘কা’ আৰু ‘এন আৰ চি’বিৰোধী আন্দোলনৰ সময়ত দিল্লীৰ শ্বাহীন বাগত প্ৰতিবাদকাৰীয়ে বাট-পথ দখল কৰি প্ৰায় দুমাহ প্ৰতিবাদ কৰি উক্ত অঞ্চলৰ জনজীৱন অস্থিৰ কৰি তুলিছিল৷ গতিকে প্ৰতিবাদকাৰীয়ে শ্বাহীন বাগৰ বাট-পথ বন্ধ কৰি  আন লোকক হাৰাশাস্তি কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি বুধবাৰে উচ্ছতম ন্যায়ালয়ে কয় যে প্ৰতিবাদৰ নামত কোনো লোকে ৰাজহুৱা স্থান অনিৰ্দিষ্টকালৰ বাবে অধিকাৰ কৰি ৰাখিব নোৱাৰে৷ এনে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে প্ৰশাসনে ল’ব পাৰে কঠোৰ ব্যৱস্থা৷ প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ অধিকাৰ প্ৰদান কৰি উচ্ছতম ন্যায়ালয়ে কয় যে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানতহে প্ৰতিবাদ হ’ব লাগিব৷ কেৱল দিল্লীৰ শ্বাহীন বাগেই নহয়, দেশৰ যিকোনো স্থানতে প্ৰতিবাদৰ নামত প্ৰতিবাদকাৰীয়ে ৰাজহুৱা স্থান অধিকাৰ কৰি আন লোকৰ অসুবিধা কৰিব নোৱাৰিব৷ প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানতহে প্ৰতিবাদ সাব্যস্ত হ’ব লাগিব৷ উল্লেখ্য, ‘কা’ আৰু ‘এন আৰ চি’বিৰোধী আন্দোলনৰ সময়ত পশ্চিম দিল্লীৰ শ্বাহীন বাগ এলেকাত প্ৰতিবাদকাৰীয়ে বাট-পথ অধিকাৰ কৰাত তাৰ বাসিন্দাসকল বন্দী হৈ পৰিছিল৷